Logo
image

প্ৰস্ৰাৱতেই গম পাব কিডনী সুস্থ নে অসুস্থ

কিডনী বা বৃক্ক মানৱদেহৰ এটা অন্যতম অংগ৷ কিডনীৰ সমস্যা হ’লে সমস্ত দেহত তাৰ প্ৰভাৱ পৰে৷ ইয়াৰ পৰিণতি মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেয়ে কিডনীৰ  সমস্যা হ’লে ভুলতো অৱহেলা নকৰিব৷  কিডনীৰ সমস্যা হ’লে প্ৰস্ৰাৱত তাৰ প্ৰাথমিক লক্ষণ প্ৰকাশ পায়৷ তদুপৰি অন্যান্য মৃদু উপসৰ্গয়ো দেখা দিবলৈ আৰম্ভ কৰে৷ 

অনবৰতে ভাগৰ লগা, অনিদ্ৰা, ছালৰ সমস্যা, ঘাঁ হোৱা, হাড়ৰ সমস্যা আৰু আনকি ভৰি ফুলাটো কিডনী অসুস্থ হোৱাৰ অন্যতম লক্ষণ হ’ব পাৰে৷ এনেকুৱা সমস্যাক কেতিয়াও সাধাৰণভাৱে নল’ব৷  কিডনীৰ সমস্যা হ’লে প্ৰস্ৰাৱত যি লক্ষণ প্ৰকাশ পায় সেয়া অৱহেলা নকৰিব৷ কিয়নো কিডনীৰ সমস্যা প্ৰাথমিক অৱস্থাত ধৰা পৰিলে তাক প্ৰতিৰোধ কৰাটো সম্ভৱ৷ উল্লেখ কৰা হ’ল  কিডনীৰ  সমস্যা হ’লে প্ৰস্ৰাৱত কেনেধৰণৰ লক্ষণে দেখা দিয়ে–

১) সঘনাই প্ৰস্ৰাৱ হোৱা

২) প্ৰস্ৰাৱ নিয়মীয়া নোহোৱা

৩) ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ হোৱা


৪) প্ৰস্ৰাৱৰ সৈতে পুঁজ আৰু তেজ ওলোৱা

৫) প্ৰস্ৰাৱৰ সৈতে ফেন ওলোৱা

৬) পাত্থৰৰ গুড়ি ওলোৱা বা তলপেটত বিষ অনুভৱ কৰা

বিশেষজ্ঞসকলৰ মতে, উল্লিখিত ধৰণৰ সমস্যা হ’লে লগে লগে  ইউৰোল’জিষ্টৰ পৰামৰ্শ লোৱা উচিত৷ মনত ৰাখিব প্ৰস্ৰাৱ কমকৈ হোৱা বা অত্যধিক প্ৰস্ৰাৱ হোৱা দুয়োটাই কিডনীৰ সমস্যাৰ লক্ষণ৷ 

দিনত দুই-তিনিবাৰ আৰু ৰাতি শোৱাৰ পূৰ্বে দুই-তিনিবাৰ প্ৰস্ৰাৱ হোৱাটো স্বাভাৱিক৷ অৰ্থাৎ ২৪ ঘণ্টাত চাৰি-পাঁচবাৰ প্ৰস্ৰাৱ হ’লে চিন্তাৰ কাৰণ নাথাকে৷