Logo
image

অসমৰ পৰিৱৰ্তে বাহিৰত বোমা দিয়ক পৰেশ বৰুৱাই! মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ছেপ্টেম্বৰঃ অসমত নহয়, অসমৰ বাহিৰতহে বোমা দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক এই আহ্বান জনাই কয়– পৰেশ বৰুৱা, আলফাই অসমৰ ভালৰ কাৰণে চিন্তা কৰে বুলি মই নিশ্চিত৷ পথ বেলেগ বেলেগ হ’ব পাৰে৷



তেওঁলোকৰ গান, ভিডিঅ’ ৰেকৰ্ডিং দেখিলে এইটোকে বুজি পাওঁ যে তেওঁলোকে অসম আৰু অসমীয়াক ভাল পায়৷ যদি মই অসম আৰু অসমীয়াক ভাল পাওঁ, তেন্তে অসমত বোম দি কি লাভ৷ যদি বোম দিব লাগে বাহিৰত দিম৷ যদি সেনাৰ কনভয়ক আক্ৰমণ কৰিব লাগে তেন্তে আমি বেলেগ ঠাইত কৰিম৷ অসমত আমি কিয় কৰিম৷ দিছপুৰত যদি বোম দিওঁ, যোৰহাটত যদি বোম দিওঁ ক্ষতি কাৰ হ’ব? অসম আৰু অসমীয়াৰহে ক্ষতি হ’ব৷ যিখন ৰাজ্যৰ কাৰণে আলফাই মৰণপণ সংকল্প লৈছে, যিখন ৰাজ্যৰ কাৰণে ১০ হাজাৰ লোক শ্বহীদ হৈছে, সেইখন ৰাজ্যত তেজৰ ফাঁকু খেলি কাৰ লাভ হ’ব? অসমত আলফাৰ ৰাজনৈতিক তৎপৰতা থাকক৷ তাত বেয়া নাপাও৷ কিন্তু অসমত সন্ত্ৰাসবাদী কাৰ্যকলাপ থাকিব নালাগে৷