Logo
image

সদ্য আছুত্যাগী শংকৰজ্যোতিৰ জামিন নাকচ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ছেপ্টেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ সদ্যপ্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিপদ আঁতৰা নাই৷ যিকোনো মুহূৰ্তত তেওঁ গ্ৰেপ্তাৰ হ’ব পাৰে৷ কিয়নো শনিবাৰে আদালতে নাকচ কৰে তেওঁৰ জামিন আবেদন৷ শংকৰজ্যোতি বৰুৱাই প্ৰেমত প্ৰতাৰণা কৰা বুলি অভিযোগ কৰি এগৰাকী আছুকৰ্মী যুৱতীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত ৰুজু কৰা হৈছিল ৬৫৩/২০২৪ নম্বৰৰ গোচৰ৷ যুৱতীগৰাকীয়ে ৬ ছেপ্টেম্বৰত এজাহাৰ দাখিল কৰিছিল৷ ৭ ছেপ্টেম্বৰত আগতীয়া জামিন বিচাৰি কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ দ্বাৰস্থ হৈছিল শংকৰজ্যোতি বৰুৱা৷ সত্ৰ ন্যায়াধীশৰ আদালতে সিদিনাই শংকৰজ্যোতি বৰুৱাক ২১ ছেপ্টেম্বৰপৰ্যন্ত আগতীয়া জামিন দিয়ে৷ উক্ত জামিনৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে তেওঁ জামিন বিচাৰি কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰে আবেদন৷


উক্ত আবেদনৰ ভিত্তিত ৰুজু কৰা ৬৬/২০২৪ নম্বৰৰ গোচৰৰ শুনানিত চৰকাৰী পক্ষৰ অধিবক্তা মাখন ফুকনে যুক্তি দৰ্শাই কয় যে এগৰাকী যুৱতীক প্ৰেমৰ নামত প্ৰতাৰণা কৰাৰ গোচৰত অভিযুক্ত শংকৰজ্যোতি বৰুৱা এতিয়াও প্ৰভাৱশালী৷ শংকৰজ্যোতি বৰুৱাই প্ৰভাৱ খুটুৱাই তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ তথ্য-প্ৰমাণ নষ্ট কৰিব পাৰে৷ গতিকে তেওঁক জামিন মঞ্জুৰ কৰিব পৰা নাযায়৷ চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তিত পতিয়ন গৈ আদালতে শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন নাকচ কৰে৷ উল্লেখ্য, ছাত্ৰ সন্থাৰ সদস্যগৰাকীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমত প্ৰতাৰণা কৰাৰ উপৰি প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল৷ এনে অভিযোগৰ পাছত আছুৰ মুখ্য উপদেষ্টা ড॰ সমজ্জ্ব³ল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ পৰামৰ্শ অনুসৰি ১২ ছেপ্টেম্বৰত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লয় শংকৰজ্যোতিয়ে৷ ১৫ ছেপ্টেম্বৰত তেওঁ ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লয়৷ ইফালে, মূলতঃ শংকৰজ্যোতি বৰুৱা অধ্যায়ৰ আলোচনা কৰিবৰ বাবে অনুষ্ঠিত হোৱা আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু তাৰ পৰৱৰ্তী ঘটনাপ্ৰৱাহৰ বিতং অনুসন্ধানৰ বাবে এখন দহজনীয়া কমিটী গঠন কৰি দিয়ে৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ পৰৱৰ্তী বৈঠকত তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব আৰু সেইমৰ্মে আছুৱে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব৷