Logo
image

পথাৰতে মৰহিছে ধান, ৰাজ্যৰ অৰ্থনীতিলৈ অশনি সংকেত

 ‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ছেপ্টেম্বৰ : ‘আহিনে কাতিয়ে ৰাখিবা পানী, ৰজাই যেনেকৈ ৰাখে ৰাণী’– ডাক পুৰুষে তাহানিতে কৈ গৈছে – পথাৰত শালি ধানৰ গেঁৰ ধৰা সময়ত পানীৰ গুৰুত্ব কিমান৷ কিন্তু প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ আৰু বৰষুণৰ অভাৱত পথাৰতে লেৰেলি শুকাইছে কৃষকৰ সপোন৷ এফালে প্ৰচণ্ড গৰম আনফালে নাই  বৰষুণ, নাই জলসিঞ্চনৰ সুবিধা৷ এতিয়া পথাৰত শালি ধানে পোখা মেলি গেঁৰ ধৰাৰ সময়৷ অতীত কালৰ পৰাই শালি ধানেই হৈছে ৰাজ্যখনৰ প্ৰধান শস্য৷ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ অসমৰ প্ৰায় ১৮ লাখ  হেক্টৰ মাটিত শালি ধানৰ খেতি কৰা হয়৷ বানৰ প্ৰচণ্ড তাণ্ডৱৰ পাছত ৰাজ্যবাসীয়ে কোনোমতে কঠিয়া যোগাৰ কৰি আশাৰে শালিধানৰ খেতি কৰিছিল৷ বহু স্থানত বানে দুই তিনিবাৰ পৰ্যন্ত শালি খেতি নষ্ট কৰি পেলোৱাৰ পাছতো হাৰ মনা নাছিল কৃষক৷ পিছে শালি খেতিয়ে পথাৰত কৃষকৰ সপোন হৈ ঠন ধৰি উঠাৰ সময়তে আকৌ লাগিল অথন্তৰ৷ আগষ্ট মাহৰ পৰাই ৰাজ্যত বৰষুণৰ পৰিমাণ কমি যোৱাৰ লগতে বিশ্বকৰ্মা পূজাৰ আগদিনা অৰ্থাৎ ১৬ ছেপ্টেম্বৰৰ পৰা অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ তথা অনাবৃষ্টিৰ ফলত শালি ধানৰ খেতি পথাৰত চিৰালফাঁট মেলিছে৷ ফলত কৃষকে মূৰে-কপালে হাত দিব লগা হৈছে৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ১৮ ছেপ্টেম্বৰত শেষ হোৱা সপ্তাহটোত অসমৰ বৃষ্টিপাতৰ পৰিমাণ সচৰাচৰ হোৱাৰ পৰিমাণতকৈ ৮৬ শতাংশ হ্ৰাস পাইছে৷ ইফালে ৰাজ্যৰ স্থানে স্থানে যোৱা দিনকেইটাত তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰিছে৷


এনে পৰিস্থিতিৰ ৰাজ্যত এইবাৰ শালিধানৰ খেতি সমূলি উচন যোৱাৰ আশংকা ঘণীভূত হৈছে৷ কিয়নো শালিধানৰ খেতিৰ বাবে মধ্যমীয়া উষ্ণতাৰ প্ৰয়োজন৷ বেছি গৰম বা বেছি ঠাণ্ডা শালিধানৰ খেতিৰ বাবে মুঠেই উপযোগী নহয়৷ ফলত এইবাৰ ৰাজ্যখনত ধানৰ উৎপাদন উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ সম্ভাৱনা দেখা দিছে৷ কাৰ্যতঃ ৰাজ্যখন আকাল, খাদ্য সংকটৰ দিশে গতি কৰিছে৷ কেৱল ধানেই নহয় বতৰৰ শাক-পাচলি আদিৰ খেতিও উৎকট গৰম আৰু বৰষুণৰ অভাৱত জহি-পমি নষ্ট হৈ গৈছে৷ এক কথাত ক’বলৈ গ’লে ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ আহিছে অশনি সংকেত৷ ইপিনে ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগে অসমৰ মাত্ৰ ১১ লাখ হেক্টৰ মাটিতহে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিছে৷ অৰ্থাৎ প্ৰায় ১৪ শতাংশ মাটিতহে আছে জলসিঞ্চনৰ সুবিধা৷ বিভাগটোৰ ৩৯১৩খন আঁচনিৰ ভিতৰত ১৫৮ঙ্ম খনেই বিকল৷ এনে পৰিস্থিতিত কৃষকৰ একমাত্ৰ ভৰসা বৰষুণ৷ যদিহে আৰু কেইদিনমান বতৰ এনে হৈয়ে থাকে তেন্তে ৰাজ্যত আকাল সদৃশ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে৷ যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড॰ সমীৰণ ভট্টাচাৰ্যই আজি শিৱসাগৰত এক কৃষক মেলাত ৰাজ্যৰ শালি ধানৰ খেতিক লৈ কৰিছে কেইটমান গুৰুত্বপূৰ্ণ মন্তব্য৷ কৃষক মেলাত ড॰ ভট্টাচাৰ্যই কয় যে – ‘শালিধানৰ খেতিৰ বাবে বিশেষকৈ ধানৰ গেঁৰ ধৰা সময়ত ২২-২৯ ডিগ্ৰী তাপমাত্ৰই উপযুক্ত তাপমাত্ৰ৷ ইয়াতকৈ অধিক তাপমাত্ৰা হ’লে ধান পতান হোৱাৰ সম্ভাৱনা থাকে৷ লগতে এই সময়ছোৱাত পথাৰত পানী থকাটো অতিকে গুৰুত্বপূৰ্ণ৷ পৰ্যাপ্ত পানী নাপালে ধন পতনুৱা হোৱা বা ধানৰ ফোট ওলাই নাহিব পাৰে৷ ১৩০-১৩৫ দিনীয়া শাওনী, নুমলী আদি ধানৰ জাতৰ খেতিত গৰম-অনাবৃষ্টিয়ে বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ বিজ্ঞানীজনে লগতে কয় যে  ৰাজ্যৰ জলবায়ু পৰিৱৰ্তনৰ শেহতীয়া এতিয়া গ্ৰীষ্ম আৰু খৰাং উভয় সংবেদনশীল ধানৰ জাতৰ প্ৰয়োজন হৈছে৷

বিশ্বনাথৰ এখন বিলত অসংখ্য মাছৰ মৃত্যু

‘আমাৰ অসম’ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদক : সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো পাৰাস্তম্ভই আজি ৩৭ ডিগ্ৰী ছেলচিয়াছৰ ঘৰ স্পৰ্শ কৰিছে৷ আহিনৰ পহিলা সপ্তাহৰ গ্ৰীষ্ম প্ৰৱাহৰ এই অভূতপূৰ্ব ঘটনাই কাৰ্যতঃ লেবেজান কৰি তুলিছে প্ৰাণী আৰু বৃক্ষকুলকো৷ প্ৰচণ্ড উত্তাপৰ ফলত বিদ্যালয়, চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ত কৰ্মত নিয়োজিত সকলৰ অৱস্থা অৱৰ্ণনীয় হৈ পৰিছে৷ পুৱা সূৰ্যোদয়ৰ পৰা নিশা এপৰলৈকে গৰমৰ প্ৰকোপ বৰ্ণনাতীত৷ শেৱালি ফুলাৰ বতৰত উষ্ণতাৰ এই প্ৰকোপত এইবাৰ বিলৰ মৎস্যকুলৰ অৱস্থা অবৰ্ণনীয় হৈ পৰিছে৷ বিশ্বনাথৰ ছোৱাগুৰীৰ এখন বিলত সম্প্ৰতি উষ্ণতা সহ্য কৰিব নোৱাৰি মাছ মৰিবলৈ ধৰিছে৷ ইদ্ৰিছ আলী নামৰ লোকজনে লীজত লৈ এই বিলখনত মীন পালন কৰিছিল৷ কিন্তু এতিয়া মীন উৎকট গৰমৰ ফলত মীন পালক ইদ্ৰিছ আলীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ ইিদ্ৰছ আলিয়ে লীজত লোৱা এই বিলত এতিয়া প্ৰতিদিনে মাছ মৰি ওপঙিবলৈ ধৰিছে৷ ইতিমধ্যে কুইণ্টলে কুইণ্টলে মাছৰ মৃত্যু হোৱা দৃশ্যই সূৰ্যৰ তাপৰ প্ৰখৰতাৰ কথাকেই প্ৰতীয়মান কৰিছে৷ জানিব পৰা মতে, বিগত কেইদিনমানৰ পৰা বৰ্তমানলৈকে প্ৰায় ২০য২২ কুইণ্টল মাছ গৰমৰ ফলত মৃত্যু হৈছে৷ পথাৰত পানী শুকালে মাছ মৰাতো সাধাৰণ কথা যদিও বিলৰ দৰে বহল পানীভাগত এই বৃহৎ পৰিমাণৰ মাছ মৰাতো বিশ্বনাথত সম্ভৱতঃ প্ৰথম ঘটনা৷