Logo
image

সৰ্বানন্দ অলিম্পিক কমিটীৰ সভাপতি, লক্ষ্যৰ লক্ষ্যভেদ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৩ ছেপ্টেম্বৰ : শেষ মুহূৰ্তলৈকে অব্যাহত থকা বিতৰ্ক, নাটকীয়তা আৰু ৰোমাঞ্চৰ মাজেৰে দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ গ’ল অসম অলিম্পিক সন্থাৰ সাধাৰণ সভা আৰু বিষয়ববীয়াৰ নিৰ্বাচন৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতিৰ পদত নিৰ্বাচিত হোৱাৰ বিপৰীতে অসম চৰকাৰৰ যুৱ কল্যাণ বিভাগৰ সদস্য সচিৱ গীতাৰ্থ দেৱ গোস্বামীক হৰুৱাই পুনৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ লক্ষ্য কোঁৱৰ৷ অন্যহাতে ৰাজনীতিৰ পাশাখেলত উপেক্ষিত হৈ ৰ’ল দক্ষ ক্ৰীড়া সংগঠক  ভাস্কৰ ৰঞ্জন দাস, ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব হেমন্ত কলিতা, বিষ্ণু নুনিছাৰ দৰে আগশাৰীৰ ক্ৰীড়া কৰ্মকৰ্তা৷ ইফালে অনুষ্ঠিত নহ’ল জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে নিৰ্বাচন৷ পৰৱৰ্তী কাৰ্যনিবাহক সভাত সৰ্বসন্মতিক্ৰমে জ্যেষ্ঠ উপ-সভাপতি পদৰ বাবে দুজন প্ৰাৰ্থীক বাছনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আজি ঘোষিত ফলাফল অনুসৰি অসম অলিম্পিক সন্থাৰ নৱ নিৰ্বাচিত সমিতিখন হৈছে–সভাপতি : সৰ্বানন্দ সোণোৱাল

উপ-সভাপতি : মুৰুলীধৰ চৌধুৰী, কবিৰ ৰঞ্জন ব্ৰহ্ম, ৰাজ কাকতি, প্ৰশান্ত প্ৰতীম কাঠকটীয়া, সুশান্ত বিশ্ব শৰ্মা, শিলাদিত্য দেৱ, ৰাজীৱ শৰ্মা, সুবোধ মল্ল বৰুৱা, মৃগাংক দেৱ বৰ্মন

সাধাৰণ সম্পাদক : লক্ষ্য কোঁৱৰ

কোষাধ্যক্ষ : অশোক কুমাৰ ভঁৰালী

যুটীয়া সম্পাদক : ৰাতুল শৰ্মা, নিৰঞ্জন শইকীয়া, হীৰেন গগৈ, উজ্জ্বল বৰুৱা, ড॰ তপন দাস, শান্তনু কলিতা

সহঃ সম্পাদক : আফটাব হুছেইন, অংশুমান দত্ত, অৰূপ কুমাৰ ঠাকুৰীয়া, বেনজিৰ ৰছিদ, হিমাংশু শেখৰ বৈশ্য, ৰাজেশ বড়ো, ৰবীন শইকীয়া, জেহিৰুল হক



কাৰ্যবাহী সদস্য : শান্তনু পূজাৰী, জিতেন বৰঠাকুৰ, জিতু বৰদলৈ, এল হেমন্ত সিং, ৰঞ্জিত বড়ো, হিমাঞ্জন শৰ্মা, তুহিন হাজৰিকা, শৰৎ হাজৰিকা, প্ৰণিল দৈমাৰী, দুষ্মন্ত বৰা, বিৰ্জু ৰাম, পংকজৰাম বড়ো, কৰুণা শইকীয়া, গীতাৰ্থ দাস৷ ইফালে অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত ২০০জন ভোটাৰৰ ভিতৰত ১৪জন ভোটাৰে ভোটাদান কৰাৰ সুযোগ৷ এই ১৪জন ভোটাৰে ভোটদান কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম অলিম্পিক সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন নিৰ্বাচন কৰে৷ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক পদত ১৪টা ভোটৰ  ১৪টা ভোটেই লাভ কৰি বিজয়ী হয় লক্ষ্য কোঁৱৰ৷ ইফালে নিৰ্বাচনক লৈ ভোটাৰসকলে আপত্তি উত্থাপন কৰাৰ কথা উল্লেখ কৰি ৰিটাৰ্নিং বিষয়াই ওজৰ আপত্তিসমূহক নিষ্পত্তি কৰি নিৰ্বাচন অনুষ্ঠিত কৰা বুলি জানিবলৈ দিছে৷ তদুপৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুজন প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত অসন্তুষ্ট হৈ আবেদন কৰিছিল যদিও ৰিটাৰ্নিং বিষয়াৰ ওচৰত সবল যুক্তি দাঙি ধৰাত ব্যৰ্থ হোৱাত দুয়োখন আবেদন বাতিল হয়৷ অৱশ্যে প্ৰায় সংখ্যক প্ৰতিনিধিয়ে এই নিৰ্বাচনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ মন কৰিবলগীয়া যে, আজি অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত ভোটদান কৰিবলৈ ৰাজ্যৰ ৩৪খন জিলাৰ ক্ৰীড়া সংস্থাসমূহৰ প্ৰতিনিধি উপস্থিত হৈছিল ডিব্ৰুগড়ত৷ ইয়াৰ ভিতৰত আছিল অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ৩৩টা সংস্থাৰ ৰাজ্যিক প্ৰতিনিধি৷ ৰাজ্যিক সংস্থাৰ চ্ছ্ৰজনকৈ আৰু জিলাৰ ২জনকৈ প্ৰতিনিধিয়ে নিৰ্বাচনত ভোটদান কৰাৰ কথা আছিল৷ কিন্তু নিৰ্বাচন ব্যৱস্থাত যাতে কোনোধৰণৰ খেলিমেলিৰ সৃষ্টি নহয়, তাৰ বাবে নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা কাৰ্যনিবাহক সভাই এখন দহ জনীয়া সমিতি গঠন কৰে৷ এই সমিতিয়ে ভোটদান কৰি কাৰ্যনিবাহক সভাৰ বিষয়ববীয়া সকলক নিৰ্বাচিত কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কাৰ্যনিৰ্বাহক সভাৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যৰ বহু ক্ৰীড়া সংস্থাৰ প্ৰতিনিধিয়ে ভোটদানৰ পৰা বিৰত থাকে৷ ইফালে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত বিগত কাৰ্যকালৰ সাধাৰণ সম্পাদকৰ প্ৰতিবেদন পাঠ কৰে লক্ষ্য কোঁৱৰে৷ কাৰ্যনিৰ্বাহক সভাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতা, তৰংগ গগৈ, মানৱ ডেকাৰ সৈতে এক একান্ত বৈঠকত মিলিত হয়৷ এই বৈঠকতে ১৪জন ব্যক্তিয়েহে ভোটদান কৰাৰ সম্পৰ্কত বিতৰ্কিত সিদ্ধান্ত লোৱা হয়৷ ইয়াকে লৈ আন প্ৰতিনিধিসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হয়৷ এই সম্পৰ্কত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি পদৰ প্ৰাৰ্থী প্ৰণয় বৰদলৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়–অসম অলিম্পিক সন্থাৰ নিৰ্বাচনটো চূড়ান্ত প্ৰহসনৰ বাদে আন একো নহয়৷

সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো সৰ্বা-হিমন্ত পন্থীৰ মাজত বুজাপৰাৰ নাটকৰ বাদে আন একো নহয়৷ ইয়াত তেওঁলোকে এখন নাটক ৰচিলে৷  অলিম্পিক সন্থাৰ কাৰ্যনিৰ্বাহকত ভৰি দি নোপোৱা সকলেও অলিম্পিক সন্থাৰ বিষয়ববীয়া পদত আছে৷ বিগত কাৰ্যকালত নিৰ্বাচিত বিষয়ববীয়া সকলে সন্থাৰ কাৰ্যালয়েই দেখি নাপালে৷ অথচ সেইসকলেই দায়িত্ব লাভ কৰিলে৷ বহু ভাল ভাল ক্ৰীড়া সংগঠক বাদ পৰিল অসম অলিম্পিক সন্থাত৷ এনেকুৱা নিৰ্বাচন পৃথিৱীত ক’তো দেখা নাই৷ এই নিৰ্বাচনত মাত্ৰ ১৪জন ব্যক্তিয়েহে ভোটদান কৰিছে৷ প্ৰায়কেইজনেই কিন্তু ৰাজনৈতিক নেতা৷ তেওঁলোকৰ ভোটেৰে নতুন কাৰ্যনিৰ্বাহকখন গঠন কৰা হৈছে৷ ইয়াত দুশৰো অধিক ভোটাৰ উপস্থিত আছিল৷’ উল্লেখযোগ্য যে, আজি বিজেপিৰ সকলো বিধায়কেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আহ৩ানৰ প্ৰতি সঁহাৰি জনাই বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছে মন্ত্ৰী পীয়ূþষ হাজৰিকাই৷ উল্লেখযোগ্য যে, অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত জ্যেষ্ঠ উপ-সভাপতি পদত জয়ন্তমল্ল বৰুৱা, মুৰুলীধৰ চৌধুৰী, ভৱেশ কলিতা, লৰেন্স ইছলাৰী, কবিৰঞ্জন ব্ৰহ্ম, পীযুষ হাজৰিকা, উপ-সভাপতি পদত মুৰুলীধৰ চৌধুৰী, দিবাকৰ বৰা, গুৰুজ্যোতি দাস, মৃগাংক দেৱ বৰ্মন, ভবেশ কলিতা, ৰূপক শৰ্মা, বাণীব্ৰত দাস, দিগন্ত কলিতা, তুলিৰাম ৰংহাং, লৰেন্স ইছলাৰী, অনুপ কুমাৰ চৌধুৰী, ৰাজীৱ শৰ্মা, নৱ কুমাৰ দলে, তৰংগ গগৈ, ৰাজ কাকতি, ৰমাকান্ত দেউৰী, সুবোধ মল্ল বৰুৱা, সাধাৰণ সম্পাদকৰ পদত ভাস্কৰ ৰঞ্জন দাস, গীতাৰ্থ দেৱ গোস্বামী, লক্ষ্য কোঁৱৰ, সহকাৰী সম্পাদক পদত বেনজিৰ ৰছিদ, তপন দাস, অৰূপ কুমাৰ ঠাকুৰীয়া, হিমাংশু শ্বেখৰ, উজ্জ্বল বৰুৱা, অংশুমান দত্ত, দীপা চৌধুৰী, জেহিৰুল হক, ৰাজেশ বড়ো, ৰবীন শইকীয়া, হীৰেন গগৈ, যুটীয়া সম্পাদক পদত অলক কুমাৰ ত্ৰিপাঠি, উপেন চক্ৰৱৰ্তী, অৰূপজ্যোতি চৌধুৰী, শান্তনু কলিতা, অমল নাৰায়ণ পাটোৱাৰী, ভাস্কৰজ্যোতি গোস্বামী, ড॰ তপন দাস, মনোজ কুমাৰ চৌধুৰী, উজ্জ্বল বৰুৱা, দীপা চৌধুৰী, সঞ্জীৱ সন্দিকৈ, প্ৰেমজিৎ নাৰ্জাৰী, প্ৰণৱ লহকৰ, অশোক কুমাৰ ভৰালী, ৰাতুল শৰ্মা, হীৰেন গগৈ, ভৱজ্যোতি গোস্বামী, নিৰঞ্জন শইকীয়া, মনোজ কুমাৰ চৌধুৰী, কোষাধ্যক্ষ পদত ভাস্কৰ ৰঞ্জন দাস, অশোক কুমাৰ ভৰালী আৰু কাৰ্যনিৰ্বাহক সদস্য পদত দিব্যজ্যোতি ৰাজখোৱা, জিতেন বৰঠাকুৰ, শৰৎ হাজৰিকা, ৰঞ্জিত বড়ো, দুৰ্গা দাস বড়ো, হিমাঞ্জন শৰ্মা, শান্তনু পূজাৰী, তুহিন হাজৰিকা, কৰুণা শইকীয়া, বিজুৰ্ ৰাম, জাফৰ খান, ৰাজেশ বড়ো, আদৰ্শ চৌধুৰী, সংগ্ৰাং ব্ৰহ্ম, প্ৰণীল দৈমাৰী, ধনেশ্বৰ বড়ো, মিলন দৈমাৰী, পংকজ ৰাম বড়ো, গীতাৰ্থ দাস, জিতু বৰদলৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল৷