Logo
image

অ’এমআৰ শ্বীট চাবলৈ ৫০ টকা, পুনৰ পৰীক্ষাৰ বাবে ৫০০

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ ছেপ্টেম্বৰ : এডিআৰ পৰীক্ষাৰ স্বচ্ছতাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ পাছতেই স্থিতি সলনি কৰিবলৈ বাধ্য হ’ল ৰাজ্য চৰকাৰে৷ বিগত বৰ্ষৰ এডিআৰইৰ কাৰ্ট অৱ মাৰ্ক ৰাজহুৱা নকৰাৰ লগতে পৰীক্ষাৰ্থীয়ে আৰ টি আই কৰাৰ পাছতো অ’এমআৰ শ্বীট প্ৰদান নকৰাত সমগ্ৰ পৰীক্ষাটোকে স্বচ্ছতাক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছিল৷ চলিত এডিআৰ পৰীক্ষাতো নিযুক্তি আয়োগে অনুৰূপ স্থিতি গ্ৰহণ কৰিছিল যদিও কঠোৰ নিৰাপত্তাৰ পাছতো তৃতীয় বৰ্গৰ পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হোৱাত নিযুক্তি আয়োগৰ ফোপোলা স্বৰূপ উন্মোচন হৈছিল৷ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পাছতেই চৰকাৰে এতিয়া পৰৱৰ্তী পৰীক্ষাসমূহত প্ৰশ্নকাকত প্ৰাৰ্থীক ঘৰলৈ নিবলৈ দিয়াৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে৷ কেৱল প্ৰশ্নকাকত ঘৰলৈ নিয়াৰ অনুমতিয়েই নহয়, এইবাৰৰ পৰীক্ষাত স্বচ্ছতা প্ৰতিপন্ন কৰিবলৈ অ’ এম আৰ শ্বীট পৰীক্ষাৰ্থীসকলক ৫০ টকাৰ বিনিময়ত লাভ কৰাৰ ব্যৱস্থা কৰিব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি এডিআৰইৰ অ’ এম আৰ শ্বীটত পৰীক্ষাৰ্থীৰ ফটোসহ নাম প্ৰিণ্টিং থকা বিষয়টোক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত পৰৱৰ্তী পৰীক্ষাত অ’ এম আৰ শ্বীটৰ পৰা প্ৰাৰ্থীৰ ফটো প্ৰত্যাহাৰ কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ এই সন্দৰ্ভত ফেচবুক লাইভযোগে শনিবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় এইদৰে – চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিত বিশ্বাস কৰে৷ যাৰ বাবে যোৱা পৰীক্ষাত আমি ইণ্টাৰনেট সেৱা বন্ধ কৰিছিলো৷


কংগ্ৰেছ দলে মোক সমালোচনা কৰিলে৷ কিন্তু ঝাৰখণ্ডত কংগ্ৰেছ দলৰ চৰকাৰে এনে পৰীক্ষাৰ বাবে ইণ্টাৰনেট বন্ধ কৰিবলৈ সিদ্ধান্ত লয়৷ অৰ্থাৎ কংগ্ৰেছৰ অসমত এটা বেলেগ ৰূপ আৰু ঝাৰখণ্ডত এটা বেলেগ ৰূপ৷ স্বচ্ছ পৰীক্ষা অনুষ্ঠিত কৰাটো আমাৰ দায়িত্ব৷ বছৰৰ এটা দিনত দুই-তিনি ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ ৰাখি ১১ লাখ প্ৰাৰ্থীক যদি বিশ্বাস দিব পাৰো যে সমাজে আপোনালোকৰ বাবে চিন্তা কৰে৷ সমাজে এটা স্বচ্ছ পৰীক্ষাত বিশ্বাস কৰে৷ মই কংগ্ৰেছ দলক আহ৩ান জনাম যে ঝাৰখণ্ডত কংগ্ৰেছ দলে লোৱা সিদ্ধান্তটোক আপোনালোকে অসমত বিৰোধিতা নকৰিব৷ ৰাজ্য বিশেষে বেলেগ বেলেগ ৰূপ লোৱাটো ভাল কথা নহয়৷ আজি মই স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব বিচাৰিছো৷ এডিআৰ ইৰ তৃতীয়বৰ্গৰ পৰীক্ষা সমাপ্ত হ’ল৷ এতিয়া এটা নতুন কথা ক’ব খুজিছো৷ ২৭ ছেপ্টেম্বৰত আপোনালোকে অ’ এম আৰ শ্বীটৰ বাবে ‘ছেবা’ক আবেদন কৰিব পাৰিব মাত্ৰ ৫০ টকা দি৷ আপোনালোকে লিখা অ’ এম আৰ শ্বীটখনৰ এটা ফটো ক’পি লাগে বুলি আপোনালোকে আবেদন কৰিব পাৰিব৷ অৰ্থাৎ লিখি থৈ অহা অ’ এম আৰ শ্বীটখনৰ বাবে ২৭ ছেপ্টেম্বৰৰ পৰা আবেদন কৰিব পাৰিব৷ ইয়াৰ বাবে ছেবাই বিজ্ঞাপন দিব৷ ঘৰত লৈ আহি অ’ এম আৰ শ্বীটখন পৰীক্ষা কৰিব পাৰিব যে শুদ্ধ উত্তৰ দি আহিলো নে নাই৷ ২৮ ছেপ্টেম্বৰত আমি প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো ছেবাৰ ৱেবচাইটত প্ৰকাশ কৰিম৷ ঘৰত বহি নিজে পোৱা নম্বৰ উলিয়াব পাৰিব৷ ভাৰতৰ ক’তো আগতে এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল৷ আমি স্বচ্ছতাৰ দিশত আৰু এখোজ আগুৱাই যাব বিচাৰিছো৷ এনচাৰ কি চোৱাৰ পাছত উত্তৰকলৈ কিবা সন্দেহ হ’লে তাৰ বাবেও ৫০০ টকা দি ছেবাৰ ওচৰত আবেদন কৰিব পাৰিব৷ ছেবাক আবেদন কৰি ক’ব পাৰিব যে আপোনালোকে প্ৰস্তুত কৰা উত্তৰটো ভুল হৈছে৷ শুদ্ধ উত্তৰটো জনাই দিব পাৰিব৷ ছেবাৰ ভুলটো শুধৰাই দিলে লগে লগে সেই ৫০০ টকা ওভতাই পাব৷ ৫০০ টকা এই কাৰণেই লোৱা হৈছে যে নহ’লে সকলোৱে এনচাৰ কি ভুল বুলি ছেবাক হাৰাশান্তি কৰাৰ ৰাস্তাও ল’ব পাৰে৷ যাতে হাৰাশাস্তিৰ ৰাস্তা কোনেও নলয় তাৰ বাবে ৫০০ টকা লোৱা হ’ব৷ পৰামৰ্শ শুদ্ধ হ’লে ৫০০ টকাটো ওভতাই দিয়া হঅব৷ এম আৰ শ্বীটত ফটো দিয়াকলৈ প্ৰশ্ন উত্থাপন হোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় –আজিকালি প্ৰায় সকলো ৰাজ্যতে হোৱা পৰীক্ষাত এনেদৰে ফটো দিয়া হয়৷ যাতে এজন পৰীক্ষাৰ্থীৰ নামত আন এজন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব নোৱাৰে৷ আজি মই ছেবাৰ বিষয়াসকলৰ লগত কথা পাতিছিলো৷ তৃতীয় শ্ৰেণীৰ অ’ এম আৰ শ্বীট ইতিমধ্যে বনোৱা হৈ গ’ল৷ আপোনালোকৰ মনোভাৱক বিশেষকৈ বহুতে কৈছিল যে আমাৰ পৰিচয়টো ৰিভিল হ’ব পাৰে৷ সেয়ে ভৱিষ্যতৰ এ ডি আৰ ইৰ পৰীক্ষাত ফটো লগোৱা অ’ এম আৰ শ্বীট ব্যৱহাৰ নকৰিবলৈ মই ছেবাক পৰামৰ্শ দিছো৷

তেওঁলোকে ২৯ তাৰিখৰ পৰীক্ষাত সেয়া সম্ভৱ নহঅব বুলি কৈছে৷ কিন্তু অক্টোবৰত যি পৰীক্ষা হ’ব তাত অ’ এম আৰ শ্বীটত ফটো নাথাকিব৷ কোনোবাই ইতিবাচক পৰামৰ্শ দিলে তাক গ্ৰহণ কৰাৰ সততা আৰু সাহস এইখন চৰকাৰৰ আছে৷ মুখ্যমন্ত্ৰী বা চৰকাৰ ৰাইজৰ ওপৰত নহয় তলত৷ প্ৰাৰ্থীৰ তালাচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– নলবাৰীত এটা সমস্যা দেখা গৈছিল৷ আমি এই কেইদিন নেচনেল উইমেন কমিচন, মহিলা আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ ব্যৱস্থা সন্দৰ্ভত আলাপ-আলোচনা কৰিছিলো৷ সকলোৱে এটাই উত্তৰ দিছে যে মহিলাই মহিলাৰ আৰু পুৰুষে পুৰুষৰ শৰীৰত তালাচী চলোৱাত আপত্তিৰ কোনো থল নাথাকে৷ আমি এই সন্দৰ্ভত পৰ্যালোচনা কৰি এইটো সিদ্ধান্তত উপনীত হ’লো যে মহিলাই মহিলাক কৰা তালাচীত কোনো বাধা থাকিব নোৱাৰে৷ বিনা তালাচী অবিহনে বিমানত উঠিব নোৱাৰে৷ আপত্তি থাকিলে আপুনি বিমানত উঠিব নোৱাৰে৷ কিন্তু বিমানত যাবলৈ হ’লে তালাচীৰ সন্মুখীন হ’ব লাগিব৷ ঠিক সেইদৰে আমি পৰীক্ষা কেন্দ্ৰৰ বাহিৰত একে লিংগৰ মানুহৰ দ্বাৰা পৰীক্ষা আমি কৰিব লাগিব৷ পৰীক্ষা কৰোঁতে সন্মতি লোৱা হ’ব, সম্পূৰ্ণ সৌজন্য প্ৰকাশ কৰা হঅব৷ এইবাৰ অতিৰিক্তভাৱে মহিলাৰ তালাচীৰ সময়ত আশাকৰ্মী নাইবা অংগনবাড়ী কৰ্মী উপস্থিত থাকিব৷ ২৯ ছেপ্টেম্বৰত তৃতীয়বৰ্গৰ আৰু দুটা পৰীক্ষা অনুষ্ঠিত হ’ব৷ অসমত এচাম সংবাদ মাধ্যম আছে তেওঁলোকে পৰীক্ষাটোত ক’ত ভুল আছে তাক উলিয়াবৰ বাবে একপ্ৰকাৰ গৱেষণা আৰম্ভ কৰে৷ সিদিনাখনো প্ৰশ্নকাকত ফাদিল হৈ গ’ল বুলি অযথা হুলস্থূল কৰিলে৷ ১১ লাখে পৰীক্ষা দিছে৷ প্ৰশ্নকাকত ফাদিল হোৱা বুলি কোনোবাই নিশা আত্মহত্যা কৰিলে সংবাদ মাধ্যমটোৱে দায়িত্ব ল’লেহেঁতেন জানো৷ অসমৰ একাংশ সংবাদ মাধ্যমৰ লগত কিবা কাৰণত মোৰ আইডিঅঅলজী নিমিলে৷ ৰাজনীতি কৰা দিনৰ পৰাই তেওঁলোকৰে যুঁজ দি আহিছো৷ তেওঁলোকে কেতিয়াবা মোৰ পৰিবাৰ, ল’ৰা, ছোৱালীক আক্ৰমণ কৰে৷ মই ইয়াক আশীৰ্বাদ হিচাপে লও৷ মই একাংশ সংবাদ মাধ্যমক কৈছো যে আপোনালোকৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা৷ আপোনালোকে মোৰ লগত যুঁজক, অসমৰ নৱপ্ৰজন্মৰ আশা-আকাংক্ষাক ধূলিসাৎ কৰাৰ চেষ্টা নকৰিব৷ যোগ্যতাৰ ভিত্তিত টে’টত চাকৰি দিয়াৰ বাবে সেই সময়ৰ মুখ্যমন্ত্ৰীৰ সৈতে মই যুঁজিবলগীয়া হৈছিল৷ দিল্লীৰ পৰা মাদানী পৰিয়ালৰ সৈতে যুঁজিবলগীয়া হৈছিল৷ সৌ দিনালৈকে এ ডি আৰ ই পৰীক্ষাতো যুঁজিবলগীয়া হৈছে৷’ ইফালে, অ’ এম আৰ শ্বীটৰ বাবদ এজন প্ৰাৰ্থীৰ পৰা ১০ টকাকৈ সংগ্ৰহ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পৰীক্ষাৰ নামতো বেপাৰ চলোৱাৰ অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ এ ডি আৰ ইত  ৩২ লাখ আবেদনকাৰী প্ৰাৰ্থীৰ পৰা ৫০ টকাকৈ সংগ্ৰহ কৰি ৰাজকোষলৈ প্ৰায় ১৬ কোটি টকা ৰাজহ আনিব বিচৰা বুলিও অভিযোগ কৰে কৃষক মুক্তিৰ সভাপতি বিদ্যুৎ শইকীয়াই৷