Logo
image

প্লাষ্টিক প্ৰদূষণৰ শীৰ্ষত ভাৰত !

বৰ্তমান দৈনন্দিন জীৱনত এক অপৰিহাৰ্য সামগ্ৰী হৈ পৰিছে প্লাষ্টিক৷ শাক-পাচলিৰ বজাৰৰ পৰা কাপোৰ-কানিৰ বিপণী সকলোতে বৰ্তমান পলিথিন বেগৰ বহুল ব্যৱহাৰ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী হিচাপেও প্লাষ্টিকৰ যথেষ্ট সমাদৰ আছে৷ ইয়াৰ মূল কাৰণটো হৈছে, প্লাষ্টিকৰ সামগ্ৰীবোৰৰ মূল্য তুলনামূলকভাৱে কম হোৱাৰ লগতে এই সামগ্ৰীবোৰ সহজে এঠাইৰ পৰা আন ঠাইলৈ অনা-নিয়া কৰাত সুচল৷ নিত্য-ব্যৱহাৰ্য এই প্লাষ্টিকৰ সামগ্ৰীবোৰে প্ৰদূষক হিচাপে কাম কৰাৰ লগতে এইবোৰ জীৱকুলৰ স্বাস্থ্যৰ বাবে হানিকাৰক বুলি জনা সত্ত্বেও পৃথিৱীৰ বহু দেশত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰিব নোৱৰাটো দুৰ্ভাগ্যৰ বিষয়৷ শেহতীয়াভাৱে ব্ৰিটেইনৰ ইউনিভাৰ্ছিটী অৱ লীডছৰ গৱেষণাৰ এটা প্ৰতিবেদনত যি তথ্য প্ৰকাশ পাইছে সেয়া ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ প্ৰতিবেদনটোত কোৱা হৈছে যে ভাৰত হৈছে বৰ্তমান বিশ্বৰ সৰ্বাধিক প্লাষ্টিক প্ৰদূষণ সৃষ্টি কৰা দেশ৷ প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে  বিশ্বত প্ৰতিবছৰে প্ৰায় ৫ লাখ ৭০ লাখ টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়, আৰু যিবোৰ দেশত সৰ্বাধিক প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি হয়, সেই দেশবোৰৰ আগস্থানত ভাৰতৰ লগতে নাইজেৰিয়া, ইণ্ডোনেছিয়া, চীন আৰু পাকিস্তানৰ দৰে দেশ আছে৷ চীন এটা সময়ত এই তালিকাৰ শীৰ্ষত আছিল যদিও এই প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰাৰ ক্ষেত্ৰত দেশখনে লোৱা ইতিবাচক পদক্ষেপৰ বাবে শেহতীয়াভাৱে শীৰ্ষস্থানৰ পৰা চতুৰ্থ স্থানলৈ অৱনমন ঘটিছে চীনৰ৷ ভাৰতৰ ক্ষেত্ৰত দেখা যায় যে দেশখনত ২০২২ চনত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ সংশোধিত নীতি কাৰ্যকৰী কৰা হৈছিল, য’ত ১৯ প্ৰকাৰৰ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, বিক্ৰী  আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল৷ কিন্তু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ভাৰতত  প্লাষ্টিক প্ৰদূষণৰ প্ৰায় ৫৩ শতাংশৰ কাৰক হৈছে অসংগৃহীত  গোটা  আৱৰ্জনা আৰু ৩৮ শতাংশৰ বাবে দায়ী হৈছে মুকলি ঠাইত আৱৰ্জনাবোৰ পুৰি পেলোৱা ব্যৱস্থা৷ দেশত সৃষ্টি হোৱা প্লাষ্টিক আৱৰ্জনাৰ প্ৰায় ৯৫ শতাংশ সংগ্ৰহ কৰা হয় বুলি চৰকাৰে দাবী কৰে যদিও ইউনিভাৰ্ছিটী অৱ লীডছৰ গৱেষকৰ প্ৰতিবেদনত কোৱা হৈছে যে প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যি তথ্য দাঙি ধৰিছে, সেই তথ্যত গ্ৰামাঞ্চলক সাঙুৰি লোৱা হোৱা নাই৷ গ্ৰামাঞ্চলৰ অসংগৃহীত পেলনীয়া সামগ্ৰী আৰু মুকলি ঠাইত প্লাষ্টিক আৱৰ্জনা পুৰি পেলোৱাৰ তথ্য আহৰণ কৰিব নোৱৰাৰ বাবে প্লাষ্টিকসৃষ্ট প্ৰদূষণৰ প্ৰকৃত চিত্ৰ স্পষ্ট নহয়৷ প্লাষ্টিকসৃষ্ট প্ৰদূষণৰ প্ৰকৃত তথ্য জানিবলৈ হ’লে অসংগৃহীত পেলনীয়া সামগ্ৰীৰ তথ্য জনাটো জৰুৰী৷ কিয়নো সঠিকভাৱে আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থা কৰা নহ’লে সৰ্বসাধাৰণৰ সেই সামগ্ৰীবোৰ দ’মাই থোৱা অথবা মুকলি ঠাইত সেইবোৰ জ্বলাই দিয়াৰ প্ৰৱণতা থাকে৷ প্লাষ্টিক সামগ্ৰী জ্বলাই দিলে আৱৰ্জনা হ্ৰাস পায় ঠিকেই, কিন্তু মুকলি ঠাইত সেইবোৰ জ্বলোৱাৰ ফলত তাৰ পৰা ওলোৱা ধোঁৱাই মানৱ শৰীৰৰ ক্ষতি কৰে৷ দাবী কৰা হৈছিল যে ২০২২ চনৰ পৰা পৰ্যায়ক্ৰমে ভাৰতত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ সম্পূৰ্ণ নোহোৱা কৰিব পৰা যাব৷ এইক্ষেত্ৰত আইনো কাৰ্যকৰী কৰা হৈছে৷ কিন্তু দেখা গৈছে যে বিভিন্ন ক্ষেত্ৰত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস পোৱা নাই৷ চৰকাৰৰ নিষেধাজ্ঞাৰ পাছতো ভাৰতত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব নোৱৰাৰ কাৰণ কি বাৰু? প্ৰকৃততে উপযুক্ত বিকল্পৰ অভাৱৰ বাবেই ভাৰতত এনে বহু প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ হৈ আছে, যিবোৰ পুনৰ ব্যৱহাৰযোগ্য নহয়৷ তাৰ উপৰি পেলনীয়া সামগ্ৰী সংগ্ৰহৰ ব্যৱস্থা সঠিক নহ’লে প্লাষ্টিকসৃষ্ট প্ৰদূষণ ৰোধ কৰাটো সম্ভৱ নহ’ব৷ দেশখনত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰাৰ লগতে প্লাষ্টিকৰ আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰাৰ ব্যৱস্থা কৰিলে সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পৰা যাব৷