Logo
image

হাওঁফাওঁ অপৰিষ্কাৰ হ’লে এই উপায়েৰে সকাহ পাব

বিশ্বৰ প্ৰায় ৬৫ মিলিয়ন লোক এতিয়া হাওঁফাওঁৰ সমস্যাত ভুগি আছে৷  ধুমপান আৰু প্ৰদূষণৰ বাবেই এনে সমস্যা হোৱা বুলি বিশেষজ্ঞসকলে উল্লেখ কৰিছে৷ পিছে দেহৰ এই গুৰুত্বপূৰ্ণ অংগক কেইটামান উপায়েৰে সুস্থ কৰি তুলিব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–

১) পৰিষ্কাৰ পানীয় : ডিট’ক্স ৱাটাৰ পানৰ জৰিয়তে দুই-তিনি সপ্তাহ কিম্বা এমাহৰ ভিতৰতে হাওঁফাওঁ সুস্থ কৰি তুলিব পৰা যায়৷ কিছুমান পানীয় যেনে মৌৰ সৈতে গৰম পানী, নেমুৰ চৰৱত, গ্ৰীণ টি, গাজৰৰ ৰস, হালধি আৰু আদাৰ মিশ্ৰণ, কল- পালেং তথা বেৰীৰ পানীয় আদিয়ে  হাওঁফাওঁ সুস্থ ৰখাত সহায় কৰে৷ 

২) ষ্টিমবাথ : সপ্তাহত অন্ততঃ তিনিবাৰ গৰম পানীৰে গা ধোঁৱক বা ষ্টিমবাথ কৰক৷ অৱশ্যে ইয়াৰ বাবে যাতে তাপমাত্ৰা ৯০-১০৫ ডিগ্ৰী ফাৰেনহাইটৰ ভিতৰত থাকে সেয়া নিশ্চিত কৰি ল’ব৷ 



৩) মছলাযুক্ত খাদ্য এৰক : মূলা তথা কিছুমান ভেষজ খাদ্যই হাওঁফাওঁ পৰিষ্কাৰ কৰাত সহায় কৰে৷ কিন্তু এইক্ষেত্ৰত মছলাযুক্ত খাদ্য ত্যাগ কৰিব লাগিব৷ কিছুমান খাদ্য যেনে পনীৰ, মাখন, দৈ, দুগ্ধজাত খাদ্য তথা প্ৰক্ৰিয়াজাত খাদ্যই হাওঁফাওঁৰ শেষ্মা বৃদ্ধি কৰে৷ 

৪) জিভা পৰিষ্কাৰ কৰি ৰাখক : হাওঁফাওঁ পৰিষ্কাৰ কৰি ৰাখিবলৈ হ’লে  মুখৰ স্বাস্থ্যও ভালে ৰাখিব লাগিব৷ ইয়াৰ বাবে নিয়মীয়াকৈ দাঁত ব্ৰাছ কৰক আৰু জিভা পৰিষ্কাৰ কৰি ৰাখক৷ কিয়নো জিভাত জমা হোৱা বেক্টেৰিয়া সহজেই দেহৰ ভিতৰত প্ৰৱেশ কৰি হাওঁফাওঁৰ ক্ষতি কৰে৷

৫) শ্বাস-প্ৰশ্বাসৰ ব্যায়াম : হাওঁফাওঁ প্ৰাকৃতিক উপায়েৰে পৰিষ্কাৰ কৰি ৰাখিবলৈ কেইটামান ব্যায়াম কৰাৰ প্ৰয়োজন৷ এই ব্যায়াম সমূহে হাওঁফাওঁৰ বন্ধ হৈ থকা কোষসমূহ মুকলি কৰি দিয়ে৷ ফলত বায়ু চলাচল উন্নত হয়৷ ইয়াৰ বাবে কান্ধৰ পেশী শিথিল কৰি লওক৷ লাহে লাহে নাকেৰে উশাহ লৈ  মুখ বন্ধ কৰক৷ দীঘলীয়া উশাহ নল’ব৷ এইবাৰ  ওঠ বন্ধ কৰি  চাৰিলৈকে গণনা কৰি লাহে লাহে উশাহ এৰক৷ এই কৌশল দৈনিক চাৰি-পাঁচবাৰ অনুশীলন কৰিলে উপকাৰ পাব৷