Logo
image

‘এক দেশ এক ভোট’ আহি আছে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ ছেপ্টেম্বৰ : খুউব কম দিনৰ ভিতৰতে দেশৰ সকলো নিৰ্বাচন একেলগে আৰু একে সময়তে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোদী চৰকাৰ৷ নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া অনুসৰি এক দেশ, এক নিৰ্বাচন নীতি কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে দাখিল কৰা এক দেশ, এক ভোট সম্পৰ্কীয় প্ৰতিবেদনত মোদীৰ কেবিনেটে বুধবাৰে অনুমোদন জনোৱাৰ লগে লগে সমগ্ৰ দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিশত প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰখন আগবাঢ়িছে৷ কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰ অনুসৰি সংসদৰ শীতকালীন অধিৱেশনত চৰকাৰে এক দেশ, এক ভোট শীৰ্ষক বিধেয়ক দাখিল কৰিব৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সন্দৰ্ভত হোৱা অগ্ৰগতিৰ তথ্য এখন সংবাদমেলত প্ৰকাশ কৰে৷ তেওঁ জনোৱা অনুসৰি দুটা পৰ্যায়ত এই নীতি কাৰ্যকৰী কৰা হ’ব৷ তেওঁ দাবী কৰা অনুসৰি দেশৰ বৃহৎসংখ্যক ৰাজনৈতিক দলে এই নীতিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে৷ সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীৰ এই দাবীৰ বিপৰীতে দেশৰ আগশাৰীৰ ৰাজনৈতিক দল যেনে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আপ, শিৱসেনা আদিয়ে এক দেশ, এক ভোট ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছে৷ সংবাদমেলত অশ্বিনী বৈষ্ণৱে কয়– ‘সকলো নিৰ্বাচনৰ বাবে এখন ভোটাৰ তালিকা তৈয়াৰ কৰা হ’ব৷ সেয়া কাৰ্যকৰী কৰাৰ বাবে কোবিন্দ পেনেলৰ প্ৰতিবেদন অনুসৰি এটা গোট গঠন কৰি আগবঢ়া হ’ব৷’


ৰামনাথ কোবিন্দ নেতৃত্বাধীন পেনেলে দাখিল কৰা প্ৰতিবেদনখন ১৮,৬২৬ পৃষ্ঠাৰ৷ ইয়াত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন প্ৰথমে একেলগে অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে৷ এইক্ষেত্ৰত সংবিধান সংশোধনৰ বাবে কোনো ৰাজ্যৰ অনুমোদনৰ প্ৰয়োজন নহ’ব৷ দ্বিতীয় পৰ্যায়ত পৌৰ নিগম আৰু পঞ্চায়তৰ নিৰ্বাচন লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে অনুষ্ঠিত কৰা হ’ব৷ প্ৰথম পৰ্যায়তে পৌৰ নিগম-পঞ্চায়ত নিৰ্বাচন লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ১০০ দিনৰ ভিতৰত অনুষ্ঠিত কৰি ওচৰ চপাই অনা হ’ব৷ এক দেশ, এক ভোট নীতি কাৰ্যকৰী কৰিবলৈ হ’লে ১৮টা সংবিধান সংশোধনীৰ প্ৰয়োজন হ’ব৷ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক বিজেপিৰ আন এক ঝুমলা বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই৷ তেওঁ কয়– ‘আমি ইয়াৰ পক্ষত নাই৷ গণতন্ত্ৰত এই ব্যৱস্থা কাৰ্যকৰী নহ’ব৷ নিৰ্বাচন যেতিয়া প্ৰয়োজন তেতিয়া অনুষ্ঠিত কৰা হয়৷ আধাতে এখন চৰকাৰ ভাগিলে পৰৱৰ্তী সময়ত কোনে শাসন কৰিব৷ তেনে পৰিস্থিতিত সেই ৰাজ্যখনৰ স্থিতি কি হ’ব? যদিহে কাৰ্যকাল সম্পূৰ্ণ নৌহওঁতেই কেন্দ্ৰীয় চৰকাৰৰ পতন ঘটে, তেনে দেশৰ সকলো বিধানসভা ভাঙি পুনৰ লোকসভাৰ সৈতে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব নেকি? এইবোৰ সমাধানহীন প্ৰশ্ন৷ গণতন্ত্ৰত এয়া সম্ভৱ নহয়৷ যদিহে মোদী চৰকাৰে বলপূৰ্বক এক দেশ, এক ভোট অনুষ্ঠিত কৰিবলৈ লয়, তেন্তে সেয়া গণতন্ত্ৰ হৈ নাথাকিব৷’ আনহাতে, আপৰ সন্দীপ পাঠকে কয়– ‘যিখন চৰকাৰে মহাৰাষ্ট˜, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ আৰু হাৰিয়নাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিব নোৱাৰে, সেইখন চৰকাৰে কেনেদৰে এক দেশ, এক নিৰ্বাচন অনুষ্ঠিত কৰিব?’