Logo
image

কল্ডড্ৰিংকছ আৰু ছুইংগামো হ’ব পাৰে শৰীৰৰ ক্ষতিৰ কাৰণ

কল্ডড্ৰিংকছ আৰু ছুইংগাম বহুতৰে প্ৰিয়৷ কিন্তু অত্যধিক ছুইংগাম আৰু কল্ডড্ৰিংকছ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই চলোৱা গৱেষণাত এই বিষয়ে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ গৱেষণাত পোৱা তথ্য মতে কৃত্ৰিম উপায়েৰে প্ৰস্তুত কৰা ছুইটনাৰে কেন্সাৰৰ জীৱাণু বহন কৰে৷ গৱেষকসকলে দাবী কৰা মতে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু বহুল ব্যৱহূত কৃত্ৰিম ছুইটনাৰ এছপাৰটেমত কেন্সাৰৰ জীৱাণু ধৰা পৰিছে৷ এছপাৰটেমৰ নিচিনা কৃত্ৰিম ছুইটনাৰ যিবোৰ খাদ্যবস্তুত ব্যৱহাৰ কৰা হয়, তাৰ পৰা কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ উল্লেখ্য যে এছপাৰটেমৰ দৰে কৃত্ৰিম ছুইটনাৰ আটাইতকৈ বেছি ব্যৱহাৰ হয় কোকাক’লাৰ দৰে কল্ডড্ৰিংকছ বা শীতল পানীয় আৰু মাৰ্ছ একষ্ট্ৰা নামৰ ছুইংগামত৷ এনেবোৰ খাদ্য-পণ্যৰ চাহিদা বিশ্বৰ বজাৰত এতিয়া আটাইতকৈ বেছি৷ অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণাত কোকাক’লা আৰু মাৰ্ছ একষ্ট্ৰা নামৰ ছুইংগামত কেন্সাৰৰ জীৱাণু ধৰা পৰাটো পোহৰলৈ অহাৰ পাছতো এইক্ষেত্ৰত কিন্তু কোম্পানী দুটাই এতিয়ালৈকে কোনো বিবৃতি প্ৰকাশ কৰা নাই৷শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই কি কি খাদ্য বস্তুৰ পৰা মানুহ কেন্সাৰৰ দৰে জটিল ৰোগত আক্ৰান্ত হ’ব পাৰে সেই সম্পৰ্কে এক তালিকা প্ৰস্তুত কৰিছে৷ উক্ত তালিকাত এছপাৰটেমক অন্তৰ্ভুক্ত কৰা হৈছে৷


উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণাকাৰী শাখা ইণ্টাৰনেশ্যনেল এজেন্সী ফ’ৰ ৰিচাৰ্ছ অন কেন্সাৰ অৰ্থাৎ আই এ  আৰ চিৰ গৱেষণাক লৈ পূৰ্বে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল৷ আই এ আৰ চিৰ গৱেষণাত পোৱা তথ্যক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ আন এটি শাখা জি ই চি এফ এ পৰীক্ষা-নিৰীক্ষা চলাই আছে৷ ১৯৮১ চনৰ পৰা জি ই চি এফ এ দাবী কৰা মতে নিতৌ যদি নিৰ্দিষ্ট মাত্ৰাৰ এছপাৰটেম ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে, তেন্তে তাক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই৷ কিন্তু এই মাত্ৰা যদি নিৰ্দিষ্ট পৰিমাণতকৈ অধিক হয়, তেন্তে বিপদ হোৱাটো প্ৰায় নিশ্চিত৷ জি চি এফ এ এইক্ষেত্ৰত এক উদাহৰণ দি কয় যে ৬০ কিলোগ্ৰাম ওজনৰ এজন প্ৰাপ্তবয়স্ক লোকে যদি ১২১ পৰা ৩৬ কেন ডায়েট ছডা পান কৰি থাকে, তেন্তে তেওঁৰ বিপদ হোৱাটো নিশ্চিত৷ সেয়ে ছডা বা কল্ডড্ৰিংকছ পান কৰাৰ পূৰ্বে তাত কিমান পৰিমাণৰ এছপাৰটেম আছে সেয়া জানি লোৱা উচিত৷