Logo
image

দীপাংকৰৰ উৱাদিহ নাপাই পিতৃ-মাতৃ, চিএকে গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২২ ছেপ্টেম্বৰ :  অন লাইন ট্ৰেডিং প্ৰবঞ্চনাৰে ৭০০০ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰা ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ পিতৃ- মাতৃ আৰু চাৰ্টাৰ্ড একাউণ্টেণ্টক আজি পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ মহানগৰ আৰক্ষীৰ জালত পৰা পলাতক প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃৰ নাম চবিন বৰ্মন, মাতৃ দীপালী তালুকদাৰ আৰু চাৰ্টাড একাউটেণ্ট মুকেশ আগৰৱালা৷ তিনিওৰে একাউণ্টত দীপাংকৰ বৰ্মনে বৃহৎ পৰিমাণৰ ধনৰ লেন দেনৰ তথ্য লাভ কৰিছে পানবজাৰ আৰক্ষীয়ে৷ কিন্তু বিগত এটা মাহে আৰক্ষীৰ চকুত ধূলি মাৰি পলাতক হৈ আছে ট্ৰেডিং কেলেংকাৰিৰ অন্যতম খলনায়ক দীপাংকৰ বৰ্মন৷ ডি বি ষ্টকত ধন বিনিয়োগ কৰিবলৈ পিতৃ চবীন বৰ্মনেও নানা চলাহী কথা কৈছিল বিনিয়োগকাৰী সকলক৷ এনে ধৰণৰ বহু তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পিতৃ-মাতৃসহ চাৰ্টাড একাউটেণ্টজনক৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে এগৰাকী বিনিয়োগকাৰী আৰু দীপাংকৰৰ পিতৃ চবিন বৰ্মনৰ ফোন ৰেকৰ্ডিঙৰ ঘটনা৷ যিটো মোবাইল ফোনৰ কথোপকথনত পিতৃ গৰাকীয়ে অতি সাধাৰণভাৱে বিনিয়োগকাৰীক সুধিছে ১০ লাখ নে ১০ কোটি ইনভেষ্ট কৰিছিল৷ এই তথ্য লাভ কৰাৰ পাছতেই মহানগৰ আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ পিতৃ মাতৃৰ বিৰুদ্ধে কঠোৰ হৈ পৰে৷ ইপিনে, পলাতক ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰৰ তদন্ত কৰিবলৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৭ জনীয়া এক তদন্তকাৰী দল গঠন কৰি দিছে৷


এই দলটোৱে পলাতক দীপাংকৰৰ সন্ধান কৰাৰ লগতে দীপাংকৰৰ বিৰুদ্ধে দাখিল হোৱা গোচৰৰ তদন্ত কৰিব৷ আনহাতে  দীৰ্ঘসময় সোধা-পোছা কৰাৰ পিছতেই আৰক্ষীয়ে দীপাংকৰৰ পিতৃ চবিন বৰ্মন, মাতৃ দীপালি তালুকদাৰক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে এই সন্দৰ্ভত দীপাংকৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট মহেশ আগৰৱালাকো গ্ৰেপ্তাৰ কৰিছে৷ ইয়াৰ পিছতেই মহানগৰ আৰক্ষীয়ে দীপাংকৰৰ পিতৃ-মাতৃৰ লগতে চাৰ্টাৰ্ড একাউণ্টেণ্টক জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে পিতৃ মাতৃ দুয়োগৰাকীকেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ আনহাতে, জিলা সত্ৰ ন্যায়াধীশৰ আদালতে চাৰ্টাৰ্ড একাউণ্টেণ্টজনক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ আৰক্ষীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্টক সাত দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তিনি দিনৰহে জিম্মালৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীতে বিগত প্ৰায় পাঁচ বছৰে ষ্টক ট্ৰেডিঙৰ নামত শ শ লোকৰ পৰা প্ৰৱঞ্চনাৰে বিশাল ধনৰাশি সংগ্ৰহ কৰিছিল দীপাংকৰে৷ তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থপিত হোৱাৰ পিছতেই মহানগৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা দীপাংকৰৰ এমাহৰ পিছতো কোনো সন্ধান ওলোৱা নাই৷ মহানগৰীৰ উলুবাৰীত কাৰ্যালয় স্থাপন কৰি ২০১৮ চনৰ পৰা অবৈধ ষ্টক ট্ৰেডিঙৰ জাল মেলা ‘ডি বি ষ্টক ব্ৰকিঙ’ৰ মুৰব্বী দীপাংকৰ বৰ্মন যোৱা ১৯ আগষ্টৰ পৰা পলাতক হৈ আছে৷ ইয়াৰ পিছত দীপাংকৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা শতাধিক লোকে পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷ দীপাংকৰ বৰ্মনে পলায়ন কৰাৰ প্ৰায় ৩০ দিন পাছত মহানগৰ আৰক্ষীয়ে অভিযুক্তজনৰ এখন বিলাসী গাড়ী আৰু এখন বিলাসী বাইক জব্দ কৰে৷ আনহাতে, ২২ আগষ্টত পল্টন বজাৰ থানাৰ ২৮৮য২০২৪ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দীপাংকৰৰ প্ৰেমিকা মনালিছা দাস৷ পলাতক দীপাংকৰ বৰ্মন শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীয়ে দাবী কৰিছে৷

হোজাইত লুণ্ঠনকাৰী আৰক্ষী জিম্মাত

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদক : ছুমী- তাৰ্কিক-বিশালৰ পাছত এইবাৰ হোজাইত পোহৰলৈক আহিছে ফৰিজ-নুৰুনৰ লুণ্ঠনৰ আন এক ক’লা অধ্যায়৷ অভিযোগ মতে, ফৰিজ উদ্দিন নামৰ লোক এজনৰ নেতৃত্বত এটা চক্ৰই ডবকাৰ মোৰাঝাৰৰ গণিপুৰত প্ৰায় জ্জ্ব মাহ পূৰ্বে ওৱাই বি এল নামৰ এটা বেংক মুকলি কৰে৷ এই বেংকৰে এটা শাখা মোৰাঝাৰৰ চামৰআলীতো স্থাপন কৰিছিল চক্ৰটোৱে৷ গণিপুৰত বেংকটোৰ মুখ্য কাৰ্যালয় চলাইছিল ফৰিজ উদ্দিনে৷ তাৰ বিপৰীতে নুৰুন নেহাৰ নামৰ মহিলাগৰাকীয়ে চলাইছিল মোৰাঝাৰৰ চামৰআলী গাঁৱত থকা বেংকৰ শাখা কাৰ্যালয়টো৷ চক্ৰটোৱে গাঁৱৰ হোজা ৰাইজক বিভিন্ন প্ৰলোভন দি সংগ্ৰহ কৰিছিল লাখ লাখ টকা৷ সাধাৰণ ৰাইজক বেংকৰ পৰা লাখ লাখ টকা ঋণ দিয়াৰ প্ৰলোভন দি একাউণ্ট মুকলি কৰাইছিল৷ গাঁৱৰ হোজা ৰাইজক পতিয়ন নিয়াবলৈ প্ৰৱঞ্চক ৰূপী ফৰিজে এক্সিছ বেংকত তেওঁলোকৰ YBL বেংকে এক লাখ কোটি টকা জমা ৰখা বুলি এখন ভুৱা প্ৰমাণ-পত্ৰও আৰি থৈছিল ভুৱা বেংকৰ শাখাত৷ আৰ বি আইৰ নামতো বহু নথি প্ৰস্তুত কৰি গ্ৰাহকক প্ৰৱঞ্চনা কৰি আহিছিল৷ কোনোবাই যদি পঞ্চাছ হাজাৰ টকা জমা থৈছে আন কোনোবাই আকৌ সত্তৰৰ পৰা আশী হাজাৰ টকা জমা থৈছে৷ একাউণ্ট অপেনিং মাচুল আছিল পাঁঁচ হাজাৰ টকা৷ একাউণ্ট খুলি টকা জমা দিয়াৰ প্তয৬ মাহ পাছত ঋণৰ নামত মেছেজ আহে৷ কিন্তু সেই ধন গ্ৰাহকে উঠাব নোৱাৰে৷ উপায়ন্তৰ হৈ একাংশ গ্ৰহতে কাষ চাপে মোৰাঝাৰ আৰক্ষীৰ লগতে হোজাই জিলা আৰক্ষী অধীক্ষকৰ৷ মোৰাঝাৰৰ চৌধুৰীবজাৰৰ ফৈচলুৰ ৰহমান নামৰ লোকজনে দিয়া এজাহাৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে এটি গোচৰ পঞ্জীয়ন কৰি ভুৱা বেংক দুটাৰ বিৰুদ্ধে অভিযান চলায়৷ যোৱা নিশা মোৰাঝাৰ আৰক্ষীৰ অভিযানত মূল নায়ক ফৰিজ উদ্দিন আৰু নুৰুন নেহাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰে৷ কালি নিশাৰে পৰা হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই মোৰাঝাৰ আৰক্ষী থানাত বাহৰ পাতি সমগ্ৰ বিষয়টো তদাৰক কৰি আছে৷ ইফালে দুয়ো প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰাৰ বহু সংখ্যক লোকে ভিৰ কৰেহি মোৰাঝাৰ আৰক্ষী থানাত৷ মোৰাঝাৰ থানা অ’ চি নিখিল চন্দ্ৰ ৰায়ে গোচৰটোৰ ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে৷ ঘটনাত জড়িত অন্য কেইবাজনো লোক পলাতক হৈ আছে৷ মোৰাঝাৰ আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান চলাই আছে৷