Logo
image

নাগালেণ্ডত ৮ দিনে নাই এজনো নতুন কৰ’না আক্ৰান্ত

'আমাৰ অসম' ২৩ মাৰ্চঃ  দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যা বাঢ়িলেও উত্তৰ-পূবৰ ৰাজ্য নাগালেণ্ডত বিগত ৮ দিনে এজনো লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হোৱা নাই৷ এয়া ৰাজ্যখনৰ বাবে অতি ভাল খবৰ৷ উল্লেখ্য, ৰাজ্যখনত এতিয়ালৈকে মুঠ ১২,২২৫জন লোক আক্ৰান্ত হৈছে যদিও ইয়াৰে ১১,৯৭৮জন লোক আৰোগ্য হয়৷ ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্পনা বিভাগৰ সঞ্চালক ডাঃ ডেনিছ হেংছিঙে এই কথা প্ৰকাশ কৰে৷ বিগত ৮ দিনে এজনো ক’ভিড ৰোগী নোহোৱাত ৰাজ্য চৰকাৰে স্বস্তিৰ নিশ্বস পেলাইছে৷ এতিয়া মাত্ৰ দুজন কৰ’না ৰোগীহে ৰাজ্যখনত চিকিৎসাধীন হৈ আছে৷