Logo
image

কোনো মৰে হাড়ে-ছালে, কোনো মৰে মঙহৰ ভাৰে

জ্ঞানীজনে মানুহক ভোগ কৰোঁতে সতৰ্ক হ’বলৈ আহ্বান জনাইছে৷ কাৰণ আমাৰ এখনেই মাত্ৰ পৃথিৱী আৰু এই পৃথিৱীৰ সম্পদৰ পৰিমাণ সীমিত৷ এই সীমিত সম্পদেৰে ৮২০ কোটি মানুহৰ সপোনৰ ভাৰ বৈ পৃথিৱী আজি ভাৰাক্ৰান্ত৷ জধে-মধে ভোগ কৰি পৃথিৱীৰ সম্পদৰ তলি উদং কৰিলে মানুহৰ কি অৱস্থা হ’ব?১৯০০ চনত পৃথিৱীত ১৬০ কোটি মানুহ আছিল৷ আজি এই সংখ্যা ৮২০ কোটি৷ ২০৫০ চনত এই সংখ্যা ৯৭০ কোটি হ’ব৷ আচলতে পৃথিৱীয়ে যিমান মানুহৰ ভাৰ ব’ব পাৰে, তাতকৈ ইতিমধ্যে তিনিগুণ বেছি মানুহ পৃথিৱীত আছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ অৰ্থাৎ এতিয়া যিমান মানুহ আছে সিমান মানুহৰ ভাৰ বৈ সুকলমে চলি থাকিবলৈ এনেকুৱা তিনিখন পৃথিৱীৰ প্ৰয়োজন৷ আমাৰ তিনিখন পৃথিৱী নাই, গতিকে পৃথিৱীখন জনসংখ্যাৰ ফালৰ পৰা বহনক্ষম কৰি ৰাখিবলৈ মানুহৰ সংখ্যা এতিয়াৰ ৮২০ কোটিৰ পৰা ২০০-২৫০ কোটিলৈ কমিব লাগিব৷ কিন্তু জনসংখ্যা ক্ৰমবৰ্ধমান হাৰত বাঢ়িহে আছে৷ এই বৃদ্ধিক  বিশেষজ্ঞসকলে বিস্ফোৰণৰ স’তে তুলনা কৰি ইয়াক জনসংখ্যা বিস্ফোৰণ বুলিছে৷  মানুহে ভাত-কাপোৰৰ বাবে পৃথিৱীৰ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিব লাগে৷ এতিয়া বিজ্ঞান-প্ৰযুক্তিয়ে যি আধুনিক জীৱন যাত্ৰা সম্ভৱ কৰি তুলিছে, সেই তথাকথিত উন্নত জীৱন যাত্ৰাৰ বাবে অধিক সম্পদ ব্যৱহাৰ কৰিব লাগে৷ আধুনিক জীৱন যাত্ৰাত ব্যৱহাৰ হোৱা প্ৰতিটো উপকৰণ, প্ৰতিটো যন্ত্ৰ সাজিবলৈ লোহা, এলুমিনিয়াম আদি খনিজ পদাৰ্থ আৰু  সেই যন্ত্ৰবোৰ চলাবলৈ শক্তি আৰু ইন্ধন লাগে৷ এই যন্ত্ৰবোৰ আৰু সেইবোৰ চলাবলৈ বিজুলী আৰু জীৱাশ্ম ইন্ধন অৰ্থাৎ পেট্ৰ’ল-ডিজেল অবিহনে আধুনিক জীৱন সম্ভৱ নহয়৷ আগৰ দৰে এতিয়া কেৱল ভাত, কাপোৰ আৰু ঘৰ মানুহৰ মৌলিক প্ৰয়োজন হৈ থকা নাই৷ বিজুলী আৰু জীৱাশ্ম ইন্ধন অৰ্থাৎ শক্তিও মানুহৰ মৌলিক প্ৰয়োজন হৈ পৰিছে৷ ৭০০ কোটি মানুহৰ বাবে আধুনিক জীৱন সম্ভৱ কৰি তুলিবলৈ, ৭০০ কোটি মানুহক শক্তিৰ যোগান ধৰিবলৈ পৃথিৱীখনে নিজৰ বুকু উজাৰি সম্পদ উলিয়াই দি আছে৷ মানুহেও উন্নতিৰ নিচাত মত্ত হৈ পৃথিৱীৰ বুকু উজাৰি সম্পদ উলিয়াই আনিছে৷ ইয়াৰ ফল হৈছে অতি ভয়ংকৰ৷ পৃথিৱীখন ৰুগীয়া হৈ পৰিছে৷ পৃথিৱীখনক জীয়া গ্ৰহ বুলি কোৱা হয়৷ পৃথিৱীখনৰ, প্ৰকৃতিৰ উজাৰি দিব পৰাৰো এটা সীমা আছে৷ পৰিৱেশ এটা জীৱন্ত সত্তা৷ কিন্তু পৃথিৱীৰ অসুখলৈ আওকাণ কৰি আজি সমগ্ৰ বিশ্বৰ মানুহ উন্নতিৰ প্ৰতিযোগিতাত নামিছে৷ সম্পদ আহৰণ, সম্পদৰ পৰিমাণ বৃদ্ধিয়েই যেন আজি দেশবোৰৰ,  জাতিসমূহৰ একমাত্ৰ লক্ষ্য৷ ইয়াৰ ফলত পৃথিৱীৰ কি গতি হৈছে চাবলৈ কাৰো আহৰি নাই৷ বহু বিশেষজ্ঞ আৰু বিজ্ঞানীৰ মতে, বৰ্তমানৰ গতিত যদি পৰিৱেশ নষ্ট হৈ গৈ থাকে, তেনেহ’লে পৰিৱেশ মানুহ জীয়াই থকাৰ বাবে অনুপযোগী হৈ পৰিব আৰু দুটা শতিকাৰ ভিতৰতে মানুহ নামৰ প্ৰজাতিটোৰ বিলুপ্তি ঘটিব৷ এই বিশেষজ্ঞসকলৰ মতে, ইতিমধ্যে আমি সেই সময় পাৰ হৈ আহিছোঁ, যেতিয়ালৈ পৃথিৱীৰ পৰিৱেশৰ ৰোগ উপশমৰ সম্ভাৱনা আছিল৷ এতিয়া আমি যিমানেই ব্যৱস্থা গ্ৰহণ নকৰোঁ কিয় পৃথিৱীৰ অসুখ আৰু ভাল নহয়৷ বায়ুমণ্ডলৰ উত্তাপ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে৷  প্ৰদূষণৰ ফলত চহৰবোৰৰ বায়ু উশাহ লোৱাৰ বাবে অনুপযোগী হৈ পৰিছে৷ আমাৰ ৰাজধানী দিল্লীয়ে পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰদূষিত চহৰৰ খিতাপ লাভ কৰিছে৷ ব্ৰহ্মপুত্ৰ, গংগাৰ দৰে যিবোৰ নদী পৰ্বতৰ হিমবাহৰ পৰা সৃষ্টি হৈছে, সেই নদীবোৰ লাহে লাহে শুকাই আহিছে, কাৰণ এই নদীবোৰ সৃষ্টি হোৱা হিমবাহবোৰ ক্ৰমান্বয়ে গলি শেষ হৈ আহিছে৷ বান, খৰাং, গ্ৰীষ্ম, শীত, ধুমুহা আদিৰ প্ৰকোপ বছৰে বছৰে বাঢ়ি গৈ আছে৷খোৱাপানীৰ অভাৱে মানুহক জুৰুলা কৰিছে৷ পৃথিৱীৰ পৰিৱেশ ধ্বংস হোৱাৰ এনে অলেখ উদাহৰণ দিব পাৰি৷ বিশেষজ্ঞসকলে এটা ভয়ংকৰ ভৱিষ্যতৰ আগজাননী দিছে৷ পৃথিৱীৰ পৰিৱেশ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা প্ৰতিখন দেশৰ প্ৰতিখন চৰকাৰে স্বীকাৰ কৰি লৈছে৷ তাৰপাছতো কিন্তু পৰিৱেশৰ ধ্বংসযজ্ঞ অব্যাহত আছে৷ কিয় এনে হৈছে?পশ্চিম ইউৰোপৰ কেইখনমান দেশ, উত্তৰ আমেৰিকা পৰা আমেৰিকা যুক্তৰাজ্য আৰু কানাডা, আৰু এছিয়াৰ ছিংগাপুৰ, দক্ষিণ কোৰিয়া আদি দুখনমান দেশক বাদ দিলে সমগ্ৰ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰৰ বেছিভাগ মানুহ আজিও দুখীয়া৷ পৃথিৱীৰ সম্পদৰ ৯৫ভাগ মাত্ৰ ২০ভাগ মানুহৰ হাতত আছে৷ গতিকে পৃথিৱীৰ পৰিৱেশ ধ্বংস কৰাৰ বাবে প্ৰধানকৈ জগৰীয়া এই ২০ভাগ মানুহ৷ বাকী ৮০ভাগ মানুহে অতি নিঃকিন জীৱন কটাবলৈ বাধ্য হৈছে৷ তেওঁলোকে পৃথিৱীৰ সম্পদ আটাইতকৈ কমকৈ ব্যৱহাৰ কৰিছে৷বায়ুমণ্ডলৰ তাপ বৃদ্ধি কৰা গেছবোৰক গ্ৰীনহাউছ গেছ বোলা হয়৷ পৃথিৱীৰ পৰিৱেশ বিনষ্ট কৰাত এই গ্ৰীনহাউছ গেছৰ অৰিহণা আটাইতকৈ বেছি৷ পেট্ৰ’ল, ডিজেল আৰু কয়লা পোৰাৰ ফলত এই গ্ৰীনহাউছ গেছ উৎপন্ন হয়৷ ভাৰত আৰু চীনৰ মুঠ বিজুলী শক্তিৰ শতকৰা ৮০ভাগতকৈ বেছি হ’ল তাপবিদ্যুৎ৷ ভাৰত আৰু চীনৰ অৰ্থনীতিক ডিজেল ইকনমী বোলা হয়৷ ডিজেল অবিহনে ভাৰত তথা চীনৰ অৰ্থনীতি নিমিষতে খহি পৰিব৷  গ্ৰীনহাউছ গেছৰ নিৰ্গমন কমোৱাৰ কথা ওলালেই চীন আৰু ভাৰতক উন্নত দেশবোৰে কয়লা আৰু ডিজেলৰ ব্যৱহাৰ কমাবলৈ জোৰ দিয়ে৷ ইফালে, ভাৰত আৰু চীনে নতুনকৈ উন্নয়নৰ বাটত খোজ পেলাইছেহে মাত্ৰ৷ দুয়োখন দেশতে কয়লা আৰু ডিজেলৰ ব্যৱহাৰ দিনে দিনে বাঢ়ি গৈ আছে৷ এতিয়া পৃথিৱীৰ পৰিৱেশ সংৰক্ষণৰ কথা ভাবি কয়লা আৰু ডিজেলৰ ব্যৱহাৰ কমাবলৈ গ’লে এই দুয়োখন দেশৰ উন্নয়নৰ গতি স্থবিৰ হৈ পৰিব৷ গতিকে নিজৰ উন্নয়নৰ স’তে আপোচ নকৰাকৈ চীন আৰু ভাৰতে পৃথিৱীৰ পৰিৱেশ ৰক্ষাৰ কথা চিন্তা কৰিব নোৱাৰে৷ ভাৰত আৰু চীনৰ চৰকাৰ তেনে কৰিবলৈ ৰাজী নহয়৷ পৃথিৱীৰ ভৱিষ্যৎ চিন্তা কৰাতকৈ দুয়োখন দেশৰ চৰকাৰে নিজৰ দেশৰ ভৱিষ্যৎ চিন্তা কৰাতহে আগ্ৰহী৷ তদুপৰি ভাৰতৰ মানুহে যেতিয়া গৰু গাড়ী চলাই আছিল, আমেৰিকা আদি উন্নত দেশৰ মানুহে তেতিয়াই বৃহৎ আকাৰৰ বিলাসী গাড়ী চলাই গ্ৰীনহাউছ গেছ বায়ুত বিয়পাই দিছিল৷ এতিয়াও উন্নত দেশবোৰে যথেষ্ট পৰিমাণে গ্ৰীনহাউছ গেছ নিৰ্গমন কৰি আছে৷ গতিকে ভাৰত চৰকাৰৰ মনোভাব হ’ল যে তোমালোকে ইমানদিনে পৃথিৱীৰ পৰিৱেশ নষ্ট কৰিলা, আমি গাড়ী চলাবলৈ আৰু বিজুলী-চাকি জ্বলাবলৈ শিকিছোঁহে মাত্ৰ৷ এতিয়াই আমি এইবোৰ বন্ধ কৰিব নোৱাৰোঁ৷ অৰ্থাৎ পৰিৱেশ সংৰক্ষণৰ দায়িত্ব প্ৰধানকৈ কাৰ তাকে লৈ তৰ্ক-বিতৰ্কৰ অন্ত নাই৷  মুঠতে পৃথিৱীৰ দেশবোৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আজিও ঐকমত্যত উপনীত হ’ব পৰা নাই৷ ফলত কোনো নিৰাময় ব্যৱস্থা নোলোৱাৰ বাবে পৃথিৱীৰ পৰিৱেশৰ নিতৌ অৱনতি ঘটি আছে৷পৃথিৱীৰ গৰিষ্ঠসংখ্যক মানুহে পৃথিৱীৰ সম্পদৰ নূ্যনতম  প্ৰয়োজনীয়খিনিহে ভোগ কৰিছে৷ বহু সময়ত সেই নূ্যনতমখিনিও তেওঁলোকৰ ভাগ্যত মিলা নাই৷ এমুঠিমান মানুহে পৃথিৱীৰ সমস্ত সম্পদ ভোগ কৰি আছে৷ পৃথিৱীৰ পৰিৱেশ বিনষ্ট হোৱাৰ বাবে, পৃথিৱীৰ অসুখৰ বাবে ধনী দেশবোৰ, ধনী মানুহবোৰ প্ৰধানকৈ দায়ী৷ কিন্তু পৰিৱেশ বিনষ্ট হোৱাৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব সেইসকল লোক যিসকলে পৰিৱেশ বিনষ্ট কৰাত কোনো অৰিহণা যোগোৱা নাই৷ মেৰু অঞ্চলৰ বৰফ গলাৰ ফলত সাগৰপৃষ্ঠ ওপৰলৈ উঠি আহি আছে৷ এনেদৰে ওপৰলৈ উঠি আহি থাকিলে মালদীপ, বাংলাদেশ আদি দেশৰ বিস্তীৰ্ণ অঞ্চল সাগৰত তল যাব আৰু কোটি কোটি মানুহ গৃহহাৰা হ’ব৷ এটা সমীক্ষা মতে, সাগৰপৃষ্ঠ ওপৰলৈ উঠি অহাৰ ফলত বাংলাদেশৰ ৪ কোটিতকৈ অধিক মানুহ গৃহহাৰা হ’ব৷ এই গৃহহাৰা মানুহখিনিয়ে চুবুৰীয়া দেশসমূহলৈ আশ্ৰয়ৰ বাবে ঢাপলি মেলিব৷ অসমো বাংলাদেশৰ চুবুৰীয়া৷ এই দুখীয়া বাংলাদেশীসকল আৰু অসম কিন্তু গ্ৰীনহাউছ গেছ নিৰ্গমনৰ বাবে অলপো দায়ী নহয়৷ চাৰিওফালে সাগৰে আগুৰি থকা মালদ্বীপৰ মানুহ দেশখন সাগৰত তল গ’লে ক’লৈ যাব? পৃথিৱীৰ ৰোগ নিৰাময়ৰ বাবে যিসকলৰ ভোগ কৰাৰ সামৰ্থ্য আছে তেওঁলোকৰ দায়িত্ব আটাইতকৈ বেছি৷ তেওঁলোক ভোগ কৰোঁতে সতৰ্ক হ’বনে?