Logo
image

বিমানবন্দৰৰ তালাচীৰ দৰেই তালাচী হ’ব মহিলা পৰীক্ষাৰ্থীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ছেপ্টেম্বৰ : তৃতীয় বৰ্গৰ ইতিমধ্যে অনুষ্ঠিত হোৱা পৰীক্ষাৰ সময়ত একাংশ মহিলা পৰীক্ষাৰ্থীক তালাচীৰ নামত চলোৱা আতিশয¸্যক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ সেয়ে আগন্তুক দিনবোৰত অনুষ্ঠিত হ’বলগীয়া এনে পৰীক্ষাৰ সময়ত মহিলা পৰীক্ষাৰ্থীক বিমান বন্দৰৰ আৰ্হিত তালাচী চলোৱা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্ত সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয়–মহিলা পৰীক্ষাৰ্থীৰো তালাচী হ’ব৷ মহিলাক যদি তালাচী নকৰে আৰু মহিলাই যদি কাগজ লৈ আহে কেনেকৈ হ’ব৷ বিমানবন্দৰত যিদৰে অনুমতি লৈ, সুধি তালাচী চলায় তেনেকৈ ইয়াতো মহিলাৰ তালাচী হ’ব৷ তালাচী নচলালে পৰীক্ষা কেনেকৈ হ’ব৷ মহিলা বুলি মহিলাক যদি তালাচী চলোৱা নহয় তেতিয়া কালি পৰহি ল’ৰা বিলাকে ক’ব যে ছোৱালীক যদি তালাচী নকৰে ল’ৰাক কিয় কৰে৷ সেয়ে ছোৱালী পৰীক্ষাৰ্থীক সুধি লোৱা হ’ব যে তালাচী চলালে আপত্তি আছে নেকি? যদি আপত্তি থকা বুলি কয় তেন্তে তেওঁ বেলেগ ৰূমত বহি পৰীক্ষা দিব লাগিব৷ সেই কোঠাত ইনভেজিলেটৰ বেছি দিম৷ এইবাৰ এজন প্ৰাৰ্থীয়ে একাধিক পদত নিযুক্তি লাভ নকৰিব৷ যিজনে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী দুয়োটাতে নিযুক্তি লাভ কৰিব তেওঁ চতুৰ্থ শ্ৰেণীৰ চাকৰি নাপাব৷ দুয়োটাৰ ভিতৰত ওপৰৰ স্কেলৰ চাকৰিটোহে পাব৷ নহ’লে এক-ডেৰ হাজাৰ পৰীক্ষাৰ্থীয়ে দুটাকৈ চাকৰি লাভ কৰে৷ এজনে দুটাকৈ চাকৰি পোৱাৰ ব্যৱস্থা বন্ধ কৰা হ’ব এইবাৰ৷ এটা পদৰ বিপৰীতে দুজন প্ৰাৰ্থী নিৰ্বাচিত হ’লে লটাৰীৰ যোগেদি প্ৰাৰ্থী বাচনি কৰা হ’ব৷


অসমৰ আৰ্হিত ঝাৰখণ্ডতো অনুষ্ঠিত হৈছে নিযুক্তি পৰীক্ষা : মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ বাইহাটা চাৰিআলিৰ প্ৰতিবেদক : স্বচ্ছ আৰু দুৰ্নীতিমুক্ত নিযুক্তিৰ বাবে অসমত গ্ৰহণ কৰা নিযুক্তি পৰীক্ষাৰ আৰ্হিতই ঝাৰখণ্ডতো অনুষ্ঠিত হৈছে নিযুক্তি পৰীক্ষা৷ শনিবাৰে এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তন কৰাটো যে শুদ্ধ সিদ্ধান্ত আছিল সেইয়া কংগ্ৰেছ শাসিত ঝাৰখণ্ডৰ নিযুক্তি পৰীক্ষাত অসমৰ আৰ্হি গ্ৰহণ কৰি প্ৰমাণ কৰি দেখুৱালে৷ নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তন কৰাক কংগ্ৰেছ দঅলে বিজেপিক সমালোচনা কৰিছে, অথচ ইয়াৰ বিপৰীতে ঝাৰখণ্ডত শাসনত থকা কংগ্ৰেছ দলে কিন্তু অসমৰ আৰ্হিকেই গ্ৰহণ কৰিছে৷ আজি পুৱা পূৰ্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ বেজেৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ কংগ্ৰেছ দললৈ তীৰ্যক বাক্যবান নিক্ষেপ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আন একমাত্ৰ বিনিয়োগৰ অভাৱেই আন ৰাজ্যৰ তুলনাত অসমত বিদ্যালয় সমূহৰ শোচনীয় অৱস্থাৰ কাৰক আছিল৷ ফলত এম.পি ফাণ্ড, এম.এল.এ ফাণ্ডৰ পৰা কিছু অনুদান আগবঢ়াই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ভৱন বিলাক নিৰ্মাণ কৰা হৈছিল৷ যাৰ বাবে প্ৰথম পৰ্যায়ত ৫০০খন চৰকাৰী উচ্ছ মাধ্যমিক আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয় জ্জ্ব কোটি টকাৰ পৰা ১০ কোটি টকা পৰ্যন্ত খৰচ কৰি নিৰ্মাণৰ আচঁনি হাতত লোৱা হৈছে৷ এই আচঁনিতে আছে বেজেৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়খনো৷ অহা ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত নতুনকৈ ভৱন নিৰ্মাণ কৰা বিদ্যালয় সমূহ মুকলি কৰা হ’ব৷ পৰৱৰ্তী কালত আৰু ৫০০খন বিদ্যালয় সামৰি লোৱা হ’ব৷ মুঠতে এনে প্ৰক্ৰিয়াৰে ৰাজ্যখনৰ প্ৰায় ৪০০০খন বিদ্যালয়ৰ ১০০০খন বিদ্যালয়ৰ ভৱন সুন্দৰ ভাৱে নিৰ্মাণ কৰি ৰাইজৰ হাতত তুলি দিয়া হ’ব৷ ডনবস্ক, ছেইণ্ট মেৰিজ আদি প্ৰাইভেট বিদ্যালয়তকৈ অসমৰ চৰকাৰী বিদ্যালয় বিলাকৰ মানদণ্ড আৰু আন্ত: গাঁথনি উন্নত হব৷ আমি শিক্ষকো নিযুক্তি দিছো, লগতে ভৱন নিৰ্মাণৰ লগতে বিদ্যালয় এখনত থাকিবলগীয়া সকলো সুবিধা কৰি দিবলৈ চেষ্টা কৰা হৈছে৷ তাৰ পিছত আমি কি কৰিম, শিক্ষাৰ দায়িত্ব শিক্ষকৰ হাতত থাকিব৷ পূৰ্বতকৈ যথেষ্ট ভাল হৈছে অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা আৰু ভাল কৰিব লাগিব৷ নিযুক্তি পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হোৱাৰ দাবী কৰি ড॰ শৰ্মাই আৰু কয় যে নিযুক্তি পৰীক্ষাৰ সময়ত যুৱক সকলৰ সমানে যুৱতী সকলকো পৰীক্ষাগৃহত সোমোৱাৰ সময়ত নিৰীক্ষণ কৰিব লাগিব৷ ইয়াত আপত্তি কৰিব লগা কথা নাই৷ নিযুক্তি পৰীক্ষাৰ উত্তৰ বহীসমূহ কম্পিউটাৰৰ সহায়ত চোৱাৰ পাছত ছয় সাতজন বহিঃ মূল্যায়ক তথা বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা পুনৰ পৰীক্ষা কৰি ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এইবাৰ এটা পদৰ বিপৰীতে মাত্ৰ এজন প্ৰাৰ্থী বাছনি কৰা হ’ব৷ কোনো কাৰণত এজন প্ৰাৰ্থী দুটা পদত বাছনি হ’লে লটাৰীৰ জৰিয়তে যিকোনো এটা পদতহে তেওঁক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ অক্টোবৰত পুনৰ অসম আৰক্ষীৰ নিযুক্তি আৰম্ভ হ’ব৷

প্ৰশ্নকাকত-কাণ্ডৰে জড়িত পাঁচ অভিযুক্তক আৰক্ষীৰ জিম্মালৈ

‘আমাৰ অসম’ৰ জোনাইৰ প্ৰতিবেদক : প্ৰশ্ন কাকত ভাইৰেলত জড়িত জ্জ্ব জন অভিযুক্তৰ ভিতৰত ইতিমধ্যে যোৱা ১৮ তাৰিখে তিনিজনক জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ ইফালে এই ঘটনা সন্দৰ্ভত জড়িত বাকী পাঁচজন অভিযুক্তক সোধা-পোছাৰ বাবে জোনাই আৰক্ষীয়ে জিম্মাত লৈছিল৷ আজি পুনৰ জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে দোষী সাব্যস্ত কৰি জোনাই আৰক্ষীৰ জিম্মাত ৰখা পৰীক্ষা নিৰীক্ষকসহ মনোহৰ নাৰ্জাৰী, আমেশ ব্ৰহ্ম আৰু দিলীপ দৈমাৰীৰ লগতে মূল অভিযুক্ত ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰী আৰু পৰীক্ষাৰ্থী দীজেন বড়োকো জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ উল্লেখযোগ্য যে, যোৱা ১৮ ছেপ্টেম্বৰত কেন্দ্ৰটোৰ দায়িত্ববাহী বিষয়া বিমল মুছাহাৰী, পৰ্যৱেক্ষক ক্ৰমে গোপাল তামুলী আৰু এলবাৰ্ট দেউৰীক জোনাই মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷