বিত্তীয় অপৰাধ আৰু চৰকাৰ
বিগত এটা মাহ ধৰি অসমৰ জনগণক ব্যতিব্যস্ত কৰি ৰখা বিষয়টো হৈছে ট্ৰেডিঙৰ নামত চলা বিত্তীয় অপৰাধ৷ কেইজনমান অসমীয়া যুৱকৰ পৰিকল্পনাত পাৰি লোৱা জালত ভৰি দিলে ৰাজ্যৰ বহুতো নাগৰিকে আৰু হেৰুওৱাৰ উপক্ৰম হৈছে হাতৰ সাঁচতীয়া ধন৷ খুব কম সময়ৰ ভিতৰত বিনিয়োগ কৰা টকাৰ ওপৰত বৃহৎ মুনাফা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া চতুৰ যুৱকৰ প্ৰৱঞ্চনাৰ জালখনত ভৰি দিয়া ৰাজ্যৰ এচাম ব্যক্তিৰ ভৱিষ্যৎ বৰ্তমান অন্ধকাৰ৷ অসমৰ্থিত সূত্ৰ মতে, বিগত দুটা বৰ্ষত ট্ৰেডিঙৰ নামত চলা এই প্ৰৱঞ্চনাৰ বজাৰখনত বিনিয়োগ কৰা মূলধনৰ পৰিমাণ হ’ব প্ৰায় ২২,০০০ কোটি টকা৷ যিকেইজন যুৱক-যুৱতীৰ দ্বাৰা এই ব্যৱসায়টো চলোৱা হৈছিল, তেওঁলোকৰ নাছিল ছেবিৰ (Securities and Exchange Board of India) অনুজ্ঞাপত্ৰ৷ নামত আছিল ট্ৰেডিং, কিন্তু কামত আছিল প্ৰৱঞ্চনাৰ দ্বাৰা মানুহক লুণ্ঠন কৰা৷ ৰাজ্যৰ বিভিন্ন স্থানত চলা এনেবোৰ কু-কাণ্ডৰ অনুসন্ধানৰ প্ৰক্ৰিয়াত বৰ্তমান নিয়োজিত হৈছে ৰাজ্যৰ আৰক্ষী বিভাগ, আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে কেইবাজনো ফুলকুমলীয়া যুৱক৷গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ৰাজ্যত এখন চৰকাৰ থকাৰ পাছতো কেনেকৈ সংঘটিত হ’ব পাৰিলে ট্ৰেডিঙৰ নামত চলা এই বৃহৎ দুন¹তি? বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বিভাগক নিজস্বভাৱে গোচৰ পঞ্জীয়ন কৰি ট্ৰেডিঙৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে যদিও ৰাজ্যবাসী যেন সুখী হোৱা নাই৷ ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰা এচামক ধৰিব পৰা নাই আৰক্ষীয়ে আৰু সাধাৰণ নাগৰিকৰ মনত সন্দেহৰ অৱকাশ ঘটিছে আৰক্ষীৰ ভূমিকাত৷ প্ৰচাৰিত বাতৰি মতে, এচাম ৰাজনৈতিক নেতা, আৰক্ষীৰ বিষয়াও জড়িত আছিল ট্ৰেডিঙৰ নামত চলা প্ৰৱঞ্চনাৰ বজাৰখনত৷ কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত যেন শামুকীয়া হৈছে আৰক্ষীৰ অনুসন্ধান৷ প্ৰশ্নটো হৈছে, ৰাজ্যৰ বিত্ত বিভাগটোৰ দায়িত্ব অকল চৰকাৰৰ কৰ-কাটল সংগ্ৰহ কৰাটোৱেই নেকি? ট্ৰেডিঙৰ নামত চলা কোটি টকীয়া ব্যৱসায়টোৰ কথা কিয় গম নাপালে ৰাজ্যৰ বিত্ত বিভাগে? অসমত ট্ৰেডিঙৰ উপৰি বহুতো ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানে ৰাজ্যৰ নাগৰিকক কৰি আহিছে প্ৰৱঞ্চনা৷ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আদি ৰাজ্যত মুখ্য কাৰ্যালয় খুলি অসমত নাগৰিকৰ পৰা জমা সংগ্ৰহ কৰা এনেবোৰ বিত্তীয় প্ৰতিষ্ঠান নিশাটোৰ ভিতৰতে উধাও হয় ৰাজ্যৰ পৰা৷ প্ৰৱঞ্চনাৰ দ্বাৰা দুখীয়া নাগৰিকৰ পৰা সংগ্ৰহ কৰা জমা পুঁজি লৈ উধাও হোৱা তেনেবোৰ ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানক নাকী লগোৱাটোত কিয় অপাৰগ ৰাজ্যৰ বিত্ত বিভাগ?অসম চৰকাৰৰ বিত্ত বিভাগৰ চকুৰ আগতেই চলি থকা এনেবোৰ প্ৰৱঞ্চনাৰ বজাৰ বন্ধ কৰাৰ দায়িত্ব বিভাগটোৰেই৷ কেইজনমান প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰাটোৱে শেষ কৰিব নোৱাৰে এনেবোৰ কু-কৰ্মক৷ সাধাৰণ নাগৰিকক এক সুৰক্ষিত বিত্তীয় বজাৰ দিব পৰাটো ৰাজ্য চৰকাৰৰ সফলতা বুলি গণ্য কৰা হয়৷ অসমত চলা এনেবোৰ ট্ৰেডিঙৰ বেপাৰ হিন্দীবলয়ৰ ৰাজ্যসমূহতো প্ৰত্যক্ষ কৰা যায় যদিও দক্ষিণৰ ৰাজ্যসমূহত নাই অৱস্থিতি৷ ৰাজ্য চৰকাৰৰ নখদৰ্পণত থকা বিত্তীয় প্ৰতিষ্ঠানসমূহে দক্ষিণৰ ৰাজ্যসমূহত এটকাও সংগ্ৰহ কৰিব নোৱাৰে৷ অথচ অসমত এগৰাকী নৃত্য শিল্পীয়ে মিছা প্ৰলোভনেৰে সংগ্ৰহ কৰিলে আনুমানিক দুহাজাৰ কোটি টকা৷ ৰাজ্য চৰকাৰে বৰ্তমান আৰক্ষীৰ এটা বিশেষ অনুসন্ধান কোষ গঠন কৰি অনুসন্ধানৰ দায়িত্ব অৰ্পণ কৰিছে যদিও সুখী নহয় সাধাৰণ নাগৰিক৷ অসমৰ বিত্তীয় বজাৰখনৰ নিয়ন্ত্ৰণৰ স্বাৰ্থত সৰৱ হওক ৰাজ্য চৰকাৰ৷ ট্ৰেডিঙৰ এই দুন¹তিৰ বজাৰখনৰ অনুসন্ধানৰ দায়িত্ব আয়কৰ বিভাগ আৰু এনফ’ৰ্চমেণ্ট বিভাগত শীঘ্ৰে অৰ্পণ কৰক৷ অসমত চলি থকা প্ৰতিটো ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ কাম-কাজৰ অনুসন্ধান কৰক চৰকাৰে৷ ট্ৰেডিঙৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানবোৰক নিৰ্দেশ দিয়ক অনুজ্ঞাপত্ৰ প্ৰদৰ্শন কৰিবলৈ৷ ৰাজ্যৰ মহাবিদ্যালয়বোৰত ছাত্ৰ-ছাত্ৰীৰ জ্ঞাতাৰ্থে বিত্তীয় সজাগতা সভা অনুষ্ঠিত কৰক চৰকাৰে৷ অন্যথা এনেবোৰ প্ৰৱঞ্চনাৰ বজাৰ বন্ধ কৰাত ব্যৰ্থ হ’ব ৰাজ্য চৰকাৰ৷