Logo
image

কেঁচা হালধি কীটানুনাশকেই নহয় সৌন্দৰ্যবদ্ধৰ্কো

ঘৰুৱা দ্ৰব্য হিচাপে ব্যৱহূত, থলুৱাভাৱে সহজলভ্য হালধি এবিধ ঔষধিসম্পন্ন সৌন্দৰ্যবদ্ধৰ্ক উদ্ভিদ৷ ইয়াৰ কাণ্ড মঙহাল হয় আৰু এইবিধ কাণ্ডক শুকুৱাই গুড়ি কৰি, কেঁচাই বা খুন্দি ৰস উলিয়াই খাব পাৰি৷ ৰন্ধন প্ৰকৰণত হালধি ব্যৱহাৰ অবিহনে খাদ্যৰ ৰং ৰংহীন আৰু বিস্বাদযুক্ত যেন হয়৷ হালধিত কৰকুমিন নামৰ এবিধ পীতৰঞ্জক পদাৰ্থ পোৱা যায় আৰু ই এলকহলত দ্ৰৱীভূত হয়৷ তদুপৰি হালধিত অতিৰিক্তভাৱে শতকৰা ২৪ ভাগ ষ্টাৰ্চ আৰু শতকৰা ৩০ ভাগ এলবুমিন জাতীয় পদাৰ্থ পোৱা যায়৷ শৰীৰৰ ভিতৰত বিষ-যন্ত্ৰণা তথা সংক্ৰমণ দূৰ কৰাত হালধিৰ বিশেষ গুণ আছে৷ ই অৰুচিৰোধক, পাণ্ডু, কৃমি আৰু অজীৰ্ণনাশকো৷  

১) শৰীৰৰ কোনো অংশত আঘাতপ্ৰাপ্ত হ’লে কেঁচা হালধি পিহি আঘাতপ্ৰাপ্ত অংশত বান্ধি থলে বিষৰ পৰা¸ উপশম পোৱা যায়৷

২) পুৱাই খালী পেটত এটুকুৰা কেঁচা হালধি খালে কেন্সাৰৰ সম্ভাৱনা কমে৷ কেঁচা হালধি নিয়মিত ব্যৱহাৰ কৰিলে হাৰ্টৰ সমস্যা দূৰ হয়৷গেছ এচিডিটিৰ সমস্যাৰ পৰা মুক্তি পোৱাৰ কাৰণে কেঁচা হালধি অতি উত্তম৷

৩) আৰ্থাৰাইটিছৰ সমস্যা দূৰ কৰাত কেঁচা হালধিয়ে বিশেষভাৱে সহায় কৰে৷ প্ৰতিদিনে ২৫০ মিলিগ্ৰাম কেঁচা হালধি খোৱাৰ অভ্যাস কৰিলে শৰীৰৰ বহু সমস্যা নাইকিয়া হয়৷



৪) শৰীৰৰ কোনো অংশত অপাৰেশ্যন কৰাৰ পাছত কেঁচা হালধি গাখীৰৰ লগত মিহলাই খালে চিজাৰিং কৰা ঘাঁ সোনকালে শুকায়৷

৫) হালধিত সৌন্দৰ্যবদ্ধৰ্ক গুণাগুণ থকাৰ লগতে ই কীটানুনাশক আৰু বায়ুনিবাৰক৷ 

৬) নিয়মিত খালী পেটত কেঁচা হালধি ব্যৱহাৰ কৰি যৌৱন দীৰ্ঘদিন ধৰি ৰাখিব পাৰি৷ কেঁচা হালধিয়ে মস্তিষ্কৰ ক্ষমতাও বৃদ্ধি কৰে৷

৭) সৌন্দৰ্য চৰ্চাত হালধিৰ বিকল্প নাই৷  হালধি পিহি লৈ অলপ তেল আৰু পানী মিহলাই ছালত লগালে ছাল মসৃণ, সুন্দৰ, উজ্জ্বল আৰু সতেজ হয়৷ হালধি আৰু গাখীৰৰ সৰ মিশ্ৰণ কৰি গালত লগালে গাল সতেজ আৰু উজ্জ্বল হয়৷