Logo
image

ইলিচ আহিল, কিন্তু মোদী-ইউনুছৰ বৈঠকৰ সম্ভাৱনা নাই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ ছেপ্টেম্বৰ : অহা সোমবাৰে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড॰ মহম্মদ ইউনুছে যোগদান কৰাৰ পূৰ্বে বাংলাদেশে পুনৰ ইলিছ কূটনীতি আৰম্ভ কৰিছে৷ যোৱা ৫ আগষ্টত শ্বেখ হাছিনা চৰকাৰৰ পতন ঘটাৰ পাছত প্ৰতিবেশী দুই দেশৰ কূটনীতি বহু পৰিমাণে তিক্ত হৈ পৰিছে৷ বিদ্যুৎ, প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি আলু, পিয়াজ, নহৰু, কণীলৈকে সকলো সামগ্ৰী এতিয়া ভাৰতৰ পৰা খুজি খুজি নি থাকিবলগীয়া হোৱা বাংলাদেশে এইবাৰ পূজাৰ বতৰত ভাৰতক ইলিছ মাছ নিদিয়ে বুলি ঘোষণা কৰিছিল৷ তত্বাবধায়ক চৰকাৰৰ মৎস্য আৰু প্ৰাণীসম্পদৰ উপদেষ্টা ফৰিদা আখতাৰে কেইদিনমান পূৰ্বে ঘোষণা কৰিছিল, এইবাৰ বাংলাদেশে ভাৰতলৈ ইলিছ ৰপ্তানি  নকৰে৷ সেই লৈ দুই দেশৰ কূটনীতি অধিক তিক্ত হৈ পৰিছিল৷ কিন্তু শনিবাৰে তদাৰকী চৰকাৰে ঘোষণা কৰিছে যে বাংলাদেশে ভাৰতলৈ ৩ হাজাৰ মেট্ৰিকটন ইলিছ মাছ ১৫ানি কৰিব৷ দেশৰ মানুহে ইলিছ নাটনিৰ বাবে খাবলৈ নোপোৱাৰ বাবে এইবাৰ ভাৰতলৈ ইলিছ ১৫ানি নকৰে বুলি জনাইছিল বাংলাদেশে৷


পিছে এতিয়া কি পৰিস্থিতিত, কিয় তিনি হাজাৰ মেট্ৰিকটন ইলিছ ভাৰতলৈ পঠিওৱাৰ সিদ্ধান্ত ল’লে, তাৰ সমৰ্থনত ফৰিদা আখতাৰে কোনো যুক্তিযুক্ত কাৰণ দেখুওৱা নাই৷পিছে বাংলাদেশে ইলিছ কূটনীতি আৰম্ভ কৰিলেও দেশখনৰ তদাৰকী চৰকাৰৰ প্ৰতি নতুন দিল্লীৰ মন কোমলা নাই৷ সেয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাৰ অৱসৰত মোদী-ইউনুছৰ মাজত কোনো দ্বিপাক্ষিক বৈঠক নহয়৷ মোদী চৰকাৰে বিতাড়িত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক যোৱা প্ত আগষ্টৰ পৰা নতুন দিল্লীত আ৷ য় দি ৰখাত নাৰাজ হৈ আছে ইউনুছৰ চৰকাৰ৷ চৰকাৰখনে ভাৰত-বিৰোধী মন্তব্য কৰি থকাৰ লগতে বাংলাদেশত সম্প্ৰতি ভাৰত-বিদ্বেষী মনোভাব গা কৰি উঠিছে৷ এইক্ষেত্ৰত বি এন পি আৰু জামাতৰ প্ৰছন্ন সমৰ্থন আছে৷ আনহাতে নতুন দিল্লীয়ে বাংলাদেশৰ প্ৰতি নৰম-গৰম মনোভাৱ প্ৰদৰ্শন কৰি আলেখলেখ চাই আছে৷ এনে সময়ত নিউয়ৰ্কত মোদী-ইউনুছৰ দ্বিপাক্ষিক বৈঠক নোহোৱাটো গুৰুত্বপূৰ্ণ কূটনৈতিক ঘটনা হিচাপেই পৰিগণিত হৈছে৷ প্ৰধানমন্ত্ৰী মোদী আজি শনিবাৰে আমেৰিকাত গৈ উপস্থিত হৈছে৷ তিনিদিনীয়া ভ্ৰমণৰ প্ৰথম দিনটোত আজি তেওঁ ‘কোৱাড’ সন্মিলনত অংশগ্ৰহণ কৰিব৷ এই সন্মিলন অনুষ্ঠিত হ’ব মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ ডেলৱাৰৰ গৃহ চহৰ উইলমিংটনত৷ একেদিনাই প্ৰধানমন্ত্ৰী মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব৷ এই ভ্ৰমণত মোদীয়ে কমেও আধা ডজন বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠক সম্পন্ন কৰিব যদিও প্ৰতিবেশী দেশখনৰ মুৰব্বীৰ সৈতে পোনপটীয়া সাক্ষাতৰ পৰা বিৰত থাকিব৷