পৰীক্ষার্থীক হাৰাশাস্তি !
লিখিত পৰীক্ষাই স্থবিৰ কৰিলে ৰাজ্যৰ জনজীৱন৷ পৰীক্ষাত যাতে কোনেও একো অসৎ উপায় অৱম্বলন কৰিব নোৱাৰে তাৰ বাবেই পুৱাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ ৰাজ্যত কৰ্তন কৰা হ’ল ইণ্টাৰনেট সেৱা৷ প্ৰকৃতাৰ্থত এটা পৰীক্ষাৰ নামত ইণ্টাৰনেট কৰ্তন কৰা একমাত্ৰ উদাহৰণ হয়তো ১৫ ছেপ্টেম্বৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাটোৱেই হ’ব৷ ইণ্টাৰনেট সেৱা অকল ফেচবুক বা ৱাট্ছএপ চলাবলৈকে নাগৰিকে ব্যৱহাৰ নকৰে৷ দৈনন্দিন জীৱনত ইণ্টাৰনেট সেৱাৰ ওপৰত নাগৰিকক নিৰ্ভৰশীল কৰোৱা পক্ষটোৱেই হৈছে চৰকাৰ৷ সকলোধৰণৰ বিত্তীয় লেনদেন সম্পাদন কৰিবলৈ প্ৰয়োজন হয় ইণ্টাৰনেট সেৱা৷ দেশৰবিভিন্ন ম’বাইল ফোন কোম্পানীয়ে যোগান ধৰা ইণ্টাৰনেট সেৱা পাবলৈ সাধাৰণ নাগৰিকে কৰিব লাগে ধনৰ ব্যয়৷ বজাৰত সম্পন্ন কৰিব লগা প্ৰতিটো লেনদেনৰ বাবে উপলব্ধ পৰিশোধৰ বেংকৰ জৰিয়তে নাগৰিকে কৰে ধনৰ লেনদেন৷ এটা তৃতীয় বৰ্গৰ পৰীক্ষাৰ নামত ৰাজ্যৰ নাগৰিকক চাৰি ঘণ্টা ধৰি পণবন্দী কৰি ৰখা চৰকাৰী সিদ্ধান্তৰ গ্ৰহণযোগ্যতা কিমান, তাৰ বিশ্লেষণৰ প্ৰয়োজন৷ পৰীক্ষা পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত দিয়া বিজ্ঞাপন বা সাক্ষাৎকাৰত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা পৰীক্ষাত কোনোৱে অসৎ উপায় অৱলম্বন কৰিলে হ’ব পাৰে জে’ল আৰn জৰিমনা বিহাৰ কথা কোৱা হৈছিল৷ এখন কঠোৰ আইন থকাৰ পাছতো ৰাজ্য চৰকাৰে কিয় বিশ্বাসত ল’ব নোৱাৰিলে প্ৰাথী সকলক? ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, বিভিন্ন পৰীক্ষা কেন্দ্ৰত মহিলা প্ৰাথ¹সকলক তালাচীৰ নামত মহিলা আৰক্ষীয়ে চূড়ান্ত অপমান কৰিছিল৷ সামাজিক মাধ্যমত ভুক্তভোগী প্ৰাথ¹সকলে দিয়া বৰ্ণনাই চকু কপালত উঠাইছে সাধাৰণ নাগৰিকক৷ পৰীক্ষা কেন্দ্ৰৰ গে’টত স্থাপন কৰা তালাচী কেন্দ্ৰবোৰত মহিলাৰ ওপৰত চলা তেনেবোৰ তালাচী কেতিয়াও গ্ৰহণযোগ্য নহয়৷ এইখিনিতে এটা প্ৰশ্ন উদয় হৈছে– পৰীক্ষা কেন্দ্ৰত নিৰীক্ষকৰ দায়িত্ব পালনত নিয়োজিত ব্যক্তিসকলৰ কাৰ্যদক্ষতা সীমিত আছিল নেকি? পৰীক্ষাৰ কোঠাৰ প্ৰহৰীৰ দায়িত্ব পালন কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে কোনোবা এজন প্ৰাথ¹য়ে নকল কৰা বা নীতি বহিৰ্ভূত কাম কৰিলে বাধা দিব নোৱাৰে নেকি? পৰীক্ষাথ¹সকলক পৰীক্ষা কেন্দ্ৰলৈ ম’বাইল ফোন নিয়াত বাধা আৰোপ কৰি পৰীক্ষাটো সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰিলেহেঁতেন নেকি? সুৰক্ষাৰ নামত পৰীক্ষাথীক ম’বাইল ফোন বাৰণ কৰা হ’ল, অথচ পৰীক্ষাৰ লগত জড়িত কেন্দ্ৰৰ সকলো বিষয়ববীয়া আৰু নিৰীক্ষকক কিহৰ স্বাৰ্থত ম’বাইল ফোন হাতত ৰখাৰ পৰা বাৰণ কৰা নহ’ল?একোটা পৰীক্ষা কেন্দ্ৰত বা কেন্দ্ৰৰ প্ৰতিটো কোঠাত ইণ্টাৰনেট কৰ্তনৰ অনেক ব্যৱস্থা আছিল যদিও সাধাৰণ নাগৰিকক বাধ্য কৰোৱা হ’ল দুৰ্ভোগৰ সন্মুখীন হ’বলৈ৷ অসমত অনুষ্ঠিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা, অসম লোকসেৱা আয়োগৰ পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ বেলিকা অনুৰূপ ব্যৱস্থা কিয় নলয় চৰকাৰে? প্ৰকৃততে সভ্যতাৰ উচ্ছ শিখৰত আৰোহণ কৰা মানৱৰ মাজত আজিও প্ৰাসংগিকতা আছে বিশ্বাসৰ৷ সকলো মানুহকেই চোৰ বা দগাবাজ বুুলি ভাবিলে হেৰাই যাব শান্তি৷ আস্থা আৰু বিশ্বাসৰ ভেটিটোক যেতিয়াই তথ্য-প্ৰযুক্তিয়ে দুৰ্বল কৰিব, তেতিয়াই আহিব সামাজিক অস্থিৰতা৷ এঘাৰ লাখ প্ৰাথ¹ৰ ভিতৰত এঘাৰজন প্ৰাথ¹ অপৰাধী হ’ব পাৰে, কিন্তু বাকীসকলকো সন্দেহৰ তুলাচনীত উঠিবলৈ বাধ্য নকৰাই শ্ৰেয়৷ তিনি হাজাৰ পদৰ আশাত কষ্ট কৰি পুৱতি নিশাই পৰীক্ষা কেন্দ্ৰলৈ ঢাপলি মেলা এঘাৰ লাখ প্ৰাথীৰ প্ৰকৃত পৰিচয় হৈছে ‘নিবনুৱা’৷ নিবনুৱাক সন্মান কৰিবই লাগিব৷ অন্যথা অস্থিৰ হ’ব অসমৰ সমাজ ব্যৱস্থা৷ ভুলৰ পৰা এটা শিক্ষা ল’বনে ৰাজ্য চৰকাৰৰ বৰমূৰীয়াসকলে?