Logo
image

কাশ্মীৰক পুনৰ ৰাজ্যৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি মোদীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৫ ছেপ্টেম্বৰঃ জম্মু-কাশ্মীৰৰ ভোটাৰে যদি বিজেপিক ক্ষমতাত অধিষ্ঠিত কৰে, তেন্তে বিজেপি চৰকাৰে জম্মু-কাশ্মীৰক পুনৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কেন্দ্ৰীয় শাসিত প্ৰদেশখনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী অভিযান আৰম্ভ কৰি বাসিন্দাসকলক এই প্ৰতিশ্ৰুতি দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ দিনাই সন্ত্ৰাসবাদী আৰু নিৰাপত্তাবাহিনীৰ মাজত সংঘটিত ভয়াৱহ সংঘৰ্ষত দুজন সেনা শ্বহীদ হোৱাৰ লগতে দুই সন্ত্ৰাসবাদী নিহত হৈছে৷ জম্মু-কাশ্মীৰত নিৰ্বাচনী অভিযানসূচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰক ৩টা পৰিবাৰতন্ত্ৰই ধবংস কৰা বুলি অভিযোগ কৰে৷ 



ডোডাত আয়োজিত নিৰ্বাচনী সভাত মোদীয়ে কয় যে কংগ্ৰেছ, পিডিপি আৰু নেশ্বনেল কনফাৰেন্সে জম্মু-কাশ্মীৰখন ধবংস  কৰি পেলালে৷ তেওঁ কয়– ‘এইবাৰ জম্মু-কাশ্মীৰৰ নিৰ্বাচন হ’ব এই  পৰিবাৰতান্ত্ৰিক দল আৰু যুৱক-যুৱতীৰ মাজত৷ এই পৰিয়ালকেইটাই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদৰ ভেটি স্থাপন কৰিছিল৷ ব্যক্তিগত লাভালাভৰ বাবে তেওঁলোকে সন্ত্ৰাসবাদীক নিৰাপদ আশ্ৰয় প্ৰদান কৰি আহিছে৷ পিছে এতিয়া জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদে শেষ নিশ্বাস লৈ আছে৷’

ইপিনে, মোদীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ পূৰ্বৰে পৰা নিৰাপত্তাবাহিনীয়ে কেন্দ্ৰীয়শাসিত প্ৰদেশখনত ব্যাপক হাৰত অভিযান চলায়৷ কিষ্টৱাৰ, উধামপুৰ, পুঞ্চ, ৰাজৌৰি জিলাত ঠায়ে ঠায়ে নিৰাপত্তাবাহিনীয়ে চলোৱা অভিযানত দুই সন্ত্ৰাসবাদী নিহত হ’লেও দুজন সেনাও শ্বহীদ হৈছে৷ নিহত সেনাৰ এজন হৈছে জুনিয়ৰ কমিছন্‌ড অফিচাৰ৷