Logo
image

চুমিৰ ৪২ লাখ টকীয়া মেখেলা-চাদৰ দাখিল ডিব্ৰুগড় আদালতত

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২৩ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত তথা অভিনেত্ৰী, কৰিঅ’গ্ৰাফাৰ চুমিৰ দামী পোছাকক লৈ পুনৰ চৰ্চালৈ আহিছে চুমি বৰা৷ ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত স্বামী তপন বৰা ওৰফে তাৰ্কিকৰ সৈতে একেলগে কাৰাবন্দী হৈ থকা চুমি বৰাই ৱেডিং ডেষ্টিনেশ্যনত পৰিধান কৰা সাজযোৰৰ দাম শুনিলে আপোনাৰ চকু কঁপালত উঠিব৷ ইতিমধ্যে চিআইডিয়ে চুমিৰ বিশেষ সাজযোৰ জব্দ কৰিছে৷ ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হোৱা ডেষ্টিনেশ্যন ৱেডিঙত পৰিধান কৰা বিশেষ সাজযোৰ জব্দ কৰি আজি ডিব্ৰুগড় আদালতত প্ৰদৰ্শন কৰা হয়৷ উদয়পুৰৰ ৱেডিং ডেষ্টিনেশ্বনত চুমি বৰাই পৰিধান কৰিছিল ৪২ লাখ টকীয়া কাপোৰযোৰ৷ ইতিমধ্যে এই কাপোৰযোৰৰ লগতে আন দুযোৰ দামী কাপোৰ জব্দ কৰিছে চিআইডিয়ে৷ মনকৰিবলগীয়া যে, চুমিৰ ডেষ্টিনেশ্যন ৱেডিঙৰ বাবে বিশেষভাৱে ডিজাইনেৰে প্ৰস্তুত কৰা পোছাকযোৰক লৈ ৰাজ্যজুৰি চৰ্চিত হৈছিল৷ ইফালে চাৰিদিনৰ আৰক্ষীৰ জিম্মাত থকা অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড বিশাল ফুকনক আজি তৃতীয় দিনাও মাৰাথান জেৰা চলাইছে চিআইডিৰ শীৰ্ষ বিষয়াই৷ চিআইডিয়ে মাৰাথান জেৰাত বহু বিস্ফোৰক তথ্য লাভ কৰিছে৷ বিশালৰ স্বীকাৰোক্তিৰ ভিত্তিত এপদ এপদকৈ চিআইডিয়ে জব্দ কৰিছে চুমি-বিশালৰ বিলাসী সা-সামগ্ৰী৷ ইফালে কাইলৈ অন্ত পৰিব বিশাল ফুকনৰ ন্যায়িক জিম্মাৰ ম্যাদ৷


আৰক্ষীয়ে ডিব্ৰুগড় জিলা সত্ৰ আৰু ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পাছত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিব বিশাল ফুকনক৷ আনহাতে এই ২২০০ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰিত আন বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে, যোৱা ২ ছেপ্টেম্বৰত ডিব্ৰুগড় গান্ধীনগৰস্থিত প্ৰবাঞ্জলী এপাৰ্টমেণ্টৰ পৰা আটক কৰি ৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিয়েই ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱাইছিল বিশাল ফুকনক৷ সেইদিনাই বিশাল ফুকনক ৩ দিনৰ আৰক্ষী জিম্মাত লৈ জেৰাৰ অন্তত পুনৰ আদালতত হাজিৰ কৰোৱাৰ পাছত ৬ ছেপ্টেম্বৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল৷ অন্যহাতে ১২ ছেপ্টেম্বৰত এছ টি এফে গ্ৰেপ্তাৰ কৰিছিল চুমি-তাৰ্কিকক৷ গুৱাহাটী মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তাৰ্কিকৰ ভ্ৰাতৃ অম্লান বৰাক ১৪ ছেপ্টেম্বৰত ডিব্ৰুগড় আৰক্ষীক গতাই দিছিল৷ চুমি-তাৰ্কিকক পাঁচদিনৰ আৰু ৩ দিনৰ অম্লান বৰাক আৰক্ষীৰ জিম্মাত ৰাখি তিনি অভিযুক্তক ১৭ ছেপ্টেম্বৰত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ ইফালে আটাইকেইজনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ৩৫২/২৪ গোচৰৰ ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬(২)৩১৮(৪) আৰু অবৈধ ধন সৰবৰাহ ২০১৯ আইনৰ ২১ (১), ২১ (২), ২১ (৩) অধীনত পঞ্জীয়ন কৰা হৈছে৷

গুৱাহাটীত হনীট্ৰেপিং/ ব্যৱসায়ীৰ পৰা অভিনেত্ৰীয়ে লুটিলে ১২ লাখ টকা

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : গুৱাহাটীত সক্ৰিয় হৈ আছে হনীট্ৰেপিং চক্ৰ৷ এই চক্ৰটোৱে সুন্দৰী যুৱতী মহিলাৰ জৰিয়তে ব্যৱসায়ী আৰু ধনীৰ দুলালক টাৰ্গেট কৰি প্ৰেমৰ চলনাৰে ব্লেকমেইলিং কৰি লাখ লাখ টকা লুট কৰি আহিছে৷ শেহতীয়াকৈ এই হনীট্ৰেপিং চক্ৰটোৰ জালত পৰি এজন ব্যৱসায়ীয়ে ১২ লাখ টকা আদায় দিবলগীয়া হৈছে৷ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকি দি হনীট্ৰেপিং চক্ৰটোৱে পুনৰ ধন দাবী কৰাত ভুক্তভোগী ব্যবসায়ীজনে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে৷ ভুক্তভোগী ব্যবসায়ীজনে জানিবলৈ দিয়া মতে প্ৰায় এবছৰ পূৰ্বে তেওঁ পৰী নামৰ এগৰাকী মডেলৰ সৈতে চিনাকি হৈছিল৷ প্ৰথমে বন্ধুত্ব তাৰ পাছত মডেলগৰাকীৰ সৈতে ব্যৱসায়ীজনৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ ৰহস্যময়ী মডেলগৰাকীয়ে ব্যৱসায়ীজনৰ পৰা বিগত এবছৰত ২, ৫, ১০, ২০ হাজাৰকৈ প্ৰায় ১২ লাখ টকা আদায় কৰে৷ আনকি যুৱতীগৰাকীক ব্যবসায়ীজনে এটা আইফনো উপহাৰ দিছিল৷ প্ৰেমৰ চলনাৰে ব্যৱসায়ীজনৰ পৰা ধন আদায় কৰি অহা যুৱতীগৰাকীয়ে শেহতীয়াকৈ ধন দাবী কৰে৷ যদিহে দাবী কৰা ধন আদায় নিদিয়ে তেন্তে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়ে৷ উপায়ন্তৰ হৈ ব্যৱসায়ীজনে আৰক্ষীৰ কাষ চাপে৷ ব্যবসায়ীজনৰ অভিযোগ অনুসৰি টিনা হাজৰিকা, জিনা হাজৰিকা, পৰী হাজৰিকা, ময়ূৰী ঠেংগাল নামেৰে পৰিচিত এই মডেল অভিনেত্ৰী যুৱতীগৰাকীয়ে সঘনাই ভাড়াঘৰ আৰু ফোন নম্বৰ সলনি কৰে৷ প্ৰতিষ্ঠিত ব্যৱসায়ীক আৰু হাইপ্ৰফাইল ব্যক্তিক টাৰ্গেট কৰি লোৱা হনীট্ৰেপিং চক্ৰটোৰ জালত আৰু কোন কোন ব্যৱসায়ী পৰিছে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰি যুৱতী গৰাকী কাৰ্বি আংলংৰ বুলি নিশ্চিত তথ্য লাভ কৰিছে৷