Logo
image

এই উৎকট গৰমত পানী কিমান খোৱা উচিত

কেইদিনমানৰ পৰা অত্যধিক তাপমাত্ৰাবৃদ্ধি পাবলৈ ধৰিছে৷ ফলত বাঢ়িছে গৰম৷ এনে পৰিস্থিতিত পৰ্যাপ্ত পৰিমাণে পানী নাখালে দেহৰ সমস্যা হ’ব পাৰে৷ কিন্তু প্ৰশ্ন হয়, অতিপাত গৰমত এজন সুস্থ লোকে কিমান পৰিমাণৰ পানী খোৱা উচিত?

প্ৰখ্যাত পুষ্টিবিশেষজ্ঞ কোয়েল পাল চৌধুৰীৰ মতে,¸পানী শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ ইয়াৰ কামৰ শেষ নাই৷ তেজ প্ৰস্তুত কৰাকে ধৰি শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ কাম কৰে পানীয়ে৷ তদুপৰি পানীয়ে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে, হজমত সহায় কৰে, মেটাবলিজম বা বিপাক ক্ৰিয়াক ত্বৰান্বিত কৰে৷ লগতে পানী সেৱনৰ অভ্যাসে অস্থিসন্ধিসমূহ পিছল কৰি ৰখাত সহায় কৰাৰ লগতে দেহৰ পৰা বেয়া পদাৰ্থসমূহ উলিয়াই দিয়ে৷ সেয়ে পানীক প্ৰাণ বুলি কোৱা হয়৷ গতিকে কিছু সময়ৰ অন্তৰে অন্তৰে পানী খোৱা উচিত৷ বিশেষকৈ, গৰমত পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰা উচিত৷


১) অত্যধিক গৰমত কিমান পানী খোৱা উচিত?

এজন সুস্থ লোকে কিমান পৰিমাণৰ পানী খাব লাগে, সেয়া নিৰ্ভৰ কৰে তেওঁৰ বৃত্তি, ওজন, উচ্ছতা আদিৰ ওপৰত৷ সাধাৰণতে এজন প্ৰাপ্তবয়স্কৰ পুৰুষ বা মহিলাই দৈনিক ৩১ পৰা ৪ লিটাৰ পানী খোৱা উচিত৷ তেতিয়াহে গৰমত শৰীৰটোক সুস্থ কৰি ৰাখিব পৰা যায়৷ অন্যথা বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ দেহত পানীৰ পৰিমাণ কমিলে প্ৰাণহানিৰ আশংকা পৰ্যন্ত হ’ব পাৰে৷

২) ঘৰৰ বাহিৰত থাকিলে পানী খোৱাৰ পৰিমাণ বঢ়াওক৷ লগত পানীৰ বটল ৰখা কৰক৷ যেতিয়াই পিয়াহ লাগে পানী খাওক৷ ডিঙি বা জিভা শুকাই যোৱালৈকে অপেক্ষা নকৰিব৷ দুপৰীয়া পৰাপক্ষত বাহিৰলৈ নোলাব৷ যদি একান্তই বাহিৰলৈ ওলাব লগা হয়, তেন্তে লগত টুপী বা ছাতি লওক৷ যিসকলৰ এ চিত থকা অভ্যাস, তেওঁলোকেও নিয়মিত ডিঙি তিয়াই ৰাখিব৷ তেতিয়াহে শৰীৰটো হাইড্ৰেট হৈ থাকিব৷

৩) পানীৰ বিকল্প কি?

অত্যধিক গৰমত ডাবৰ পানী খাব পাৰে৷ ডাবৰ পানীয়ে শৰীৰৰ পি এইচ বেলেন্স ঠিক ৰাখে৷ তদুপৰি ঘৰতে ফল-মূলৰ জুচ প্ৰস্তুত কৰি খাব পাৰে৷ ইয়াৰ পৰা ভিটামিন, মিনাৰেল, এণ্টি-অক্সিডেণ্ট পোৱা যায়৷ লগতে তৃষ্ণাও দূৰ হয়৷ পিছে, বজাৰৰ পৰা ফলৰ জুচ কিনি নাখাব৷ পেকেটত থকা জুচো খোৱা উচিত নহয়৷ এনে জুচত ছুগাৰ মিহলোৱা থাকে৷ যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ গৰমত চাহ বা কফি কমকৈ খোৱা কৰক৷ কিডনীৰ সমস্যা থকাসকলে পানী নিয়ম মানি খোৱা কৰিব৷ ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব৷ হৃদৰোগত আক্ৰান্তসকলেও চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে পানী খোৱা কৰিব৷