বেদখলকাৰীৰ সমস্যা
২০২১ চনৰ পৰা অসম চৰকাৰে আৰম্ভ কৰা উচ্চেদ অভিযানে মুকলি কৰিছে বহু বেদখলকৃত চৰকাৰী ভূমি৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে লাওখোৱা অভয়াৰণ্যৰ পৰা ইতিমধ্যে চৰকাৰে উচ্চেদ কৰিছে বহুতো নাগৰিকক৷ সত্যটো হৈছে চৰকাৰী ভূমিত অবৈধভাৱে বাসগৃহ নিৰ্মাণ কৰি একো একোখন বৃহৎ গাঁও স্থাপন কৰা এইসকল বেদখলকাৰী এটা বিশেষ ধমীয় সম্প্ৰদায়ৰ৷ চৰকাৰী ভূমিত চৰকাৰে চলোৱা উচ্চেদ অভিযানৰ সন্মুখত নিজৰ বাসগৃহ ৰক্ষাৰ স্বাৰ্থত আৰক্ষীৰ লগত কৰা সংঘৰ্ষত প্ৰাণ হেৰুৱায় প্ৰতিবাদী নাগৰিকে৷ যোৱা এটা সপ্তাহ ধৰি কামৰূপ (গ্ৰাম্য) জিলাৰ অন্তৰ্গত সোণাপুৰত থকা এটা জনজাতিৰ বাবে সংৰক্ষিত অঞ্চলত উচ্চেদ অভিযান চলোৱা চৰকাৰী বাহিনী আৰু বেদখলকাৰীৰ মাজত হোৱা সংঘৰ্ষত ইতিমধ্যে নিহত হৈছে তিনিজন বেদখলকাৰী আৰু সংঘৰ্ষত দুয়োপক্ষৰে হতাহতৰ সংখ্যা প্ৰায় পঞ্চাশজন৷প্ৰশ্নটো হৈছে বেদখলকাৰীসকলক সংস্থাপন দিয়া প্ৰকৃত অপৰাধীসকল কোন? চৰকাৰীভাৱে প্ৰকাশিত তথ্যমতে, এচাম দালালে জনজাতিৰ বেল্টৰ মাটিত গোপনে বাসগৃহ নিৰ্মাণ কৰিছিল আৰু পৰৱতী সময়ত উক্ত মাটি বিক্ৰী কৰে সংখ্যালঘু নাগৰিকক৷ অসমত ধমীয় সংখ্যালঘু অঞ্চল যেনে মৈৰাবাৰী, ধিং আদি স্থানত ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী হেৰুওৱা এচাম ব্যক্তিয়ে গোপনে প্ৰব্ৰজন কৰিছিল সোণাপুৰৰ জনজাতীয় বেল্টৰ ভূমিলৈ৷ ২০০১ চনৰ পৰা অবৈধভাৱে চৰকাৰী ভূমিত থাকিবলৈ লোৱা এইসকল বেদখলকাৰীৰ প্ৰতি বিগত চৰকাৰসমূহ কিয় নিমাত আছিল তাৰো এক ব্যাখ্যাৰ প্ৰয়োজন৷ ঠিক সেইদৰে চৰকাৰী ভূমিত চৰকাৰী অনুদানৰ ঘৰ কেনেকৈ নিৰ্মাণ হ’বলৈ পালে তাৰো এক অনুসন্ধানৰ প্ৰয়োজন৷অসমত চৰকাৰী ভূমিত বেদখল কাৰ্যৰ এক প্ৰধান কাৰণ হৈছে বৰ্ধিত জনসংখ্যা৷ অসমত প্ৰব্ৰজনৰ জৰিয়তে চৰ-চাপৰি অঞ্চলত খোপনি পোতা ধমীয় সংখ্যালঘু পৰিয়ালবোৰত ব্যাপকভাৱে জনবিস্ফোৰণ ঘটা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে৷ দৰিদ্ৰতাৰ মাজত থকা এইসকল নাগৰিকৰ জনসংখ্যা বৃদ্ধি হোৱাৰ বাবেই অভাৱ ঘটিছে বাসস্থানৰ৷ বানপানীৰ কবলত পৰি প্ৰাণৰ মায়াত পাহাৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰা এইসকল নাগৰিকৰ পৰিয়ালবোৰে কেনেকৈ স্থানীয় এলেকাত ভোটাৰ তালিকাত নামভৰ্তি কৰিব পাৰে তাৰ উত্তৰ চৰকাৰেই দিব লাগিব৷ জনজাতীয় নাগৰিকৰ বাবে সংৰক্ষিত অঞ্চলত বেদখল উচ্চেদ কৰিবলৈ গ’লেই কাৰ সাহসত আৰক্ষীৰ লগত যুদ্ধ কৰিবলৈ দলেবলে ওলাই আহে বেদখলকাৰী? বেদখলকাৰীৰ স্বাৰ্থত অসমৰ সকলো সংৰক্ষিত ভূমিৰ সংৰক্ষণ প্ৰত্যাহাৰ কৰিব লাগিব নেকি চৰকাৰে? এনেবোৰ প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূূহৰ স্থিতি স্পষ্ট নোহোৱাটোৱেই বুজাই দিয়ে বহুতো কথা৷ অসমৰ ভূমি অসমীয়াৰ বাবেই সংৰক্ষিত কিন্তু চৰকাৰী ভূমিৰ বেদখলৰ ক্ষেত্ৰত কিয় প্ৰতিবাদ নকৰে সকলো ৰাজনৈতিক দলে? বে-দখলকাৰীৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ব্যক্তি সংগঠনসমূহৰ প্ৰতি এটাই প্ৰশ্ন– অসমৰ থলুৱা নাগৰিকে সকলোবোৰ দেখি শুনি মৌন হৈ থাকিব নে বেদখলকাৰীৰ স্বাৰ্থৰক্ষাৰ্থে উচ্চেদৰ প্ৰতিবাদ কৰিব? সৰু পৰিয়াল সুখী পৰিয়াল নীতিক ভৰিৰে মোহাৰি ন-দহটা সন্তান জন্ম দিয়া সংখ্যালঘু পৰিয়ালৰ বোজা আজি কোনে বহন কৰিব? চৰকাৰী ভূমিৰ বেদখল কেতিয়াও গ্ৰহণযোগ্য নহয়৷