Logo
image

একেটা লক-আপতে চুমি আৰু প্ৰহেলিকা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১৬ ছেপ্টেম্বৰ : চিআইডিৰ জেৰাত চুমি-তাৰ্কিকে নাম লৈছে বহু প্ৰভাৱশালী ব্যক্তিৰ নাম৷ অনলাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰত অভিযুক্ত   চুমি-তাৰ্কিকক চিআইডিয়ে চলোৱা মাৰাথান জেৰাত প্ৰভাৱশালী ব্যক্তিৰ তালিকাত আছে ৰাজনৈতিক নেতা, প্ৰতিষ্ঠিত চিকিৎসক আৰু ব্যৱসায়ীৰ নাম৷ এইসকল প্ৰভাৱশালী ব্যক্তিক পৰৱৰ্তী সময়ত তদন্তৰ আওতালৈ আনিবনে নাই সেয়া লক্ষণীয় হ’ব৷ অন্যহাতে মহাপ্ৰৱঞ্চক বিশাল ফুকনে চুমিক উপহাৰ দিয়া ৭৬ লাখটকীয়া হীৰাৰ আঙঠিটো হেৰাল৷ মুম্বাইৰ পৰা ক্ৰয় কৰা হীৰাৰ আঙঠিটো বিশালে পাতি লোৱা বায়েক চুমি বৰাক জন্মদিনত উপহাৰ হিচাপে দিছিল৷ চিআইডিয়ে চুমিক চলোৱা জেৰাৰ সময়ত ৭৬ লাখ টকীয়া হীৰাৰ আঙঠিৰ কথাটো সোধাত হেৰাই যোৱা বুলি প্ৰকাশ কৰে৷ কিন্তু বিশালে উপহাৰ দিয়া হীৰাৰ আঙঠিটো ক’ত হেৰাল, কেতিয়া হেৰাল পাহৰি গ’ল চুমিয়ে৷ ভায়েক হিচাপে বায়েকক উপহাৰ হিচাপে বিশালে দিছিল হীৰাৰ আঙঠিটো৷ ইফালে পাঁচদিনৰ আৰক্ষীৰ জিন্মাত থকা চুমি বৰা, ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰা আৰু তাৰ্কিকৰ ভাতৃ অম্লান বৰাক চিআইডিৰ এছ পি সুধাকৰ সিঙে মাৰাথান জেৰা চলাইছে৷ চিআইডিয়ে প্ৰতিদিনে চাৰি ঘণ্টাকৈ জেৰা চলাই থকা হৈছে চুমি, তাৰ্কিক আৰু অম্লান বৰাক৷ জেৰাৰ সময়ত বহু বিস্ফোৰক তথ্য লাভ কৰিছে চিআইডিয়ে৷ বিশালে চুমিৰ সহযোগত কোটি কোটি টকা সংগ্ৰহ কৰিছিল৷ বিশেষকৈ বিশালৰ ডিবি ষ্টক ব্ৰকিঙত বিনিয়োগকাৰীৰ তালিকাত আছে ব্যক্তিগত চিকিৎসক, চৰকাৰী চিকিৎসক, ৰাজনৈতিক নেতা আৰু ব্যৱসায়ী৷ ডিবি ষ্টক ব্ৰকিঙত কোনে কিমান পৰিমাণৰ ধন বিনিয়োগ কৰা হৈছিল সেই তালিকাও চুমিৰ জৰিয়তে প্ৰস্তুত কৰিছে চিআইডিয়ে৷ ইতিমধ্যে চুমিৰ স্বীকাৰোক্তিৰ ভিত্তিত দুজন চিকিৎসকক ডিব্ৰুগড় সদৰ থানালৈ তলব কৰা বুলি জানিব পৰা গৈছে৷ ইফালে তিনিদিনৰ আৰক্ষীৰ জিন্মাত থকা তাৰ্কিক বৰাৰ ভাতৃ অম্লানকো পৃথকে পৃথকে চিআইডিয়ে জেৰা চলাইছে৷ অন্যহাতে চুমিৰ স্বামী তাৰ্কিকে শিৱসাগৰত দুখন চাহ বাগিচা ক্ৰয় কৰা বুলি অভিযোগ উঠিছে৷ য’ত পৰিচালনাৰ দায়িত্বত আছে তাৰ্কিকৰ ভাতৃ অম্লান বৰা৷ সেই বিষয়টোক লৈ চিআইডিয়ে তাৰ্কিকক সোধাত অস্বীকাৰ কৰিছে৷ কেৱল সেয়াই নহয় চিআইডিয়ে জেৰাত চুমিৰ জন্মদিনত বিশালে উপহাৰ দিয়া ২ লাখ টকীয়া টেডি বিয়েৰৰ প্ৰসংগও উলিয়াইছিল৷ আনহাতে চিআইডিৰ প্ৰতিটো জেৰাত চুমিয়ে দোষ ঠেলিছে পাতি লোৱা ভায়েক বিশাল ফুকনলৈ৷ আজি সন্ধিয়াৰ ভাগতো চুমি, তাৰ্কিক আৰু অম্লানক চলাইছে মাৰাথান জেৰা৷ চিআইডিৰ এছ পি সুধাকৰ সিঙে জেৰাৰ সময়ত ব্যৱহাৰ কৰা হৈছে ভিডিঅ’ কেমেৰা৷ কেমেৰাৰ সন্মুখতে চিআইডিক দিছে বহু বিস্ফোৰক তথ্য৷ ২২০০ কোটি টকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰত বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে৷ 



লকআপত ভাত-ৰুটি এৰি চিকেন পোলাও খাইছে চুমি-তাৰ্কিকে

পাঁচদিনৰ ডিব্ৰুগড় আৰক্ষীৰ জিন্মাত থকা চুমি বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাই আজি তিনিদিন কটালে ডিব্ৰুগড় লকআপত৷ ভাত আৰু ৰুটি বাদ দি চুমি-তাৰ্কিকে খাইছে চিকেন পোলাও৷ জিমখানা ক্লাৱতে বিলাসী ব্ৰেকফাষ্ট কৰা চুমি-তাৰ্কিকে লকআপৰ ভিতৰত ভালদৰে গ্ৰহণ কৰিব পৰা নাই খাদ্য৷ উৎকট গৰম আৰু ম’হৰ উৎপাতে নিশা টোপনি কাঢ়িছে চেলিব্ৰেটী দম্পতীৰ৷ এখন কম্বলকে সম্বল হিচাপে লৈ লকআপৰ ভিতৰত অসহ্যকৰ সময় কটাইছে চুমিয়ে৷ ইফালে স্নান কৰিব পৰা নাই তেওঁ৷ আৰক্ষীয়ে আটক কৰাৰ পাছত চুমিয়ে জিমখানা ক্লাৱৰ বিলাসী কোঠাতে স্নান কৰিছিল৷ 

চুমিৰ অডিঅ’ ভাইৰেল

সামাজিক মাধ্যমত ভাইৰেল হৈছে চুমি বৰাৰ অডিঅ’৷ ইণ্টেৰিঅ’ ডিজাইনাৰ কৰিশ্মা কাকতিৰে হোৱা কথোপকথনৰ অডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ অডিঅ’টোত স্পষ্টভাৱে প্ৰকাশ পাইছে ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিৰে সংঘাতৰ কথা৷ ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিয়ে চুমিৰ ডান্স একাডেমী আৰু বিশালৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টটো ইণ্টেৰিয়ৰ ডিজাইন কৰিছিল৷ চুমিৰ বাণীপুৰস্থিত ডান্স একাডেমীৰ ডিজাইনাৰৰ নামত ৪০ লাখ টকা লৈছিল ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মা কাকতিয়ে৷ বিশালে তদন্তকাৰী আৰক্ষী বিষয়াক দিয়া স্বীকাৰোক্তিৰ কথা অস্বীকাৰ কৰিছে কৰিছে কৰিশ্মাই৷ ইফালে প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ডিজাইনিঙৰ নামতো বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগ উঠিছে কৰিশ্মাৰ বিৰুদ্ধে৷ এই বিষয়টোক লৈয়েই কৰিশ্মাৰ সৈতে ফোনযোগে কাজিয়া হৈছিল চুমিৰ৷ আনকি ভাইৰেল হোৱা অডিঅ’ত চুমিয়ে কৰিশ্মাৰ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ অভিজ্ঞতাক লৈয়ো প্ৰশ্ন তুলিছিল৷ 

ডিব্ৰুগড় সদৰ থানাৰ লক-আপত চুমি-প্ৰহেলিকা

শৈশৱৰ প্ৰেমিকৰে মিলি স্বামীক নৃশংসভাৱে হত্যা কৰা প্ৰহেলিকা বৰুৱা আৰু অনলাইন ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্ত চুমি বৰা ডিব্ৰুগড় সদৰ থানাৰ লকআপত একেলগে আছে৷ প্ৰেমিকৰে মিলি স্বামী মাধুৰ্য বৰুৱাক নৃশংসভাৱে হত্যা কৰা প্ৰহেলিকা বৰুৱাক ইতিমধ্যে চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চুমিৰ সৈতে মহিলা লকআপত একেলগে বন্দী কৰি ৰাখিছে৷ জানিব পৰামতে, প্ৰেমিক ময়ুন্ত গগৈৰ জৰিয়তে অনা শ্লিপিং টেবেলট খুৱাই স্বামী মাধুৰ্য বৰুৱাক অচেতন কৰিছিল পত্নী প্ৰহেলিকা বৰুৱাই আৰু দাৰে ঘপিয়াই, ধুমুচেৰে খুন্দিয়াই থেকেচি থেকেচি অতি নৃশংস, বৰ্বৰ ভাৱে হত্যা কৰিছিল নিজ স্বামীক৷ চোকা অস্ত্ৰৰে মাধুৰ্যৰ শৰীৰৰ ২৮ ঠাইত আঘাত কৰিছিল বুলি বিশেষ সূত্ৰত প্ৰকাশ৷ অতি পৰিকল্পিত ভাৱে হত্যা কৰিছিল নিজ স্বামীক আৰু ঘটনাটোক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল৷ চ্ছ্ৰ দুৰ্বৃত্তৰ দলে শোৱাপাটীতে হত্যা কৰা বুলি এখন নাটক আৰম্ভ কৰিছিল৷ অবৈধ প্ৰেমিক ময়ুন্ত গগৈ আৰু সহযোগী ভাস্কৰ শইকীয়াই কয় যে, অবৈধ প্ৰেমিক ময়ুন্ত গগৈয়ে শ্লিপিং টেবেলট যোগান ধৰিছিল আৰু নিশা ১১ বজাৰ পৰা মাধুৰ্যৰ পত্নী প্ৰহেলিকা বৰুৱাই ফোন কৰি মতা বুলি কয় আৰু নগ’লে ছোৱালীজনীক লৈ আত্মহত্যা কৰিম,  তেতিয়া ফোনকল চালে তুমি ফচি যাবা বুলি ব্লেকমেইল কৰিছিল৷ অকলে যাবলৈ বেয়া লাগে বুলি কোৱাত ভাস্কৰৰ লগত গৈছিলো বুলি কয়৷ তেওঁলোকে নিশা ৰ.১৫ মানত উপস্থিত হৈছিল আৰু তেতিয়া মাধুৰ্য বৰুৱাক অচেতন অৱস্থাত দেখা বুলি কয়৷ ইতিমধ্যে তেওঁৰ মৃত্যু হোৱা বুলিও জানিবলৈ দিয়ে৷ ময়ুন্তৰ আৰু ভাস্কৰে দেখাৰ পিছত চিঞৰ-বাখৰ নকৰিবলৈ ভাবুকি দিছিল প্ৰহেলিকাই৷ অন্যথা হত্যাকাৰী বুলি ভাস্কৰ আৰু ময়ুন্তক দোষ জাপি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল প্ৰহেলিকাই৷ ইয়াৰ পূৰ্বে প্ৰহেলিকাই কেইবাদিনৰ পৰা ময়ুন্তক টোপনি যোৱা টেবলেট আনিবলৈ কৈ আছিল৷ সেই মৰ্মে ময়ুন্তৰে টেবলেট আনি দিছিল৷ আনহাতে, ময়ুন্ত গগৈৰ অনুৰোধ ক্ৰমে ময়ুন্তৰ মাকৰ বাৰ্থ ডে খাবলৈ আহিছিল বুলি ভাস্কৰ শইকীয়াই জানিবলৈ দিছে৷

মাইনাও ব্ৰহ্মৰ সহযোগী দীপাংকৰ ভট্টৰ আত্মসমৰ্পণ

‘আমাৰ অসম’ৰ বৰমাৰ প্ৰতিবেদক : ট্ৰেডিংকাণ্ডত জড়িত অভিযুক্তসকল বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে আৰক্ষীৰ তীব্ৰ অভিযান৷ বাগসা জিলাৰ মুছলপুৰৰ ট্ৰেডিং মাষ্টাৰমাইণ্ড মাইনাও ব্ৰহ্ম গ্ৰেপ্তাৰৰ পাছত আৰক্ষীৰ অভিযানত ধৰা পৰে মাইনাওৰ সহযোগী বাগসাৰ সুমিত বৰ্মন আৰু মংগলদৈৰ জ্যোতিষ্মান শৰ্মা৷ পলাতক হৈ আছিল দীপাংকৰ ভট্ট৷ আৰক্ষীয়ে জোৰদাৰ অনুসন্ধান চলাই থকাৰ মাজতে আজি মুছলপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে দীপাংকৰ ভট্টই৷ মুছলপুৰ আইচিআইচিআই বেংকত কৰ্মৰত হৈ থকাৰ সময়ৰ পৰা ট্ৰেডিঙৰ নামত বহু লোকৰ পৰা সংগ্ৰহ কৰিছিল ধন৷ ভাৰতীয় দণ্ডবিধিৰ ৩১৬(২)/৩১৮(২)/বি এন এছ /আৰ /ডব্লিউ /২১(২)/২১(৩) বি, ইউ, ডি, এছ ২০১৯ ধাৰাত ১০২/২৪ নং গোচৰত গ্ৰেপ্তাৰ কৰে মুছলপুৰ আইচিআইচিআই বেংকৰ প্ৰাক্তন কৰ্মচাৰী দীপাংকৰ ভট্টক৷ টিহু ভোজকুচিৰ দীপাংকৰ ভট্টৰ দুখন বিলাসী বাহন জব্দ কৰাৰ লগতে বেংকৰ জমাবহীও জব্দ কৰে আৰক্ষীয়ে৷ বৰ্তমান মুছলপুৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে দীপাংকৰ ভট্টক৷ অধিক তথ্যৰ বাবে মাৰাথান জেৰা চলাই আছে ভট্টক৷ দীপাংকৰক গ্ৰেপ্তাৰ কৰা খবৰ বিয়পি পৰাৰ লগে লগে বহু বিনিয়োগকাৰীয়ে ভিৰ কৰে মুছলপুৰ আৰক্ষী থানাত৷