কিড্নী ষ্টোনৰ পৰা হাত সাৰিবলৈ ভিটামিন চি যুক্ত খাদ্য খাওক
আজি-কালি বহুতকে কিডনী ষ্টোনৰ সমস্যাত ভোগা দেখা যায়৷ শৰীৰ সুস্থ ৰাখিবলৈ হ’লে কিড্নীৰ যতন লোৱাটো অত্যন্ত জৰুৰী৷ কিড্নী ভালে ৰাখিবলৈ কেতবোৰ নিয়ম মানি চলিব লাগে৷ শৰীৰৰ তেজ পৰিশোধনৰ অংগ হৈছে কিড্নী৷ দেহত জমা হোৱা বিভিন্ন ধৰণৰ বৰ্জ্যকিড্নীৰ জৰিয়তে পৰিশোধন হয়৷ কিন্তু কিড্নী বেয়া হ’লে বাচি থকাটোত অনিশ্চিয়তা আহি পৰে৷ অনিয়মীয়া জীৱন-যাপনে কিড্নীটোক সমস্যাত পেলায়৷ এনে এটা সমস্যা হৈছে কিড্নী ষ্টোন৷ শেহতীয়াকৈ কিড্নী ষ্টোন হোৱা ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ কিড্নী ষ্টোনটোৰ আকৃতি যদি একেবাৰে সৰু হয় তেন্তে কোনো বিষ-বেদনা অবিহনে তাক দেহত ৰাখিব পৰা যায়৷ কিন্তু ষ্টোনৰ আকৃতি ডাঙৰ হ’লে ৰোগী বিষত থাকিব নোৱাৰা হয়৷ কিড্নী ষ্টোন হ’লে কেতবোৰ লক্ষণে দেখা দিয়ে৷
উল্লেখ কৰা হ’ল তেনে লক্ষণসমূহ
(১) প্ৰস্ৰাৱ ৰঙা হয়৷
(২) বমি ভাব হয়৷ কেতিয়াবা কেতিয়াবা বমিও হয়৷
(৩) কঁকালৰ পিছফালে বিষ অনুভৱ হয়৷ এই বিষ অতি যন্ত্ৰণাদায়ক আৰু দীৰ্ঘস্থায়ী হয়৷ বিষ কিড্নীৰ অৱস্থানৰ পৰা তলপেটলৈ বিয়পি পৰে৷
কিড্নী ষ্টোন হোৱাৰ কাৰণ :কিড্নী ষ্টোন হোৱাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ কিন্তু কিছুমান কাৰণত কিড্নী ষ্টোন হ’ব পাৰে৷
সেই কাৰণবোৰ যেনে–
(১) শৰীৰত পানীৰ পৰিমাণ কমি গ’লে অথবা পানী কমকৈ খালে কিড্নী ষ্টোন হ’ব পাৰে৷
(২) বাৰে বাৰে কিড্নীত ইনফেকচন হ’লেও এই সমস্যা হ’ব পাৰে৷
(৩) অত্যধিক গাখীৰ, পনীৰ অথবা দুগ্ধজাত খাদ্য খালেও কিড্নী ষ্টোন হয়৷
(৪) শৰীৰত মাত্ৰাধিক কেলছিয়াম থাকিলেও কিড্নী ষ্টোন হ’ব পাৰে৷
সতৰ্কতা :
১) কিড্নী ষ্টোনৰ আশংকা এৰাই চলিবলৈ হ’লে প্ৰচুৰ পৰিমাণে পানী খাব লাগিব৷
২) কেতিয়াও প্ৰস্ৰাৱ চেপি নাৰাখিব৷
৩) প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ যুক্ত খাদ্য খাওক৷
৪) গাখীৰ, পনীৰ বা দুগ্ধজাত খাদ্য অত্যধিক খোৱাৰ পৰা বিৰত থাকক৷
৫) বাৰে বাৰে প্ৰস্ৰাৱত ইনফেকচনে দেখা দিলে চিকিৎসকৰ পৰামৰ্শৰ্ লওক৷