Logo
image

‘কা’ বলৱতৰ পাছত শৰ্মা আয়োগৰ প্ৰস্তাৱ পূৰণ অৰ্থহীন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ ছেপ্টেম্বৰ : ‘কা’ বলবতৰ দিনাই হত্যা কৰা হৈছে অসম চুক্তিৰ আত্মাক৷ ‘কা’ক লৈ ৰাজ্যবাসী সক্ৰিয় ভূমিকা লৈ থকা বাবে ৰাজ্যবাসীৰ দৃষ্টি আঁতৰ কৰিবলৈ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা বিপ্লৱ শৰ্মা কমিটীয়ে দিয়া ৫৭টা পৰামৰ্শ কাৰ্যকৰী কৰিম বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই ভাষ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ বুধবাৰে অসম বিধানসভা চৌহদৰ নতুন বিধায়ক আবাসৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল আয়োজন কৰি বৰাই আৰু কয়– অসম চুক্তিৰ আত্মা প্তনং দফাক ‘কা’ আইন বলৱৎ কৰি নস্যাৎ কৰাৰ পিছত ৬নং দফা কাৰ্যকৰী কৰাৰ ভুৱা প্ৰচাৰ চলাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নিজৰ অবাধ দুৰ্নীতি আৰু পত্নীৰ সম্পত্তিৰ তালিকাৰ বিষয়টো গাপ দি চ্ছ-ত নিৰ্বাচনী বৈতৰণী পাৰ হ’বৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬নং দফাৰ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শৱলী আংশিকভাৱে পালন কৰাৰ কথা ঘোষণা কৰিছে৷ খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ খিলঞ্জীয়াক ভূমিৰ অধিকাৰ কেনেকৈ দিব? অন্যহাতে ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শৱলী কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন নোহোৱাকৈ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব নোৱাৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ৫৭টা পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি ঘোষণা কৰাৰ কেবাদিনো পাৰ হ’ল যদি এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কিয় কোনো বিবৃতি দিয়া নাই?  ‘কা’ বলৱতৰ পাছত বিপ্লৱ শৰ্মা কমিটীৰ প্ৰস্তাৱ পূৰণ অৰ্থহীন৷ ভাৰত-বাংলাদেশ সীমান্তৰ কৰিমগঞ্জৰ দেওপুৰ অঞ্চলত চ্ছ্ৰ কিলোমিটাৰ এতিয়াও উন্মুক্ত হৈ আছে৷ ডাবল ইঞ্জিনৰ চৰকাৰে সীমান্ত ছীল কৰা, দ্বি- নাগৰিকত্ব প্ৰদান কৰাৰ লগতে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাবে উচ্ছ সদন কৰি দেখুৱাওক৷ অসমৰ দেউৰী, তিৱা, ৰাভাকে ধৰি জনগোষ্ঠীসমূহৰ প্ৰতিনিধি উচ্ছ সদনলৈ আনিবৰ বাবে অসম চৰকাৰে কি প্ৰস্তাৱ গ্ৰহণ কৰিছে সেই কথা ৰাজহুৱা কৰক ৷ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই সংবাদমেলত অংশগ্ৰহণ কৰি কয় কংগ্ৰেছ চৰকাৰে অসমৰ জাতি-জনগোষ্ঠীৰ লোকসকলৰ সমস্যা সমাধানত সদায় অগ্ৰাধিকাৰ দি আহিছে৷ আনকি অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰখন আধাতে ভাঙি দিয়া হৈছিল যাতে নতুন চৰকাৰ গঠন কৰিব পৰা যায়৷ উচ্ছ সদনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল৷ 


খিলঞ্জীয়া আৰু অসমীয়াৰ সংজ্ঞা গ্ৰহণ কৰিবৰ বাবে সেই সময়ৰ বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈয়ে এক প্ৰস্তাৱো দাখিল কৰিছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাই সদিচ্ছা থাকিলে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰক৷ টংকেশ্বৰ ৰাভাৰ দৰে বিতৰ্কিত জনজাতীয় নেতা এজনক ৰাভা- হাছং পৰিষদৰ দায়িত্ব দিয়া বিষয়টোৰ তদন্ত হঅব লাগে৷ অসম বিধানসভাৰ জনজাতীয় বিধায়কসকলক লৈ এখন সমিতি গঠন কৰি টংকেশ্বৰ ৰাভা প্ৰকৃততে শৰণীয়া জনগোষ্ঠীৰ নে ৰাভা জনগোষ্ঠীৰ সেয়া অনুসন্ধান কৰিব লাগে৷ শৰণীয়া লোকসকলক জনজাতি নহয় বুলি ইতিমধ্যে ন্যায়ালয়ে ৰায় প্ৰদান কৰি থৈছে৷ তাৰপিছত টংকেশ্বৰ ৰাভাৰ পিতৃ আৰু লিগেচিয়ে শেহতীয়াকৈ তেওঁলোক শৰণীয়া আছিল বুলি প্ৰমাণিত কৰিছে৷ এই বিষয়টোৰো তদন্ত হোৱাৰ প্ৰয়োজন আছে৷ ইফালে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সুদীৰ্ঘ সময় ধৰি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল৷ তেওঁৰ কাৰ্যকালত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিলে অথবা কেবিনেটত বিষয়টো কেনেকৈ উত্থাপন কৰিছিল সেই তথ্য ৰাজহুৱা কৰিব লাগে৷ সোণোৱাল আৰু শৰ্মা মন্ত্ৰীসভাৰ সময়ছোৱাত অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰিছিল সেই কথাও ৰাইজক অৱগত কৰক বুলি দুয়োজন নেতাই আজি দাবী উত্থাপন কৰে৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ নীতি সদায় স্পষ্ট আছিল আৰু কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হেঁচা প্ৰদান কৰিছিল৷ আনটো বাদেই কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা কংগ্ৰেছৰ দিনত প্ৰদান কৰা হৈছিল৷ দুয়োজন নেতাই সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ আৰু চৰকাৰৰ দুৰ্নীতি গাপ দি জনবিৰোধী নীতিত জুৰুলা হোৱা ৰাইজৰ মন ঘূৰাবৰ বাবে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ লগতে জনজাতীয় লোকসকলৰ ত্ৰাণকৰ্তাৰ ভূমিকা লৈ এক প্ৰহেলিকাময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে বুলি উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতে অবাধ সম্পত্তি আহৰণ কৰা আৰু মাজুলীৰ ভূমি সংৰক্ষণ কৰাৰ পূৰ্বে মাজুলীত নিজৰ নামত মাটি ক্ৰয় কৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা বিয়াগোম দুৰ্নীতিৰ তদন্ত বিচাৰি কংগ্ৰেছে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বুলিও নেতাদ্বয়ে সংবাদমেলত জানিবলৈ দিয়ে৷

দুই-এজনে নাগৰিকত্ব পালে, পাঁচজন শ্বহীদ হ’ল : মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ প্ৰতিনিধি : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এদিনীয়া ভ্ৰমণসূচীলৈ চিৰাং আৰু বঙাইগাঁও জিলাত উপস্থিত হয়৷ ইপিনে বঙাইগাঁৱত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে ‘কা’ বলবৎ হোৱাৰ পাছত ৰাজ্যৰ বিৰোধীকে ধৰি বিভিন্ন দল-সংগঠনে আন্দোলন কৰিল৷ চৰকাৰৰ বিৰুদ্ধে কোৱা হৈছিল যে ‘কা’ বলবৎ হোৱাত অসমত ২০ লাখ বিদেশী নাগৰিকে নাগৰিকত্ব লাভ কৰিব৷ কিন্তু ২০ লাখৰ ঠাইত দুজনহে লাভ কৰিলে এই নাগৰিকত্ব৷ কিন্তু এই দুইজন নাগৰিকত্ব পোৱাৰ বাবে অসমত শ্বহীদ হবলগীয়া হল প্তজন কম বয়সীয়া ডেকা৷  মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই মন্তব্য প্ৰকাশ কৰি লগতে কয় যে বিৰোধীয়ে কেবল প্ৰশ্নই কৰি চলিছে কিন্তু বৰ্তমান চৰকাৰে কেবল কামেই কৰি গৈছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে সমাগত উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ আজি এদিনীয়া ভ্ৰমণসূচী লৈ আহিছে চিৰাং আৰু বঙাইগাঁৱলৈ৷ উল্লেখ্য যে ৰাজ্যখনত অনুষ্ঠিত হবলগীয়া প্তখন বিধান সভা সমষ্টিৰ ভিতৰত দুখন বিধান সভা সমষ্টি হৈছে চিদলী আৰু বঙাইগাঁও৷ সেই সূত্ৰে তেওঁ চিদলী সমষ্টি উপ-নিৰ্বাচনৰ সকলো দিশ চালি জাৰি চোৱাৰ বাবে আজি চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপ-নগৰী প্ৰেক্ষাগৃহত বিজেপি আৰু ইউ পি পি এল দলৰ এক যুটীয়া সভাত অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে বঙাইগাঁৱত নিৰ্মীয়মাণ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়ে৷ ২০২৫ চনৰ ভিতৰত এইখন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰাৰ লক্ষ্য চৰকাৰে বান্ধি লোৱা বুলি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে৷ লগতে অচিৰেই এইখন চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন পদত নিযুক্তি প্ৰদানৰ ব্যবস্থা কৰা হ’ব বুলিও জনায় তেওঁ৷ এই চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজৰ অগ্ৰগতিৰ বুজলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বঙাইগাঁও ৱাকিং জোনত কেবাটাও আচনিৰ শিলান্যাস কৰাৰ পাছতে উপস্থিত হয় বঙাইগাঁও আৰক্ষী কনভেনশ্বন হলত৷ ইয়াতে অনুষ্ঠিত হয় বিজেপি, অগপ আৰু ইউ পি পি এল দলৰ এক যুটীয়া সভা৷ উক্ত সভাতো উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে বঙাইগাঁও বিধান সভাৰ উপ-নিৰ্বাচনৰ ৰাজনৈতিক পৰিস্থিতিৰ বুজ লয়৷ আজিৰ এই সভাত অগপ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়, সাংসদ ফণীভূষণ চৌধুৰী, সাংসদ জয়ন্ত বসুমতাৰী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দত্ত, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়সহ আৰু কেবাজনো নেতৃবৃন্দ উপস্থিত আছিল৷

সোণাপুৰ কচুতলীৰ উচ্ছেদ সন্দৰ্ভত খিলঞ্জীয়া জনতাৰদ্বাৰা ধীকৃত কংগ্ৰেছে বিভ্ৰান্তি বিয়পোৱাৰ ষড়যন্ত্ৰ কৰিছে : বিজেপি

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত গ্ৰহণ কৰা কঠোৰ পদক্ষেপে ৰাজ্যৰ জনসাধাৰণক আশ্বস্ত কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ সোণাপুৰ কচুতলীৰ জনজাতীয় আৱেষ্টনীৰ সন্দেহযুক্ত বেদখলকাৰী কৱলৰ পৰা মুক্ত কৰাৰ কাৰণে চৰকাৰৰ কঠোৰ পদক্ষেপে খিলঞ্জীয়া জনতাৰ ব্যাপক সমৰ্থন লাভ কৰিছে৷ কিন্তু সততে খিলঞ্জীয়া বিৰোধীৰ স্থিতি গ্ৰহণ কৰি অহা কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ অন্তৰ্গত ৰাজনৈতিক দলসমূহে এই বিষয়তো কৌশলগতভাৱে বিৰোধিতা কৰি সাধাৰণ ৰাইজৰদ্বাৰা ধীকৃত হঅব লগা পৰিৱেশৰ সৃষ্টি হৈছে৷ এনে এক প্ৰেক্ষাপটতে জনতাৰ ৰোষৰ বলি হোৱা কংগ্ৰেছ দলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভ্ৰান্তি বিয়পোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আজি সম্বোধন কৰা সংবাদ মেলখনো এই ষড়যন্ত্ৰৰে অংশ মাথোঁ- এই বক্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ৷ আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় ৃঅটল বিহাৰী বাজপেয়ী ভৱনঅত অনুষ্ঠিত এক সংবাদ মেলত বৰুৱাই অভিযোগ কৰে যে কংগ্ৰেছ দলৰ খিলঞ্জীয়া বিৰোধী স্থিতি অসমৰ কাৰণে নতুন নহয়৷ ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত দুটাকৈ দশক শাসনত থকা কংগ্ৰেছ দলটোৱে চুক্তিৰ ৬ নং দফা ৰূপায়ণকে ধৰি কোনো বিষয়তে জনতাক সুৰক্ষিত কৰিব পৰা কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷ আজি যিখিনি সময়ত মুখ্যমন্ত্ৰী ৬০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত ৰাজ্য চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন আয়োগৰ পৰামৰ্শৱলী ৰূপায়ণৰ কাৰণে সময় নিৰ্ধাৰিত পদক্ষেপ ঘোষণা কৰিছে, সেইখিনি সময়তে কংগ্ৰেছ দলে প্ৰকাৰন্তৰে ইয়াৰ কৌশলপূৰ্ণ বিৰোধিতা কৰাতো কংগ্ৰেছৰ খিলঞ্জীয়া বিৰোধীৰ চৰিত্ৰৰে প্ৰতিফলন৷