Logo
image

৩৭ লাখলৈ বৃদ্ধি পাব অৰুণোদয় হিতাধিকাৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ছেপ্টেম্বৰ :  মহিলা সবলীকৰণৰ জৰিয়তে সামাজিক উত্তৰণৰ সুদুৰপ্ৰসাৰী পদক্ষেপ অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনস্থিত সংবাদ সন্মিলন কক্ষৰ পৰা কেন্দ্ৰীয়ভাৱে ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ অসমৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ মাজেদি ৰূপায়িত কৰিব বিচৰা অৰুণোদয় আঁচনিখনৰ এই তৃতীয় পৰ্যায়ৰ জৰিয়তে ৩৭.২ লাখ হিতাধিকাৰীক সামৰি লোৱা হ’ব৷ আনহাতে আজিৰ এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে  খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ১৯ লাখ ৯২ হাজাৰ ১৬৭ নতুন হিতাধিকাৰীক নিৰ্বাচিত কৰি ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচীও আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে৷ উল্লেখ্য যে, আজি দিছপুৰৰ পৰা শুভাৰম্ভ হোৱা অৰুণোদয় ৩.০১ এই কেন্দ্ৰীয় কাৰ্যসূচী অসমৰ ১২৬ টা সমষ্টিত আয়োজিত অনুষ্ঠানত পোনপটীয়াকৈ ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা প্ৰচাৰ কৰা হয় আৰু সমষ্টিসমূহত আয়োজিত অনুষ্ঠানসমূহত ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়কসকল উপস্থিত থাকে৷ অসমৰ নাৰী শক্তি সবলীকৰণৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে বুলি অনুষ্ঠানত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অতিৰিক্ত হিতাধিকাৰীসকলক অন্তভুৰ্ক্ত কৰাৰ লগতে ৰাজ্যত ৩৭ লাখ পৰিয়ালে যাতে মাহিলি ১২৫০ টকাকৈ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ১২৬ টা বিধানসভা সমষ্টিত আজি অৰুণোদয় ৩.০ যাত্ৰা আৰম্ভ কৰা হৈছে৷ তেওঁ কয় যে অৰুণোদয় ৩.0 ত নিঃকিন মহিলা, দিব্যাংগ, বিধবা, তৃতীয় লিংগ আৰু অন্যান্য দুৰ্বল লোকসকলক বিত্তীয় সুৰক্ষা প্ৰদানৰ হেতু অগ্ৰাধিকাৰ দিয়া হ’ব৷ তেওঁ লগতে কয় যে ২ লাখ টকাৰ তলৰ বাৰ্ষিক উপাৰ্জন থকা পৰিয়ালসমূহে এই আঁচনিৰ বাবে আবেদন কৰিবলৈ যোগ্য হিচাপে বিবেচিত হ’ব আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিত মাহিলি ৪৬৭ কোটি টকা ব্যয় কৰিব৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ লাভালাভ সম্প্ৰসাৰিত কৰা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আৰু ১২ লাখ হিতাধিকাৰীক সংযোগ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই হিতাধিকাৰীসকলে প্ৰতিমাহে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰিবলৈ যোগ্য হ’ব৷ এই আঁচনিত প্ৰতিমাহে ৪৪০ কোটি টকাৰো অধিক ব্যয় কৰা হ’ব বুলি তেওঁ কয়৷


তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ কাৰ্ডসমূহত আয়ুষ্মান ভাৰতৰ অধীনত বিনামূলীয়া চিকিৎসাও অন্তভুৰ্ক্ত থাকিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ পুষ্টি, বিত্তীয় চিকিৎসা আৰু আনুষংগিক প্ৰযোজনীয়তা এই কল্যাণমূলক পদক্ষেপসমূহে এক বিস্তৃত পৰ্যায়ত সমাজিক সুৰক্ষা বৰ্তনী সৃষ্টি কৰিব৷ লোকসভা নিবাৰ্চনৰ প্ৰাকমূহূৰ্তত জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি অনুসৰি¸ নিৰ্বাচন হৈ যোৱাৰ ১০০ দিনৰ ভিতৰতে প্ৰতিশ্ৰুতিসমূহ পুৰণ কৰা হৈছে বুলি তেওঁ কয়৷ ৰাজ্যৰ বিত্ত মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ২০২০-২১ বৰ্ষৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ অন্যতম অংগ হিচাপে অৰুণোদয় আঁচনিৰ কথা ঘোষণা কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰুত্থানৰ পথেৰে আগুৱাই নিয়াৰ কথা সাৰোগত কৰিয়েই আঁচনিখনৰ নাম অৰুণোদয় হিচাপে নামকৰণ কৰা হৈছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিৰ দুটা পৰ্যায় সফলভাৱে ৰূপায়ণ কৰা হৈছে৷ অসমৰ ইতিহাসৰ সবাতোকৈ অভিলাষী আঁচনিৰূপে অৰুণোদয় আঁচনিয়ে সম্প্ৰতি ৰাজ্যৰ ২৪.৬০ লাখতকৈও অধিক দৰিদ্ৰ লোকৰ জীৱন চুই যাবলৈ সক্ষম হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শীতাৰ বাবে অসম আৰু ভাৰতত জনধন একাউণ্ট, আধাৰ কাৰ্ডৰ সৈতে ম’বাইল ফোনৰ নম্বৰ সংযোগ কৰাৰ ব্যৱস্থা আৰম্ভণি কৰা হৈছিল৷ প্ৰধানমন্ত্ৰীয়ে হাতত লোৱা জনধন একাউণ্টৰ ফলস্বৰূপে প্ৰত্যেক মাহত ৰাজ্যৰ ২৪.৬০ লাখ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰ কৰিব পৰা গৈছে৷ তেওঁ কয় যে প্ৰথম অৱস্থাত এই আঁচনিৰ অধীনত প্ৰত্যক্ষভাৱে ৮৩০ টকাকৈ বেংক একাউণ্টত প্ৰদান কৰা হৈছিল৷ আঁচনিখনৰ জৰিয়তে জনসাধাৰণে কিদৰে বিভিন্ন পৰ্যায়ত দৈনন্দিন জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায়ক হৈ উঠিছিল সেই বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড মহামাৰীৰ সময়ত আঁচনিখনৰ অধীনত অতিৰিক্তকৈ ১৭০ টকা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু ক’ভিডৰ পাছতো এই ধন প্ৰত্যাহাৰ কৰা হোৱা নাই৷ তেওঁ কয় যে ২০২২ চনত বিদ্যুতৰ মাছুল বৃদ্ধিৰ পৰা দৰিদ্ৰ জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে অৰুণোদয়ৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হয়৷ অৰুণোদয় ৩.০ ৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত চলোৱা সমীক্ষাৰ সময়ত ৰাজ্যৰ যোগ্য কোন পৰিয়ালে অৰুণোদয় পোৱা নাই আৰু কোনবোৰ পৰিয়ালত মুৰব্বীজনক জীৱন বীমা প্ৰয়োজন নতুবা নিযুত মইনা আঁচনিখনে কিমান সংখ্যক ছাত্ৰীক সামৰি ল’ব পাৰে  সেই বিষয়ে বিভিন্ন তথ্য পোহৰলৈ আহিছিল৷ সেই সময়ত এই তিনিখন আঁচনিৰ প্ৰপত্ৰ ৰাইজৰ মাজত বিতৰণ কৰা হৈছিল, তেতিয়া বহুতে সমালোচনা কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কিমান সংখ্যক জনসাধাৰণে কোনখন আঁচনিৰ সুবিধা এতিয়াও লাভ কৰা নাই সেয়া সমীক্ষাৰ দ্বাৰাহে স্পষ্ট হৈ পৰে৷ তেওঁ মন্তব্য কৰে যে নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি সমাজ সেৱালৈ ৰূপান্তৰ কৰাৰ জৰিয়তে হে সমাজখনক আগুৱাই লৈ যাব পৰা যায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই জৰীপৰ পৰা ৰাজ্যৰ প্ৰায় মুঠ ১০ লাখ পৰিয়ালে এতিয়াও অৰুণোদয় পাবলৈ সক্ষম নোহোৱা কথাতো স্পষ্ট হৈ পৰিছিল৷ অৰুণোদয় ৩.০ ৰ জৰিয়তে প্ৰতিটো সমষ্টিত গড় হিচাপত ১০ হাজাৰকৈ মুঠ ১২ লাখ ৬০ হাজাৰ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব পৰা যাব৷ মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে আজি শুভাৰম্ভ হোৱা অৰুণোদয় ৩.০ আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ হ’লে অৰুণোদয় ১.০ আৰু ২.০ ৰ পূৰ্বৰ হিতাধিকাৰীসকলে নতুনকৈ আবেদন কৰিব লাগিব আৰু ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব৷

এই নতুন ব্যৱস্থাৰ বাবে পূৰ্বৰ হিতাধিকাৰীসকলে শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আধাৰ কাৰ্ড অবিহনে  আজিকালি কোনেও ৰেচন কাৰ্ড নাপায়৷ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিখন ৰেচন কাৰ্ডৰ লগত জড়িত কৰিব বিচাৰিছে যাতে এই আঁচনিখনৰ দ্বাৰা উপকৃত হোৱা লোকৰ পৰিসংখ্যা যিকোনো সময়তে উপলব্ধ হয় আৰু এই পৰিকল্পনাৰ আধাৰতে ৰাজ্য চৰকাৰে ১৯ লাখ ৯২ হাজাৰ ১৬৭ গৰাকী লোকক নতুনকৈ ৰেচন কাৰ্ড দিবলৈ ব্যৱস্থা কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ২,৩১,৯৭,৬০৮ গৰাকী হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি আছে৷ নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ পাছত অসমত ৰেচন কাৰ্ড থকা লোকৰ সংখ্যা প্ৰায় ২ কোটি ৬০ লাখলৈ বৃদ্ধি পাব৷ ফলত ৰেচন কাৰ্ড নোপোৱা পৰিয়াল অসমত কমেই থাকিব৷ যিসকলে অৰুণোদয়ৰ বাবে আবেদন কৰিব তেওঁলোকে প্ৰথমে ৰেচন কাৰ্ড ল’ব লাগিব৷ কোনে অৰুণোদয় পাব আৰু কোনে অৰুণোদয় নাপাব এই সন্দৰ্ভত স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয়– বিধৱা, অবিবাহিতা (৪৫বছৰ বয়সৰ ঊদ্ধৰ্ৰ), বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা, তৃতীয় লিংগৰ ব্যক্তি, লিংগ নিৰ্বিশেষে ‘দিব্যাংগৰ অধিকাৰ আইন, ২০১৬’ত সংজ্ঞায়িত দিব্যাংগ ব্যক্তি, চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাৱাসত বাস কৰা মহিলাসকলকে ধৰি বৃদ্ধাযঅলৰ-অচৰ মহিলা, যি পৰিয়ালত মূল উপাৰ্জনকাৰী ব্যক্তিগৰাকী দিব্যাংগ বা বৃদ্ধ উপাৰ্জনকাৰী ব্যক্তিগৰাকী দিব্যাংগ বা বৃদ্ধ (ষাঠি বছৰ বয়সৰ উদ্ধৰ্ৰ) তেনে পৰিয়ালৰ মহিলা, এইচ আইভিয থেলাচেমীয়াযহেম’ফিলিয়াযচেৰিব্ৰেল পালছিযলেপ্ৰ’ছীয অ’টিজিম স্পেকট্ৰাম ডিচঅৰ্ডাৰত আক্ৰান্ত কোনো সদস্য থকা পৰিয়ালৰ মহিলা, আশ্ৰয়হীন পৰিয়ালৰ মহিলা, ভিক্ষা খুজি ফুৰা নিঠৰুৱা মহিলা, অন্তে্যাদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী, মুঠ ২লাখ টকাতকৈ কম বাৰ্ষিক আয় কৰা পৰিয়ালৰ মহিলা আদিয়ে অৰুণোদয় পাব৷ আনহাতে সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্যকাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্য, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় নিকায় আৰু স্বায়ত্তাসিত পৰিষদযভিচিডিচি ইত্যাদিৰ বৰ্তমানৰ সদস্য [ষষ্ঠ অনুসূচীৰ জিলাত], চিকিৎসক, অভিযন্তা, স্থপতিবিদ, চাৰ্টাড একাউণ্টেণ্ট, বেংক বিষয়া, উকীল, ঠিকাভিত্তিকযঅস্থায়ী শিক্ষককে সামৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্ছতৰ মাধ্যমিক বিদ্যালয় কনিষ্ঠ মহাবিদ্যালয়, উচ্ছ মাধ্যমিক বিদ্যালয়, উচ্ছ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক, যিকোনো নিয়মীয়া চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ বা অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশা কৰ্মী, আশা ছুপাৰভাইজৰ, গাঁও প্ৰধানকে ধৰি ঠিকাভিত্তিক কৰ্মচাৰী, আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়াৰ ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞাপত্ৰধাৰী, আয়কৰ পৰিশোধ কৰা ব্যৱসায়ীযউদ্যোগী, দোকানী, বেপাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে আন ভূমিৰ গৰাকী, যন্ত্ৰচালিত চাৰিচকীয়া বাহনৰ গৰাকী, ‘অৰুণোদয় প্লাছ’ আঁচনিৰ অধীনৰ হিতাধিকাৰী আৰু অৰুণোদয় ৩.0 আঁচনিখনৰ দৰে একেধৰণৰ আঁচনিৰ অধীনত ৰাজ্যৰ পৰা সম বা অধিক পৰিমাণে উপকৃত হোৱা হিতাধিকাৰী, ৰাষ্টীয় খাদ্য সুৰক্ষা আইন, ২০১৩’ৰ অধীনৰ ‘অসম খাদ্য সুৰক্ষা বিধি’ত অধিসূচিত কৰা আয়ৰ সীমাতকৈ অধিক আয় কৰা পৰিয়ালে অৰুণোদয় আঁচনি নাপাব৷  চাৰিচকীয়া বাহন থকা, ১৫ বিঘাকৈ অধিক ভূমি থকা ব্যক্তিয়ো এই আঁচনিৰ আওতাৰ পৰা বাহিৰত থাকিব৷

কেৱল গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ দুখীয়া আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ সুবিধাৰ অৰ্থেহে এই আঁচনিখন প্ৰণয়ন কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে আজিৰে পৰা অৰুণোদয় ৩.ঙ্ম আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পিছত পৰবৰ্তী সমগ্ৰ প্ৰক্ৰিয়া আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰি হিতাধিকাৰীসকলক নিয়মীয়াকৈ ধন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব৷ তেওঁ লগতে কয় যে নতুন হিতাধিকাৰী সংযোজন কৰি অৰুণোদয় ৩.0 ৰ আধাৰত নিয়মীয়াকৈ ধন আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ নোহোৱা পৰ্যন্ত পুৰণি হিতাধিকাৰীসকলে নিয়মীয়াকৈ প্ৰতিমাহে ধন লাভ কৰি থাকিব৷ এই আঁচনিখনৰ বাবদ প্ৰতিমাহে ৪৬৭ কোটি টকাকৈ বাৰ্ষিক ৫৬০৪ কোটি টকাৰ প্ৰয়োজন হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ ৰাজ্যৰ ইতিহাসত বৃহৎ ধন জড়িত হৈ থকা এনে আঁচনি কোনো চৰকাৰে গ্ৰহণ কৰা নাছিল বুলি তেওঁ কয়৷ এই আঁচনিৰ আধাৰতে মধ্যপ্ৰদেশে লাডলি বেহেনা, চত্তিশগড়ত মাহাতাৰী বন্দন যোজনা, কৰ্ণাটকত গৃহজ্যোতিকে ধৰি বিভিন্ন ৰাজ্যত নাৰী সবলীকৰণৰ আঁচনি  আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰেচন কাৰ্ড লাভ কৰাৰ পিছত প্ত কেজিকৈ চাউল  বিনামূলীয়াকৈ লাভ কৰিব৷ তেওঁ লগতে সদৰী কৰে যে নতুনকৈ ৰেচনকাৰ্ড প্ৰদান কৰাৰ ফলত ৰাজ্য চৰকাৰৰ প্ৰতিমাহে ৪৪১ কোটি টকা ব্যয় হ’ব৷ দুখীয়া-দৰিদ্ৰ মানুহক তিনিটাকৈ সহায় প্ৰত্যক্ষভাৱে কৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয়ৰ জৰিয়তে ১২৫০ টকা, চাউলৰ বাবদত প্ৰায় ২০০ টকা আৰু চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে বছৰি প্ত লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰি থকা হৈছে৷ চৰকাৰে এনেধৰণৰ কাম কৰি থকাৰ বাবে ৰাজ্যখনৰ ৮০ লাখ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷ আজিৰ এই কেন্দ্ৰীয় অনুষ্ঠানত বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, মুখ্য সচিব ড॰ ৰবি কোটা প্ৰমূখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি তথা শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

পলাশবাৰীত অৰুণোদয় উদ্বোধন

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদক : সমগ্ৰ ৰাজ্যত অৰুণোদয় ৩.০ ৰ আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে৷ এই উপলক্ষে পলাশবাৰী সমষ্টিৰ সৰপাৰাস্থিত পলাশবাৰী আৰ বি  উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাত বিধায়ক হেমাংগ ঠাকুৰীয়াৰ নেতৃত্বত এখন সভা অনুষ্ঠিত হয়৷ সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল যোগে অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভণি কৰে৷ উক্ত সভাত আদৰণি ভাষণ প্ৰদান কৰে কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত কমল বৰুৱাই৷ সভাৰ অন্তত ৰামপুৰ উন্নয়ন খণ্ড বিষয়া জেহেৰুল ইছলামে শলাগৰ শৰাই আগবঢ়াই৷ এই শুভাৰম্ভণি অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ শ শ মহিলা উপস্থিত থকা সভাত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া মানৱ ডেকা, ৰাণী, ৰামপুৰ, ছয়ানী আৰু ছয়গাঁও উন্নয়ন খণ্ডৰ খণ্ড বিষয়াসকল, পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীণা দাস কলিতা, ৱাৰ্ড কমিছনাৰ পলাশবাৰী উপমা দাসৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ 

কলিয়াবৰতো অৰুণোদয় উদ্বোধন 

‘আমাৰ অসম’ৰ কলিয়াবৰৰ প্ৰতিবেদক : আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি ১২৬টা বিধানসভা সমষ্টিত একোখনকৈ জনসভাৰ মাজত অৰুণোদয় আঁচনি- ৩ উন্মোচন কৰে৷ ইয়াৰ লগে লগে কলিয়াবৰ বিধানসভা সমষ্টিত আৰু দহ হাজাৰ নতুন হিতাধিকাৰী ইয়াৰ অন্তৰ্ভুক্ত হ’ব৷ কলিয়াবৰত প্ৰায় ৩০১ পৰা ৩৫ হাজাৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব৷ কলিয়াবৰত আজি এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই৷ ইয়াৰ কুঁৱৰীটোল মুক্তি যুঁজাৰু ভৱনত অৰুণোদয় আঁচনি-৩১ উন্মোচনী সভাত অংশ লৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আঁচনি খনৰ ব্যাখ্যা দাঙি ধৰে৷

বৰপেটাত অৰুণোদয়ৰ আৰম্ভণি

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদক : বৰপেটা জিলাৰ চ্ছ্ৰটা বিধানসভা সমষ্টিত অৰুণোদয় ৩.০১ শুভাৰম্ভণি আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন হিতাধিকাৰী সংযোজন প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়৷ আজি বৰপেটা জিলাৰ চ্ছ্ৰটা বিধানসভা সমষ্টিত ‘অৰুণোদয় ৩.০’ ৰ শুভাৰম্ভণি কৰা হয়৷ আঁচনিখনৰ শেহতীয়া পৰ্যায়ত প্ৰায় ৩৭.২ লাখ হিতাধিকাৰী সংযোজন কৰা হ’ব৷ বৰপেটা, মন্দিয়া, চেঙা, আৰু পকাবেতবাৰী বিধানসভা সমষ্টিত একেলগে অনুষ্ঠিত হোৱা অনুষ্ঠানত নিজ নিজ সমষ্টিৰ বিধায়কসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দিছপুৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ সবিশেষ জিলাখনৰ চাৰিওটা স্থানতে পোনপটীয়াকৈ প্ৰদৰ্শন কৰা হয়৷ বৰপেটা বিধানসভা সমষ্টিৰ ছায়াৰাম খেল পথাৰত অনুষ্ঠিত এই অনুষ্ঠানত অংশ লোৱা বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে আঁচনিৰ বাবে যোগ্য সকলো ব্যক্তি যাতে ইয়াৰ সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ বাবে জিলাৰ বিষয়া সকলক আহ্বান জনায়৷ 

নগাঁও জিলাৰ ৭টা বিধানসভা সমষ্টিত অৰুণোদয় আৰম্ভণি

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : নগাঁও-বটদ্ৰবা সমষ্টিৰ বাবে কলংপাৰৰ নেহৰুবালিত আজি জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত অসম চৰকাৰৰ আঁচনি অৰুণোদয় ৩.০আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ গুৱাহাটীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে ভাৰ্চুৱেলী উদ্বোধন কৰা অনুষ্ঠানটি পোনপটীয়া সম্প্ৰচাৰ স্ক্ৰীনত প্ৰদৰ্শন কৰা হয়৷ নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আদৰণি ভাষণত চৰকাৰৰ এই ধবজাবাহী আঁচনিখন সম্পৰ্কে বক্তব্য আগবঢ়ায়৷ নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা অনুষ্ঠানত উপস্থিত থাকে৷ সমান্তৰালভাৱে আজি নগাঁও জিলাৰ ৰহা, ধিং, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ আৰু বঢ়মপুৰ বিধানসভা সমষ্টিটো মন্ত্ৰী-বিধায়ক, গণ্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অৰুণোদয় ৩.০১ শুভাৰম্ভনি কাৰ্যসূচী আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত নগাঁৱৰ পৌৰপতি অম্বিকা মজুমদাৰ, জিলা অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং, নগাঁও সদৰ চক্ৰ বিষয়া কে ঈশান সিং, উপ-পৌৰপতি সীমান্ত বৰা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰnৱজ্যোতি শৰ্মা, সমাজসেৱক মণিমাধব মহন্ত, পৌৰ আয়ুক্তসকল, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, হিতাধিকাৰীসকল আৰু নগাঁও-বটদ্ৰবা সমষ্টিৰ স্থানীয় ৰাইজ উপস্থিত থাকে৷ ৫৫ লাখতকৈও অধিক ভুৱা ৰেচন কাৰ্ড বাতিল কৰাটো

চৰকাৰৰ সফলতা : ৰণজিৎ কুমাৰ দাস 

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদক : ৰেচন কাৰ্ড এখন থাকিলে আমাৰ সৰ্বসাধাৰণ মানুহখিনিয়ে যথেষ্ট সকাহ পায়৷ কেৱল চাউল পাবৰ বাবেই নহয় আয়ুষ্মান কাৰ্ড, বীমা আঁচনিকে আদি কৰি বিভিন্ন ক্ষেত্ৰত ৰেচন কাৰ্ডখনে দুখীয়া ৰাইজক উপকৃত কৰে৷ সেইবাবেই চৰকাৰৰ পৰা অন্ততঃ ৰেচন কাৰ্ড এখন ৰাইজে আশা কৰে৷ কিন্তু যোৱা বিধানসভাত নিৰ্বাচনত আমাৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত ৰেচন কাৰ্ড দিয়াৰ কথাটো উল্লেখ নাছিল৷ সেয়েহে ৰাইজে আমাৰ চৰকাৰে ৰেচন কাৰ্ড দিব বুলি আশাও কৰা নাছিল৷ দুখীয়া ৰাইজৰ কথা চিন্তা কৰিয়েই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাাৰ বলিষ্ঠ নেতৃত্বত বিগত ০৭/১২/২০২২ তাৰিখে অনুষ্ঠিত কেবিনটত ৪২,৮৫,৭৪৫ গৰাকী হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু ৰাইজক সেয়া বিতৰণ কৰা হ’ল৷ পৰৱৰ্তী সময়ত পুনৰ ০৪/০৯/২০২৪ তাৰিখৰ কেবিনটত ১৯,৯২,১৬৭ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু অতি সুখ অনুভৱ কৰিছোঁ যে আজিৰ পৰা ইয়াৰ কাম আৰম্ভ হ’ল৷ তাৎপৰ্যপূৰ্ণ, এই যে ৪২ লাখ নতুন ৰেচন কাৰ্ড দিয়া হৈছে বা ১৯ লাখ ৰেচন কাৰ্ড দিয়া হ’ব এয়া কোনো ভাৰত চৰকাৰৰ পৰা অনা ৰেচনকাৰ্ড নহয়৷ আপোনালোকে জানি আচৰিত হ’ব যে, আমি যেতিয়া ৰেচনকাৰ্ডৰ সৈতে আধাৰকাৰ্ড সংযোগ কৰিছিলোঁ তেতিয়া অসমত প্ৰায় ৫৫ লাখতকৈ অধিক ভুৱা হিতাধিকাৰী ধৰা পৰিছিল৷ পূৰ্বৰ চৰকাৰৰ দিনত বিভিন্ন উপায়েৰে মৃত-জীৱিত একো একোজন মানুহৰ ভিন্ন-ভিন্ন নামত ১০-১২ জনকৈ হিতাধিকাৰী সৃষ্টি কৰি বছৰ-বছৰ ধৰি সেই ৰেচন কাৰ্ডৰ চাউল আত্মসাৎ কৰি আহিছিল৷ যিহেতু এতিয়া আধাৰকাৰ্ড আহিল আৰু এজন ব্যক্তিৰ এখনহে আধাৰকাৰ্ড থাকিব পাৰে সেয়েহে আধাৰকাৰ্ড সংযোগ কৰাৰ পিছতেই উক্ত ৫৫ লাখতকৈও অধিক ভুৱা হিতাধিকাৰীৰ কথাটো পোহৰলৈ আহে৷ ইয়াৰ ফলস্বৰূপে আমি বিগত সময়ত ৪২ লাখতকৈ অধিক প্ৰকৃত হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ আৰু আজিৰ পৰা পুনৰ ১৯ লাখতকৈ অধিক লোকক ৰেচন কাৰ্ড প্ৰদান কৰিবলৈ পাই আমি গৌৰৱ বোধ কৰিছোঁ৷ এই শুভক্ষণত বিভাগীয় মন্ত্ৰী হিচাপে মই হিতাধিকাৰীসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ৷

শোণিতপুৰ জিলাত অৰুণোদয়ৰ শুভাৰম্ভণি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ : অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি লোক সেৱা ভৱন দিশপুৰৰ পৰা ৰাজ্যজুৰি অৰুণোদয় ৩.০১ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ ইয়াৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত অৰুণোদয় ৩.০ ক্ৰমে  ঢেকীয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ভোটপৰা ষ্টেডিয়ামত,  বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে কেহেৰুখণ্ডা ৰংগমঞ্চত, তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই চাৰ্চ ফিল্ডত, ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ফুলবাৰী বাণিজ্যিক মেলা প্ৰেক্ষাগৃহত আৰু নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰি বহাগী মেলা বাকৰিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে৷ আজিৰ এই অৰুণোদয় ৩.০ শুভাৰম্ভ কৰা অনুষ্ঠানসমূহৰ নদুৱাৰত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰত শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৰৱী শইকীয়া কৰণ আৰু বৰছলা, ঢেকীয়াজুলি, ৰঙাপৰত অতিৰিক্ত আয়ুক্তত্ৰয় ক্ৰমে গৰ্গ মোহন দাস, কবিতা কাকতি কোঁৱৰ আৰু টৱাহিৰ আলম উপস্থিত থকাৰ লগতে ৰাজহ চক্ৰ বিষয়া সকলো উপস্থিত থাকে৷ এই অৰুণোদয় ৩.০ আঁচনিৰ জৰিয়তে শোণিতপুৰ জিলাৰ প্ৰায় ৰ লাখ ৪৭ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হ’ব৷