Logo
image

প্ৰতিবাদকাৰীক ঘুচিয়াই নাক ভাঙি দিয়াৰ ভাবুকি বিধায়ক ৰূপজ্যোতিৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু মৰিয়নিৰ বিশেষ প্ৰতিবেদক, ২১ ছেপ্টেম্বৰ : হলৌ বান্দৰকে ধৰি সাতটা বান্দৰ প্ৰজাতিৰ উমৈহতীয়া বসতিস্থল হোলোঙাপাৰ গিবন অভয়াৰণ্যত বেদান্ত কোম্পানীক তেল  আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰাৰ বিৰোধিতাৰে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে৷ কালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিয়ে ৰূপায়ণ কৰিছিল অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী৷ ইয়াৰ পাছতে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে৷ আনকি প্ৰতিবাদকাৰীক ঘূচিয়াই নাক ভাঙি দিয়াৰ হুমকি দি কুৰ্মীয়ে কয়– ‘যিসকলে গিবনত গছপুলি, ফুলপুলি এটা ৰুই পোৱা নাই তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে৷ ট্ৰেডিঙত নাম সাঙোৰ খোৱাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে৷ গিবনত জীৱ-জন্তুৱে পানী খাবৰ বাবে পুখুৰী আমি খন্দাই দিছো৷ মই ব্লেক বেল্ট নহলেও ব্ৰাউন বেল্ট একে ঘোচাই নাক ভাঙি দিম৷’ বিধায়কগৰাকীৰ মতে তথাকথিত এচাম প্ৰকৃতিপ্ৰেমী আৰু বিৰোধীয়ে গিবনক লৈ সস্তীয়া ৰাজনীতিত নামি পৰিছে৷


বন্যপ্ৰাণী অভয়াৰণ্য গিবনত তেল আৰু গেছ অন্বেষণৰ বাবে চৰকাৰে কোনো ধৰণৰ অনুমতি দিয়া নাই বুলি দাবী তথ্য সহকাৰে স্পষ্ট কৰিলে বিধায়ক কুৰ্মীয়ে৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গেজেট ৰিপৰ্ট’ৰ নিৰ্দেশনাৱলী অনুসৰি গিবন অভয়াৰণ্যত চৰকাৰে তেল-গেছৰ অন্বেষণৰ বাবে কোনো চৰকাৰী বা বে-চৰকাৰী প্ৰতিষ্ঠানক অনুমতি প্ৰদান কৰা নাই বুলি স্পষ্ট কৰি বিধায়কগৰাকীয়ে কয়– বেদান্ত তেল আৰু গেছ কোম্পানী নামৰ এটা প্ৰতিষ্ঠানক দিচৈভেলী সংৰক্ষিত বনাঞ্চলৰ ‘ভিক্ত’ নামৰ নগা বস্তিৰ সমীপত খননৰ অনুমতি প্ৰদান কৰিছে৷ যাৰ এৰিয়েল ডিষ্টেঞ্চ হ’ব গিবন অভয়াৰণ্যৰ পৰা ১৩ কিলোমিটাৰ৷  বিষয়টো ভালদৰে অনুসন্ধান নকৰাকৈ তথাকথিত কেইজনমান প্ৰকৃতিপ্ৰেমী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিৰোধী ৰাজনৈতিক দলে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি গিবনক লৈ সস্তীয়া ৰাজনীতি কৰিছে৷ স্থানীয় বিধায়ক হিচাপে গিবন অভয়াৰণ্যৰ ঐতিহ্য আৰু জৈৱ বৈচিত্ৰ্য ধবংস হোৱা কোনো কাম কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ গিবনত কেতিয়াও গছ পুলি এটা ৰুই নোপোৱা সেই তথাকথিত প্ৰকৃতিপ্ৰেমী সকলক গিবনক লৈ সস্তীয়া ৰাজনীতি নকৰিবলৈ সকীয়াই দিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ 

অৰুণাচল প্ৰদেশত শিক্ষাৰ্থীৰ মাজত বিপন্ন গিবন সংৰক্ষণ বিষয়ক সজাগতা সৃষ্টি 

উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে নামদফা ব্যাঘ্ৰ সংৰক্ষণ কতৃৰ্পক্ষৰ সহযোগত আৰু এৰকাছ ফাউণ্ডেশ্যনৰ সমৰ্থনত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চৌপাশৰ অঞ্চলসমূহত হলৌ গিবন সংৰক্ষণ শিক্ষা আৰু সজাগতা বিষয়ক এলানি কাৰ্যসূচী অনুষ্ঠিত কৰিছে৷ চলিত বৰ্ষৰ ২২ আগষ্টত চাংলাং জিলাৰ মিয়াও উচ্ছ প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰা তথা অৰুণাচল প্ৰদেশত প্ৰথমাবাৰৰ বাবে হাতত লোৱা এই কাৰ্যসূচীয়ে ইতিমধ্যে মিয়াও মহকুমাৰ উচ্ছ প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যন্ত মুঠ ১৭খন বিদ্যালয়ক সামৰি লৈছে৷ আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ উদ্যোগত গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ চৌপাশৰ এলেকাৰ শিক্ষাৰ্থীসকলক গিবন সংৰক্ষণৰ প্ৰতি অনুপ্ৰাণিত কৰা চেষ্টা কৰা হৈছে৷ এই কাৰ্যসূচীৰ অংশহিচাপে দৃশ্য্‌-শ্ৰব্য উপস্থাপনসহ বক্তৃতা দিয়াৰ লগতে তথ্যচিত্ৰ, ছবি প্ৰদৰ্শন, মত-বিনিময় আৰু কিতাপ, পোষ্টাৰ আৰু ষ্টিকাৰ বিতৰণ কৰা হয়৷ এই বিদ্যালয় ভিত্তিক সজাগতা কাৰ্যসূচীৰ বাবে আৰণ্যকক কৃতজ্ঞতা জনাই নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক, আই এফ এছ, ভি কে জাৱালে এই কাৰ্যসূচীয়ে ৰাজ্যখনত গিবন সংৰক্ষণৰ বৃহত্তৰ উদ্দেশ্য পূৰণত অৰিহণা যোগাব বুলি মন্তব্য কৰে৷ তেওঁ লগতে কয় যে গিবন অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্ৰাণী আৰু বিপন্নপ্ৰায় এই প্ৰজাতিটোৰ সুৰক্ষা আৰু সংৰক্ষণ নিশ্চিত কৰাটো সকলো নাগৰিকৰে কৰ্তব্য৷ এই কাৰ্যসূচীয়ে পৰোক্ষ্যভাৱে ব্যাঘ্ৰ সংৰক্ষণতো সহায় কৰিব বুলিও জাৱালে কয়৷ আৰণ্যকৰ জ্যেষ্ঠ প্ৰাইমেট’ল’জিষ্ট তথা ইয়াৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী আৰু আই ইউ চি এন প্ৰাইমেট বিশেষজ্ঞ গোট [দক্ষিণ এছিয়া]ৰ উপাধ্যক্ষ ড॰ দিলীপ চেত্ৰীয়ে প্ৰকাশ কৰে যে পশ্চিমীয়া হলৌ গিবনেই হৈছে ভাৰতত পোৱা আৰু মানুহৰ সৈতে জিনীয়ভাৱে নিকটৱৰ্তী একমাত্ৰ বানৰ প্ৰজাতি৷ তেওঁ লগতে কয় যে ভাৰতৰ উত্তৰ পূৱৰ সাতখন ৰাজ্যত পোৱা এই বিপন্ন, বৃক্ষাশ্ৰয়ী, ফলভোজী বানৰ প্ৰজাতিটোৰ বিচৰণথলী ব্ৰহ্মপুত্ৰ-ডিবাং নদী প্ৰণালীৰ দক্ষিণ অঞ্চলতে সীমাবদ্ধ৷ প্ৰায় ২২০০ বৰ্গ কিলোমিটাৰ ব্যাপি থকা নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল গিবনৰ মূল বিচৰণভূমি৷ ড॰ চেত্ৰীয়ে বিচৰণ ভূমি হ্ৰাস, খণ্ড-বিখণ্ড হোৱা আৰু চিকাৰে গিবনৰ প্ৰতি সৃষ্টি কৰা গুৰুতৰ ভাবুকিৰ ওপৰত আলোকপাত কৰে৷ এই কাৰ্যসূচীয়ে গিবন সংৰক্ষণৰ চেষ্টাক শক্তিশালী কৰাই নহয়, নামদফা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহৰ সামগ্ৰিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণতো সহায় কৰিব বুলি ড॰ চেত্ৰীয়ে আশা প্ৰকাশ কৰে আৰু কয় যে ভৱিষ্যতে এই কাৰ্যসূচী চাংলাং জিলাৰ প্ৰায়বোৰ এলেকালৈ সমান্তৰালকৈ সম্প্ৰসাৰিত কৰা হ’ব৷