Logo
image

মানসিকতা বনাম মৃত্যুপৰ্যন্ত অপেক্ষা

ব্যক্তিৰ মানসিকতাই প্ৰকৃততে সৃষ্টি কৰে সমাজৰ মানসিকতা৷ অৰ্থাৎ এখন সমাজত সংঘটিত ঘটনাবোৰে পৰিচিত কৰে উক্ত স্থানত বাস কৰা নাগৰিকৰ মানসিকতা৷ বৰ্তমান সমাজত নতুন নতুন শিক্ষা ব্যৱস্থাৰ আৱিৰ্ভাৱ ঘটিছে৷ শিক্ষাই মানৱৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিছে৷ জীৱন নিৰ্বাহৰ প্ৰতিটো কৰ্মত মানৱৰ দ্বাৰা উদ্ভাৱন হোৱা তথ্য-প্ৰযুক্তিয়ে সহজ-সুলভ কৰি তুলিছে মানৱৰ জীৱন৷ অত্যধিক গৰমৰ পৰা হাত সাৰিবলৈ মানুহে ব্যৱহাৰ কৰিব পৰা হ’ল শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ৷ পৃথিৱীৰ যিকোনো স্থানৰ ব্যক্তিৰ সৈতে প্ৰয়োজনত তাৎক্ষণিকভাৱে কথা পতা বা ভিডিঅ’ৰ দ্বাৰা পৰস্পৰৰ লগত যোগাযোগ কৰা সম্ভৱ হৈ পৰিল৷ পৃথিৱীৰ পৰা উৰি গৈ আন গ্ৰহত অৱতৰণ কৰা বা মহাকাশৰ বুকুত কৃত্ৰিম বাসস্থান নিৰ্মাণ কৰি বিশ্বব্ৰহ্মাণ্ডৰ গতিবিধি নিৰীক্ষণ কৰা আদি কৰ্ম সম্ভৱ কৰি তুলিলে মানৱে৷ পৃথিৱীৰ মানৱৰ মাজত শৃংখলিত জীৱন স্থাপনৰ লক্ষ্যৰে প্ৰণয়ন কৰা ধম¹য় ৰীতি-নীতিৰ প্ৰতি আস্থাশীল হ’ল মানৱ সমাজ৷ এনেবোৰ জ্ঞানৰ এটা পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰা মানৱ জাতিৰ কাৰণে আহি পৰা প্ৰধান প্ৰত্যাহ৩ান হৈছে প্ৰতিযোগিতা৷ বৰ্ধিত জনসংখ্যাই জুৰুলা কৰা মানৱ জাতিৰ বাবে অভাৱ ঘটিছে সংস্থাপনৰ পথ৷ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাবে অতীজৰে পৰা সংগ্ৰাম কৰি অহা মানৱৰ কাৰণে অধিক তীব্ৰতৰ হৈছে জীৱনৰ সংগ্ৰাম৷১৫ ছেপ্টেম্বৰত অসম চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় বৰ্গৰ এটা পৰীক্ষাক কেন্দ্ৰ কৰি হোৱা বিতৰ্কই স্থান পাইছে আইনৰ মজিয়া৷ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে জে’ল হোৱা বা কোটি টকাৰ জৰিমনা হোৱাৰ আইনে বাধা দিব নোৱাৰিলে এচাম কু-মানসিকতা লৈ জীয়াই থকা নাগৰিকক৷ পৰীক্ষাৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত পৰীক্ষাথীক ঘৰলৈ নিবলৈ দিয়া নাছিল প্ৰশ্নকাকত৷ বাৰে বাৰে সতৰ্ক কৰা হৈছিল পৰীক্ষাটোৰ লগত জড়িত সকলো পক্ষক৷ পৰৱতী সময়ত সামাজিক মাধ্যমত প্ৰকাশ হ’ল পৰীক্ষাটোৰ প্ৰশ্নকাকত আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধেমাজিৰ এজন ফটোগ্ৰাফাৰক৷ পৰীক্ষাৰ অন্তত প্ৰশ্নকাকতখনৰ ফটো উঠাই সামাজিক মাধ্যমত বিতৰণ কৰা ব্যক্তিজনে নিশ্চয়কৈ জানিছিল উক্ত কৰ্মৰ পৰিণতিৰ কথা৷ নলবাৰীৰ এটা কেন্দ্ৰত পৰীক্ষাৰ নামত চলোৱা তালাচী আছিল তালিবানী৷ মহিলা পৰীক্ষাথ¹ৰ গোপন অংগত তালাচীৰ নামত স্পৰ্শ কৰা মহিলা আৰক্ষীৰ সদস্যগৰাকীয়ে নিশ্চয়কৈ জানিছিল উক্ত কৰ্মৰ পৰিণতিৰ কথা৷ প্ৰকৃততে বৰ্তমান পৰীক্ষাৰ নামত হোৱা অপৰাধবোৰৰ বিষয়ে জ্ঞাত থাকে অপৰাধীসকল, তথাপি যেন বিনা ভয় বা বিনা সংশয়ত কৰি যায় অপৰাধ৷এনে এক ক্ষণত প্ৰশ্ন হৈছে, মানৱৰ মানসিকতাক লৈ৷ বৰ্ধিত শিক্ষা ব্যৱস্থাই কিয় পৰিষ্কাৰ কৰিব পৰা নাই বিকৃত মানসিকতাৰ মন? সকলো কৰ্মতেই যদি এচাম মানুহে কুকৰ্মৰ জৰিয়তে পথভ্ৰষ্ট কৰে লক্ষ্য আৰু উদ্দেশ্য, তেনেহ’লে গত্যন্তৰ কি হ’ব সু-মানসিকতাৰ ব্যক্তিৰ কাৰণে? কু-মানসিকতাৰ ব্যক্তিৰ প্ৰয়াস ব্যৰ্থ কৰিবলৈ এক শক্তিশালী জনজাগৰণৰ প্ৰয়োজন অনুভৱ কৰোঁ৷ ৰাজ্য চৰকাৰে বন্ধ কৰা বিদ্যালয়ৰ স্বাৰ্থত যিদৰে প্ৰতিবাদ কৰে জাতীয় সংগঠনসমূহে, ঠিক সেইদৰে প্ৰতিবাদী হ’ব লাগিব পৰীক্ষাকেন্দ্ৰিক দুন¹তিবোৰৰ বিপক্ষে৷ ৰাজ্য চৰকাৰে এইক্ষেত্ৰত কৰা কেইটামান ভুলৰ কথা উনুকিয়াব বিচাৰিছোঁ– প্ৰতিযোগিতাৰ প্ৰশ্নাৱলী পৰীক্ষাথ¹ক ঘৰলৈ নিবলৈ অনুমতি নিদিয়াটো এটা ভুল৷ প্ৰতিজন পৰীক্ষাথ¹ৰ নিজৰ ভুল বা শুদ্ধখিনি বিচাৰ কৰাটোত থাকে এক অধিকাৰ, কিন্তু কি যুক্তিত তেনে অধিকাৰ ৰোধ কৰা হ’ল– স্পষ্ট কৰক চৰকাৰে৷ পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাথ¹ক ম’বাইল ফোন নিয়াত বাৰণ কৰা হ’ল, অথচ পৰীক্ষাৰ নিৰীক্ষণ আৰু অনা-শিক্ষক-কৰ্মচাৰীক হাতত ম’বাইল ফোনটো লৈ কেন্দ্ৰৰ ভিতৰত প্ৰৱেশৰ অনুমতি দিয়া হ’ল! পৰীক্ষাথ¹ৰ বাবে ম’বাইল ফোন নিষিদ্ধ অথচ বাকী সকলোৰে বাবে সিদ্ধ হোৱাৰ যুক্তিয়েইবা ক’ত?ৰাজ্যত অনুষ্ঠিত বা আগন্তুক দিনত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতামূলক পৰীক্ষাৰ দায়িত্বত আছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ৷ এনে এক ক্ষণত ভুলৰ শুধৰণিৰ প্ৰয়াস বিভাগটোৱেই কৰিব লাগিব৷ এটা পৰীক্ষাত নিষ্ঠা আৰু বিশ্বাসত অৱতীৰ্ণ হোৱা পৰীক্ষাথীসকলে এটা আশাৰ মন লৈ অপেক্ষা কৰিব ফলাফলৰ দিনলৈ৷ এঘাৰ লাখ প্ৰাথ¹ৰ ভিতৰত মাথোঁ তিনি হাজাৰ প্ৰাথ¹ সফল হ’ব পৰীক্ষাৰ তুলাচনীত৷ এটা কথা নিশ্চিত থকা ভাল যে পৰীক্ষাটোত ব্যৰ্থ হ’বলৈ গৈ থকা দহ লাখ সাতান্নবৈ হাজাৰ প্ৰাথ¹ৰ হৃদয়ত জ্বলিব ব্যৰ্থতাৰ জুই৷ নিয়োগৰ আশাত ব্ৰতী হৈ যুঁজ দি থকা বহুতো নিবনুৱাই মৃত্যুপৰ্যন্ত বহন কৰি নিয়ে এটা আশা– এটা চৰকাৰী চাকৰি৷ আশা কৰোঁ ৰাজ্যৰ শিক্ষামন্ত্ৰীজনে এনে ক্ষণত দিব দক্ষতাৰ পৰিচয়৷ তেওঁৰ অধীনস্থ এটা সংস্থাই আয়োজন কৰা পৰীক্ষাবোৰৰ ব্যৰ্থতাৰ কালিমাৰ পৰা তেওঁ কেতিয়াও সাৰি যাব নোৱাৰিব৷ মৃত্যুপৰ্যন্ত এটা সংস্থাপন, এক ন্যায়ৰ আশা কৰি জীৱন যুদ্ধত সাঁতুৰি থকা ব্যক্তিৰ স্বাৰ্থত সৰৱ হওক ৰাজ্যৰ শিক্ষা বিভাগ৷ অন্যথা সময়ত ব্যৰ্থ নাগৰিকৰ শাৰীলৈ লৈ যাব লাগিব শিক্ষা বিভাগৰ প্ৰতিজন ব্যক্তি৷