Logo
image

বিপিএফ-ইউপিপিএলৰ মিলন বিচাৰিছে মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কাজলগাঁৱৰ প্ৰতিনিধি, ১৯ ছেপ্টেম্বৰ : বিপিএফ-ইউপিপিএলৰ মিলন বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিৰোধীক পৰাস্ত কৰাৰ বাবে দুই দলৰ মিত্ৰতাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ বুধবাৰে বঙাইগাঁৱত এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই৷ সমাগত উপ-নিৰ্বাচনত চিদলী সমষ্টি মিত্ৰদল ইউপিপিএলক আৰু বঙাইগাঁও সমষ্টি অগপক এৰি দিয়া হ’ব বুলি পুনৰবাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ নৱেম্বৰত ৰাজ্যৰ পাঁচ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিতো দিয়ে৷ উল্লেখ্য, বিটিচিত সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰি আছে বিপিএফ-ইউপিপিএল৷ কিন্তু বিগত কিছুদিন ধৰি দুয়োটা দলৰ মাজৰ দূৰত্ব হ্ৰাস পাই আছে৷ দিনদিয়েক পূৰ্বে দুই দলৰ নেতৃত্বৰ মাজত বঙাইগাঁও শোধনাগাৰৰ অতিথিশালাত অনুষ্ঠিত হৈছে বৈঠক৷ এনে বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে দুই দলৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰাটো তাৎপৰ্যপূৰ্ণ৷ মুখ্যমন্ত্ৰীয়ে কয়– ‘বড়ো জাতি জনগোষ্ঠীৰ মাজত আমি কেতিয়াও সংঘাত নিবিচাৰো৷ তেওঁলোকে যি কাম কৰিব, আমি বিজেপি চৰকাৰেও সেই একেই কাম কৰি আছো৷ বিপিএফ আৰু ইউপিপিএল দলে একেলগে নিৰ্বাচন খেলিলে আমি ভালে পাম, ই এক ইতিবাচক দিশ৷ বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতা হ’লে বিজেপিয়ে আঁদৰণি জনাব৷’ বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্ৰত আজি শাসকীয় মিত্ৰজোঁট বিজেপি, ইউপিপিএল আৰু অগপ দলৰ সৈতে চিৰাং জিলাৰ অন্তৰ্গত ছিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত সমষ্টিটোৰ নেতৃত্বৰ সৈতে অনুষ্ঠিত এক ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত আৰু কয় যে অহা অক্টোবৰ অথবা নৱেম্বৰত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু এই উপ-নিৰ্বাচনত ২০২১ বৰ্ষত গঠিত মিত্ৰজোঁটৰ লেখীয়াকৈ এইবেলিও ছিদলীত ইউপিপিএল দলৰ প্ৰাৰ্থী থাকিব আৰু বঙাইগাঁও সমষ্টিৰ বাবে অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ বিপৰীতে ধলাই, বিহালী আৰু চামগুৰি সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব৷


ছিদলীত লোকসভাৰ দৰেই তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব যদিও মিত্ৰজোঁটৰ তথা ইউপিপিএলৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিব৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয়– আমি অহা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত অকলেই নিৰ্বাচন খেলিম৷ ইউপিপিএলে আমাক ১৫টা সমষ্টি এৰি দিলেই আমি আৰু প্ৰাৰ্থী নিদিলেহেঁতেন, কিন্তু তেওঁলোকে আমাক দিব নোৱাৰিব, সেয়ে আমি ৰাজনৈতিক দল হিচাপে নিৰ্বাচন খেলিবই লাগিব৷ ইফালে সোণাপুৰ তথা ৰাজ্যত নিৰাপত্তাৰ বিষয়ক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আমছুৰ ল’ৰা আগত ওলাব পৰা নাছিল কিন্তু আজি নিৰাপত্তা পোৱা বাবে ওলাব পাৰিছে,  মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিব পাৰিছে৷ বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ৰ বিতৰ্ক সন্দৰ্ভত কয় যে তেওঁক গুৱাহাটীত মাতি আনি বুজাই দিয়া হৈছে, বিতৰ্কত সোমাবলৈ হাক দিয়াৰ লগতে সমষ্টিত গৈ গছপুলি ৰুবলৈ আৰু দুখীয়াক সেৱা আগবঢ়ালৈ কোৱা হৈছে৷ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী ইউ জি ব্ৰহ্ম, অগপৰ সাংসদ ফণীভূষণ চৌধুৰী, সাংসদ জয়ন্ত বসুমতাৰী, ৰাজসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে কেবাজনো বিধায়ক উপস্থিত থাকে৷ 

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধি : বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও দিনে অতিবাহিত হোৱাৰ লগে লগে শাসক বিৰোধী শক্তিশালী হৈ পৰিছে৷ ক্ৰমাৎ শক্তিশালী হৈ উঠিছে বিপিএফ দল৷ বিটিচিত এফালে চলিছে মিত্ৰতাৰ অংক আৰু আনফালে চলিছে ৰাজনৈতিক যুঁজ৷ নিজৰ দলীয় ভেটি মজুত কৰিবলৈ পুনৰ ৰাজনৈতিক পথাৰত নামি পৰিছে৷ বিপিএফ দলৰ নেতা গৰাকী ৰাজনৈতিক ভেটি শক্তিশালী কৰিবলৈ সমষ্টিয়ে সমষ্টিয়ে দলীয় সভা অনুষ্ঠিত কৰি আহিছে৷ ঠিক একেদৰে আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কাশীয়াবাৰীত বিপিএফ দলৰ এখন বিশাল কৰ্মী সভা অনুষ্ঠিত হয়৷ উক্ত কৰ্মী সভাত সভাত দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয় যে বিপিএফ আৰু ইউ পি পি এল দলৰ মিত্ৰতা লৈ আলোচনা চলি আছে৷ আমাৰ তিনিজন আৰু ইউ পি পি এলৰ ছয়জন নেতা বাছনি কৰি দিয়া হৈছে৷ বিটিচিৰ উন্নয়নৰ স্বাৰ্থত মাতিছে বাবে মই কোনো বিৰোধ কৰা নাই৷ তিনিবাৰ আলোচনা হৈছে যদিও কোনো সফল হোৱা নাই৷  মিত্ৰতাত কাৰ লাভ হব কব বিচৰা নাই৷ কংগ্ৰেছৰ লাভ হব নে বিজেপিৰ লাভ হব৷ মুঠৰ ওপৰত আমি ৰাইজৰ হৈ কাম কৰিব লাগে৷ মিত্ৰতাক লৈ এক প্ৰপ’গণ্ডা চলিছে৷ হাগ্ৰামা দিছপুৰ যাব আৰু বিটিচিত প্ৰমোদ বড়ো থাকিব এইটো বেয়া কথা৷ এতিয়াও আলোচনা চূড়ান্ত হোৱা নাই৷ ইউ পি এল ভয় খাইছে বাবে আমাক মিত্ৰতা লৈ মাতিছে৷ মিত্ৰতাৰ কথা কৈ আমাৰ দলীয় নেতা কৰ্মীক টানি লৈছে৷ মিত্ৰতাৰ কথা কৈ কৈ তলে তলে আমাৰ বিৰুদ্ধে মন্তব্য কৰাটো ভাল নহয়৷ ৰাইজ আমাৰ সৈতে আছে৷ আমি পুনৰ ২০২৪ চনত বিটিচিত চৰকাৰ গঠন কৰিম বুলি হাগ্ৰামা সভাত প্ৰকাশ কৰে৷ বিটিচিত বিপিএফৰ চৰকাৰৰ বাহিৰে আন কোনেও উন্নতি কৰিব নোৱাৰে বুলি ৰাইজে স্পষ্ট হৈ আজি দলে দলে ওলাই আহিছে৷ বিপিএফ দলৰ ভেটি ৰাইজে শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে৷ একেখন সভাত বিটিচিৰ বিৰোধী দলৰ মুখ পাত্ৰ দেৰহাছাত বসুমতাৰী সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰী আজি মিত্ৰতা লৈ যি কথা কৈছে সেয়া সঁচা কথা৷ মিত্ৰতা হলে বিটিচিৰ উন্নতি হব৷ সকলো ৰাজনৈতিক দলৰ লাভ হ’ব৷ কিন্তু সেই আলোচনা চূড়ান্ত হোৱা নাই৷ বিটিচিৰ কাৰণে সকলো দলে চিন্তা কৰি কাম কৰিলে ভাল হয়৷ ইয়াত কোনো আপত্তি নাই৷ যদিও কেইবাৰো আলোচনা হৈছে ৰাজহুৱা কৰা হোৱা নাই৷ এফালে আলোচনা আৰু আনফালে আন এটা দলে বিপৰীত মন্তব্য কৰি আহিছে৷ এয়া মিত্ৰতা কৰাৰ ভাল পদক্ষেপ নহয়৷ বিটিচিৰ উন্নয়নৰ স্বাৰ্থত একত্ৰিত হলে ভালে হ’ব৷ কিন্তু সেই কাৰ্যপন্থা হোৱাৰ আগতে আলোচনা বিপৰীত দিশত গতি কৰাটো দুৰ্ভাগ্যজনক হ’ব৷ উল্লেখ যে আজি এই বিশাল যোগদান কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰায় চাৰি হেজাৰৰ অধিক নেতা-কৰ্মী বিপিএফ দলত যোগদান কৰিছে৷ বিজেপি, বিপিএফ, কংগ্ৰেছ, ইউ পি এল দলৰ নেতা-কৰ্মীয়ে যোগদান কৰে৷ সভাখনত বিপিএফ দলৰ শীৰ্ষ নেতা-কৰ্মী উপস্থিত থাকে৷ বিগত নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হৈ চৰাইবিল সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা উইলিয়াম নাজাৰী আজি বিপিএফ দলত যোগদান কৰে৷ উইলিয়াম নাজাৰী যমদুৱাৰ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী বুলি আজিয়ে এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে৷ 

‘আমাৰ অসম’ৰ কোকৰাঝাৰৰ বিশেষ প্ৰতিনিধি :  মিত্ৰজোঁটৰ নীতি গ্ৰহণ কৰিহে বি পি এফ- ইউ পি পি এল দলৰ মাজত আলোচনা কৰা হৈছে৷ এই কথা আজি ৰাজহুৱা কৰিছে বিপিএফ দলৰ জেষ্ঠ্য নেতা তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে৷ উল্লেখ্য যে আগন্তুক ২০২৫ চনৰ বিটিচি নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিয়ে অকলেই অৱতীৰ্ণ হ’ব৷ বিটিচিত বিজেপিৰ আগ্ৰাসন বৃদ্ধি নহওক এই পৰিপ্ৰেক্ষিততে বিটিচিৰ সৰ্বাংগীণ উন্নয়ন আৰু বিটিআৰ চুক্তিৰ দফাসমূহ ৰূপায়ণৰ স্বাৰ্থত বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠন এবচুই ইউ পি পি এল আৰু বিপিএফ একত্ৰীকৰণ হোৱাৰ বাবে আহ৩ান জনাইছিল৷ ইতিমধ্যে দুয়োটা দলৰ একত্ৰীকৰণ সন্দৰ্ভত দুয়োটা দলৰ নেতা সদস্যই আদৰণি জনোৱাৰ লগতে বিভিন্ন সূত্ৰই দুই দলৰ মাজত আলোচনা হোৱা বুলিও দাবী কৰিছিল৷ দুয়োটা আঞ্চলিক দলৰ একত্ৰীকৰণক লৈ জনগণৰ মনত আশাৰ সঞ্চাৰ হৈছিল৷ তেনে সময়তে বিপিএফ নেতা ৰবিৰাম নাৰ্জাৰীয়ে ওপৰোক্ত মন্তব্য কৰাৰ লগতে আজি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে দুয়ো দলৰ মাজত একত্ৰীকৰণৰ আলোচনা মিত্ৰ যোটৰ নীতিত হৈছে আৰু তাৰ অৰ্থ হৈছে দুয়োটা দল একত্ৰিত হৈ যাব সেয়া নহয়, সেয়া আসন বুজাবুজিৰহে আলোচনা বুলি জানিব দিয়ে৷ তেওঁ লগতে সংবাদ মাধ্যমৰ আগত বি পি এফ আৰু ইউ পি পি এলৰ মাজত যি আলোচনা চলি আছে৷ সেয়া বৰ জটিল বিষয় আৰু স্পৰ্শকাতৰ বিষয়৷ গতিকে দুই এবাৰ আলোচনা কৰিলেই যে তাৰ সমাধান ওলাব সেয়া অসম্ভব বুলি উল্লেখ কৰি তেওঁ সুদীৰ্ঘ বছৰ ধৰি আমি দুই মেৰুত অৱস্থান কৰি বিভিন্ন ঘাত প্ৰতিঘাট পাৰ কৰি আহিছোঁ৷ গতিকে এটা সময়ত একে দিনতে বা এবাৰ আলোচনাতে সকলো ঠিক ঠাক হৈ যাব সেয়া নিশ্চিতভাৱে সহজ নহয়৷ তেওঁ ইয়াৰ বাবে আমি খুব সংযম হৈ সাৱধনতাৰে আগবাঢ়িব লাগিব বুলি কৈ দুয়োটা দলৰ নেতা সদস্য সকলে সাদিচ্ছাৰে আগবাঢ়ি আহিব লাগিব বুলি সদৰি কৰে৷