Logo
image

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে এইবিধ চালাড খাওক

বিশ্বৰ বেছিসংখ্যক লোকৰেই ডায়েবেটিছৰ সমস্যা আছে৷ ভাৰতৰো বহুসংখ্যক লোক ডায়েবেটিছত আক্ৰান্ত৷ সেয়ে বেছিদিন সুস্থ থাকিবলৈ হ’লে খোৱা-লোৱাৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত৷ পুষ্টিবিদ নিখিল ভাটছৰ মতে ডায়েবেটিছৰ সমস্যা থকাসকলে এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰযুক্ত খাদ্য খোৱা উচিত৷ এনে খাদ্যই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ ডায়েবেটিছত আক্ৰান্ত হোৱাসকলে কিবা নহয় কিবা এটা খাই থাকিব লাগে৷ বিশেষকৈ দৈনিক দুপৰীয়াৰ আহাৰৰ পূৰ্বে ভোক নিবাৰণৰ বাবে ডায়েবেটিছ ৰোগীয়ে এইবোৰ খাদ্য খাব পাৰে–

১) বাদাম, কোমোৰাৰ বীজ, কাজু, তিল, ফ্লেক্সচীড আৰু আখৰোট একেলগে মিহলাই ত্ৰিফলাৰ দৰে এবিধ ঔষধ প্ৰস্তুত কৰি ল’ব পাৰে৷ ইয়াত থকা ফাইবাৰ, প্ৰ’টিন আৰু এণ্টিঅক্সিডেণ্টযুক্ত উপাদানসমূহে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷

২) কেঁচা চালাড খোৱাটো সকলোৰে বাবে উপকাৰী৷ বিশেষকৈ বিলাহী, ধনিয়া পাত আৰু নেমুৰ ৰস মিহলাই প্ৰস্তুত কৰা চালাড খাব পাৰে৷

৩) ঋতু অনুসৰি বজাৰত উভৈনদী হৈ পৰা ফল-মূল খাব পাৰে৷ বিশেষকৈ মৌচুমী জাতীয় ফল, য’ত উচ্ছ মাত্ৰাৰ ফাইবাৰ থাকে আৰু কম পৰিমাণে গ্লাইচেমিক সূচক থাকে, তেনে ফলে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷ কিন্তু আম বা আনাৰস জাতীয় ফল খোৱাৰ পৰা বিৰত থাকিব৷ এই দুবিধ ফলে তেজত শৰ্কৰা বৃদ্ধি কৰে৷

৪) ফাইবাৰযুক্ত সকলো পাচলি ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী৷ এই ক্ষেত্ৰত পালেং শাক আৰু বন্ধাকবি খাব পাৰে৷ বন্ধাকবি আৰু পালেং জুচ বনাইও খাব পাৰে৷