Logo
image

আৰক্ষীয়ে জিম্মাত বিচৰাৰ পাছতো বিশালক জে’ললৈ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১৯ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰত অভিযুক্ত বিশাল ফুকনৰ সৈতে ৰঙাঘৰৰ আলহী হ’ল চুমি বৰা, তাৰ্কিক বৰা আৰু অম্লান বৰা৷ মঙলবাৰে আৰক্ষীৰ জিন্মাৰ ম্যাদ অন্ত পৰাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকক জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে তিনি  অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ ইফালে ন্যায়িক জিন্মাত থকা বিশাল ফুকনক আজি পুনৰ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে বিশাল ফুকনক নিয়মীয়া প্ৰক্ৰিয়া হিচাপে হাজিৰ কৰোৱাৰ দিন ধাৰ্য কৰি দিছিল৷ সেই অনুসৰি আদালতত হাজিৰ কৰোৱাৰ পাছত আজি পুনৰ বিশালক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে৷ অনলাইন ট্ৰেডিং গোচৰত বিশাল ফুকনক সাতদিনৰ জিম্মাত বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে আদালতত আবেদন জনাইছে৷ এই আবেদনৰ শুনানি কাইলৈ অনুষ্ঠিত হ’ব৷ অন্যহাতে চুমি বৰা, ফটোগ্ৰাফাৰ স্বামী তপন ওৰফে তাৰ্কিক বৰা আৰু তাৰ্কিকৰ ভাতৃ অম্লান বৰাৰ জামিনৰ বাবে কালি আদালতত আবেদন জনাইছিল৷ কিন্তু চুমি, তাৰ্কিক আৰু অম্লানৰ অধিবক্তাই জামিনৰ বাবে জনোৱা আবেদন অগ্ৰাহ্য কৰে আদালতে৷ উল্লেখ্য যে, যোৱা ১২ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা চুমি-তাৰ্কিকক আদালতত হাজিৰ কৰোৱাৰ পাছত পাঁচদিনৰ আৰক্ষীয়ে জিন্মাত লৈছিল৷ সেইদৰে ১৩ ছেপ্টেম্বৰত তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক তিনিদিনৰ জিন্মাত লৈছিল ডিব্ৰুগড় আৰক্ষীয়ে৷ তিনি অভিযুক্তৰ আৰক্ষীৰ জিন্মাৰ ম্যাদ মঙলবাৰে অন্ত পৰাৰ পিছত পুনৰ আদালতত হাজিৰ কৰোৱা হয়৷ জানিব পৰামতে, তদন্তকাৰী বিষয়াই কালিয়েই ডিব্ৰুগড় আদালতত কেচ ডায়েৰী দাখিল কৰিছিল৷ মন কৰিবলগীয়া যে, সুদীৰ্ঘ ১০ দিন আৰক্ষীৰ চকুত ধূলি দি শেষত ডিব্ৰুগড় সদৰ থানাত যোৱা ১২ ছেপ্টেম্বৰত আত্মসমৰ্পণ কৰে চুমি আৰু তাৰ্কিক বৰাই৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ আইনৰ ২১(১)২১(২)২১(৩) ধাৰাৰ অধীনত পঞ্জীয়ন হোৱা ৩৫২/২৪ গোচৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়৷


ইফালে জেৰাৰ সময়ত চুমি-তাৰ্কিকৰ পৰা বিশেষ তথ্য উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰশ্ন সুধিলেই কান্দি দিয়ে চুমিয়ে৷ তদন্তৰ সময়ত প্ৰায় পাঁচ কোটি টকাৰ সম্পত্তি জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে অন্যান্য বিভিন্ন কিছু তথ্য লাভ কৰে যদিও বিশেষ সফল নহ’ল আৰক্ষী৷ ৫ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছত  চুমি বৰা, তাৰ্কিক আৰু অম্লান বৰাক আদালতত কালি হাজিৰ কৰোৱাইছিল ডিব্ৰুগড় আৰক্ষীয়ে৷ সদৰ থানাৰ পৰা জিলা আৰক্ষী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত ন্যায়ালয়লৈ নিয়া হয় চুমি, তাৰ্কিক আৰু অম্লানক৷ চুমি-তাৰ্কিকৰ প্ত দিন আৰু অম্লানৰ তিনি দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত আদালতলৈ দিনৰ প্ৰায় ২.৩০ বজাত নিয়া হয়৷ গোচৰৰ তদন্তকাৰী বিষয়া তথা অতিৰিক্ত আৰক্ষী অধীক্ষক [অপৰাধ আৰু অনুসন্ধান শাখা] চিজল আগৰৱালা উপস্থিত থাকে আদালতত৷ আনহাতে অনলাইন ট্ৰেডিং কেলেংকাৰিৰ গোচৰত তিনিও অভিযুক্তই জামিনৰ বাবে আবেদন কৰিছিল যদিও আদালতে তিনিজনকে জে’ললৈ প্ৰেৰণ কৰে৷ বিশাল-চুমিৰ গোচৰত শেহতীয়াকৈ ডিব্ৰুগড় সদৰ থানাত চাৰিটাকৈ গোচৰ ৰুজু কৰা হৈছে৷ ঘটনাৰ সন্দৰ্ভত চাৰিজন ভুক্তভুগীয়ে পৃথকে পৃথকে ৰুজু কৰে এজাহাৰ৷ এজাহাৰত বিশাল ফুকনৰ বিৰুদ্ধে লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ কৰাৰ লগতে চুমি বৰাৰ নামো পৰোক্ষভাৱে সাঙোৰ খাই পৰিছে৷ নাম সাঙোৰ খাই পৰিছে অভিজিত চন্দা আৰু মানবেন্দ্ৰ সিঙৰো৷ আনহাতে বোকাখাতৰ পৰা আটক কৰি অনা চন্দন নাথ আৰু শোভনজ্যোতি কুৰ্মীক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰি জেৰাৰ অন্তত কাৰাগাৰলৈ নিক্ষেপ কৰা হয়৷ দুয়োজনে চুমি বৰা, তাৰ্কিক বৰাৰ আত্মগোপনৰ ক্ষেত্ৰত সহযোগিতা কৰিছিল৷ অনলাইন ট্ৰেডিঙৰ নামত দেশ-বিদেশৰ পৰা বৃহৎ পুঁজি সংগ্ৰহৰ অভিযোগ উঠা ডিব্ৰুগড়ৰ বিশাল ফুকনক[২২] ডিব্ৰুগড়ৰ আৰক্ষীয়ে নিজ গৃহৰ পৰা যোৱা ২ ছেপ্টেম্বৰত আটক কৰাৰ পাছত নিশা গ্ৰেপ্তাৰ কৰিছিল৷ ছেবিৰ নীতি-নিয়ম উলংঘা কৰি তথা অনিয়ম আৰু অসৎ উপায়ৰে বৃহৎ পুঁজি সংগ্ৰহ কৰাৰ অভিযোগত ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীয়ে ডিব্ৰুগড় মহানগৰখনৰ লাচিত নগৰৰ প্ৰভাঞ্জলী নামৰ এটা এৰ্পাটমেন্টৰ ৫০৩ নম্বৰৰ কোঠাৰ পৰা বিশালক আটক কৰিছিল আৰক্ষীয়ে৷ ডিব্ৰুগড় আৰক্ষীৰ ৩৫২/২৪ গোচৰৰ ভিত্তিত আৰক্ষীয়ে বিশাল ফুকনসহ বিশাল ফুকনৰ ব্যক্তিগত মেনেজাৰ বিপ্লৱ হাজৰিকাকো আটক কৰি দীঘলীয়া জেৰা কৰিছিল যদিও পাছত বিপ্লৱক মুকলি কৰি দিয়ে৷ অভিযোগ মতে ডিব্ৰুগড়ৰ লগতে অসমৰ বহু চিকিৎসক, মেডিকেল ৰিপ্ৰেজেণ্টেটিভ, ফাৰ্মাচী প্ৰতিষ্ঠান, শিক্ষক, ব্যৱসায়ী, বিশিষ্ট উদ্যোগপতিক বিশালৰ ব্যৱসায়ত কোটি কোটি টকা বিনিয়োগ কৰাৰ বাবে অভিনেত্ৰী চুমি বৰাই বিশালৰ কাষলৈ আনিছিল৷ কিন্তু চুমিয়ে বিশালক নিজৰ ভায়েক বুলি ভবাৰ বাহিৰে ট্ৰেডিং ব্যৱসায়ৰ সম্পৰ্কে একো নাজানো বুলি ইতিমধ্যেই আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে৷ কাৰ্যতঃ আৰক্ষীৰ তদন্তত চুমিয়ে সহযোগ নকৰা বুলিও প্ৰকাশ৷ অৱশ্যে আদালতত তথ্য-প্ৰমান দাখিলৰ বাবে ভিডিঅ’গ্ৰাফীৰ জৰিয়তে পৃথকে পৃথকে কৰা জেৰাত প্ৰকাশ পাইছে বহু তথ্য৷ য’ত চিকিৎসক, ইউটিউবাৰ, ব্যৱসায়ী, শিল্পী, অভিনেতা, ৰাজনীতিক, অভিযন্তা, ঠিকাদাৰ, শিক্ষাবিদকে ধৰি ৰাজ্যৰ বিভিন্ন ব্যক্তিৰ নাম লৈছিল চুমিয়ে৷

এমাহে ‘সন্ধানহীন’ দীপাংকৰ বৰ্মন

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : অন লাইন ট্ৰেডিং প্ৰবঞ্চনাৰে ৭০০০ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰা ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ এটা মাহ অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ ছাটোকে বিছাৰি নোপোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যোৱা ১৯ আগষ্টৰ পৰা  কাৰ্যালয় বন্ধ কৰি ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মন আজিও পলাতক হৈ আছে৷ অসমৰ বাহিৰৰ অৰ্থাৎ দেশৰ অন্য ৰাজ্যত ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনে আত্মগোপন কৰি থকা বুলি প্ৰকাশ কৰি অসম আৰক্ষীয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ অহৰহ চেষ্টা চলাই আছে বুলি সৰ্বত্ৰ অভিযোগ উত্থাপন হৈছে৷ আনকি ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ গোচৰটো এজন সহকাৰী উপ-পৰিদৰ্শকৰ হাতৰ পৰা গোচৰটো এজন সহকাৰী আৰক্ষী আয়ুক্তৰ হাতত দায়িত্ব অৰ্পণ কৰি অসম আৰক্ষীয়ে নিয়ম মাফিক কৰ্তব্য সমাধা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ মূলতঃ অসম আৰক্ষীয়ে পলাতক ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত বিশেষ তৎপৰতা দেখুওৱা নাই বুলি ভুক্তভোগীসকলে অভিযোগ উত্থাপন কৰিছে৷ ইপিনে পলাতক ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ ঘৰত আৰক্ষীয়ে পহৰা দিয়াত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ধন বিনিয়োগ কৰা ভুক্তভোগী লোকক সুৰক্ষা দিয়াৰ বিপৰীতে আৰক্ষীয়ে ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ পৰিয়ালক সুৰক্ষা দিবলৈ উঠি পৰি লগাত ৰাইজে ঘটনাটো সহজভাৱে ল’ব পৰা নাই৷ মূলতঃ ধন বিনিয়োগকাৰী লোকৰ পৰা সুৰক্ষা দিবলৈ ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃৰ ঘৰত আৰক্ষী মোতায়েন কৰা বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে৷ উল্লেখ্য যে, ডি বি ষ্টকত ধন বিনিয়োগ কৰা লোকসকলে নিতৌ গুৱাহাটীৰ বৰাগাঁৱত থকা দীপাংকৰ বৰ্মনৰ ঘৰত উপস্থিত হৈ ধন বিছাৰি দীপাংকৰ পিতৃ-মাতৃক নিৰ্যাতন চলাই আহিছে৷ এই নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে দীপাংকৰ পিতৃ-মাতৃক সুৰক্ষা দিবলৈ আৰক্ষীৰ লোক মোতায়েন কৰা বুলি জানিব পৰা গৈছে৷ দীপাংকৰ বৰ্মনৰ ঘৰত আৰক্ষী মোতায়েন কৰাৰ পাছতেই বিনিয়োগকাৰীসকল ক্ষোভত ফাটি যায়৷ শাসক পক্ষৰ দুজন প্ৰভাৱশালী মন্ত্ৰী ডি বি ষ্টকত জড়িত থকাৰ বাবেই দীপাংকৰ বৰ্মনক ৰাজ্য চৰকাৰে ৰক্ষনা বেক্ষণ দিয়া বুলি বিনিয়োগকাৰী সকলে অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য যে, অন লাইন ট্ৰেডিং প্ৰবঞ্চনাৰে ৭০০০ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰা ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মন কত হেৰাই গ’ল৷ ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মন বতাহত অদৃশ্য হৈ গ’ল নেকি/ আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই প্ৰবঞ্চক দীপাংকৰ বৰ্মনক৷ ৰাজ্য চৰকাৰে প্ৰবঞ্চক দীপাংকৰ বৰ্মনক ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰিছে নেকি৷

এনেধৰণৰ বিভিন্ন প্ৰশ্ন অৱতৰণা হৈছে ভুক্তভোগী বিনিয়োগকাৰীসকলৰ মাজত৷ প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ ৭০০০ কোটি টকা লুণ্ঠনৰ ঘটনা গাপ দিবলৈ ৰাজ্য চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে বিশাল ফুকন আৰু চুমি বৰাৰ ঘটনাটো বেছি গুৰুত্ব দিছে নেকি বুলিও ভুক্তভোগী বিনিয়োগকাৰী সকলৰ মাজত প্ৰশ্ন উত্থাপন হৈছে৷ আজি ৩০টা দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ শুং সূত্ৰ উলিয়াব নোৱাৰাত সমগ্ৰ ঘটনা প্ৰবাহ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা ভূমিকাক ৰাইজে সহজ ভাবে লব পৰা নাই৷ উল্লেখ্য যে যোৱা ১৯ আগষ্ট সোমবাৰে সন্ধিয়াৰ পৰাই অন্তৰ্ধান হৈ পৰিছিল দীপাংকৰ বৰ্মন৷ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ পৰা জ্জ হাজাৰ কোটি টকা প্ৰৱঞ্চনাৰে আত্মসাৎ কৰাৰ অভিযোগ উঠাৰ পাছতো আজিলৈকে প্ৰৱঞ্চকটোক কি কাৰণত আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই, তাক লৈ অসম আৰক্ষীক জবাবদিহি কৰিলে একাংশ ভুক্তভোগীয়ে৷ নিশাটোৰ ভিতৰতে জমাধন দুগুণ কৰি দিয়াৰ সপোন দেখুৱাই চলাহী কথাৰে ৰাইজৰ ধন আত্মসাৎ কৰা প্ৰৱঞ্চকটোৰ সৈতে আৰক্ষীৰ কিবা ভিতৰুৱা বুজাবুজি থকাৰো সন্দেহ কৰিছে ভুক্তভোগীসকলে৷ নিজৰ ন্যায্যপ্ৰাপ্তিক লৈ গুৱাহাটী প্ৰেছ ক্লাবলৈ অহা কামনা শইকীয়া নামৰ ভুক্তভোগীজনে দীপাংকৰ বৰ্মনক বিচৰাৰ নামত মহানগৰ আৰক্ষীয়ে ভেঁকোভাওনা কৰাৰ বাদে আন একোকে কৰা নাই বুলি আৰক্ষীক কঠোৰ সমালোচনা কৰে৷ তেওঁ কয় যে শেহতীয়াকৈ ট্ৰেডিং প্ৰৱঞ্চনাৰে ৰাইজৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰা বিশাল ফুকন, চুমি বৰাৰ ক’ত কি সম্পত্তি আছে সেয়া একে ৰাতিতে আৰক্ষীয়ে বিচাৰি উলিয়ালে৷ কিন্তু ৩০ দিন পাৰ হৈ যোৱাৰ পাছতো দীপাংকৰ বৰ্মনৰ সন্ধান আৰক্ষীয়ে নুলিয়ালে৷ এয়া ইচ্ছাকৃত পৰিকল্পনা নে দীপংকৰ বৰ্মনৰ সৈতে থকা আৰক্ষীৰ ভিতৰুৱা বুজাবুজি আমি বুজিব পৰা নাই৷  প্ৰতি মাহত এক লাখ টকাৰ জ্জ শতাংশৰ অধিক লাভ দিম বুলি দীপাংকৰ বৰ্মনে কৈছিল৷ বিনিয়োগ কৰাৰ সময়ত কাৰো টকা যাতে ডুবি নাযায় তাৰ বাবে বিভিন্নজনৰ পৰা লোৱা ধনৰাশিৰ বীমা কৰি দিম বুলিও তেওঁ কৈছিল৷ এখন কৰ্মশালাত সকলো বিনিয়োগকাৰীক ধনৰ বিষয়ে চিন্তা কৰিবলৈ মানা কৰিছিল দীপাংকৰ বৰ্মনে৷ এতিয়া আৰক্ষীয়ে চুমি বৰা, বিশাল ফুকনক লৈ ব্যস্ত হৈ পৰিছে৷ দীপাংকৰ বৰ্মনৰ সম্পত্তিৰ বিষয়ে আৰক্ষীয়ে কিয় তদন্ত কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে আমি জনাত ৰ’য়েল গ্ল’বেল বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত এটা ফ্লেট, তেতেলিয়াত দুটা ফ্লেট ভাৰালৈ দিয়াৰ লগতে গোৱাত বিলাসী ফ্ৰেট আৰু হায়দৰাবাদত এটা প্ৰাসাদ ক্ৰয় কৰিছিল দীপাংকৰ বৰ্মনে৷ আমাৰ দৰে ভুক্তভোগীয়েই এই কথা জানো৷ আৰক্ষীয়ে কি কাৰণত এই তথ্যবোৰ উলিয়াব পৰা নাই, তাক লৈহে চিন্তিত হৈ পৰিছোঁ৷ উল্লেখ্য যে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হায়দৰাবাদ, বেংগালুৰু, মুম্বাই, বিহাৰ, জম্মু-কাশ্মীৰত কাৰ্যালয় খুলি বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল দীপাংকৰ বৰ্মনে৷ অকল কাৰ্যালয় খোলাই নহয়, বিভিন্ন স্থানত এজেণ্ট পৰ্যন্ত নিয়োগ কৰি ১০ শতাংশ কমিছনৰ বিনিময়ত ধন সংগ্ৰহ কৰিছিল৷ প্ৰৱঞ্চনাৰ জৰিয়তে লুণ্ঠন কৰা এই ধন ভুক্তভোগীয়ে পাব নে নাই সেয়া পিছৰ কথা, কিন্তু আজি পৰ্যন্ত মহানগৰীৰ স্মাৰ্ট আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ অৱস্থিতিৰ উমান উলিয়াব নোৱাৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷