Logo
image

নলবাৰীত দীপাংকৰ বৰ্মনৰ কাৰ্যালয়ত মহানগৰ আৰক্ষীৰ অভিযান

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৩ ছেপ্টেম্বৰ : অন লাইন ট্ৰেডিং প্ৰৱঞ্চনাৰে ৭০০০ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰা ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ নলবাৰীৰ কাৰ্যালয়ত আজি মহানগৰ আৰক্ষীয়ে অভিযান চলায়৷ মহানগৰ আৰক্ষীৰ জ্জ জনীয়া এছ আই টিৰ দলে মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ নলবাৰীৰ শাখা কাৰ্যলয়ত তন্ন তন্ন কৈ পৰীক্ষা কৰি নথি পত্ৰ আৰু কম্পিউটাৰ জব্দ কৰে৷ মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনে নলবাৰীতো শাখা কাৰ্যলয় খুলি এজেণ্টৰ জৰিয়তে লাখ লাখ টকা সংগ্ৰহ কৰিছিল৷ বাতৰি যুগুত কৰালৈকে মহানগৰ আৰক্ষীৰ দলটোৱে অভিযান চলাই আছে৷ উল্লেখ্য যে, অন লাইন ট্ৰেডিং প্ৰৱঞ্চনাৰে ৭০০০ কোটি টকা আত্মসাত কৰি আত্মগোপন কৰা ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ পিতৃ- মাতৃসহ চাৰ্টাৰ্ড একাউণ্টেণ্টক কালি পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ মহানগৰ আৰক্ষীৰ জালত পৰা পলাতক প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃৰ নাম চবিন বৰ্মন, মাতৃ দীপালী তালুকদাৰ আৰু চাৰ্টাড একাউটেণ্ট মুকেশ আগৰৱালা৷ তিনিওৰে একাউণ্টত দীপাংকৰ বৰ্মনে বৃহৎ পৰিমাণৰ ধনৰ লেন দেনৰ তথ্য লাভ কৰিছিল পানবজাৰ আৰক্ষীয়ে৷ কিন্তু বিগত এটা মাহে আৰক্ষীৰ চকুত ধূলি মাৰি পলাতক হৈ আছে ট্ৰেডিং কেলেংকাৰিৰ অন্যতম খলনায়ক দীপাংকৰ বৰ্মন৷ ডি বি ষ্টকত ধন বিনিয়োগ কৰিবলৈ পিতৃ চবিন বৰ্মনেও নানা চলাহী কথা কৈছিল বিনিয়োগকাৰী সকলক৷ এনে ধৰণৰ বহু তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পিতৃ-মাতৃসহ চাৰ্টাড একাউটেণ্টজনক৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে এগৰাকী বিনিয়োগকাৰী আৰু দীপাংকৰৰ পিতৃ চবিন বৰ্মনৰ ফোন ৰেকৰ্ডিঙৰ ঘটনা৷ যিটো মোবাইল ফোনৰ কথোপকথনত পিতৃ গৰাকীয়ে অতি সাধাৰণভাৱে বিনিয়োগকাৰীক সুধিছে ১০ লাখ নে ১০ কোটি ইনভেষ্ট কৰিছিল৷


এই তথ্য লাভ কৰাৰ পাছতেই মহানগৰ আৰক্ষীয়ে দীপাংকৰ বৰ্মনৰ পিতৃ মাতৃৰ বিৰুদ্ধে কঠোৰ হৈ পৰে৷ ইপিনে, পলাতক ডি বি ষ্টকৰ মালিক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টনবজাৰ থানাত ৰুজু হোৱা গোচৰৰ তদন্ত কৰিবলৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জ্জ জনীয়া এক তদন্তকাৰী দল গঠন কৰি দিছে৷ এই দলটোৱে পলাতক দীপাংকৰৰ সন্ধান কৰাৰ লগতে দীপাংকৰৰ বিৰুদ্ধে দাখিল হোৱা গোচৰৰ তদন্ত কৰিব৷ আনহাতে দীৰ্ঘসময় সোধা-পোছা কৰাৰ পিছতেই আৰক্ষীয়ে দীপাংকৰৰ পিতৃ চবিন বৰ্মন, মাতৃ দীপালি তালুকদাৰক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে এই সন্দৰ্ভত দীপাংকৰৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট মহেশ আগৰৱালাকো গ্ৰেপ্তাৰ কৰিছে৷ ইয়াৰ পিছতেই মহানগৰ আৰক্ষীয়ে দীপাংকৰৰ পিতৃ-মাতৃৰ লগতে চাৰ্টাৰ্ড একাউণ্টেণ্টক জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে পিতৃ মাতৃ দুয়োগৰাকীকেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ আনহাতে, জিলা সত্ৰ ন্যায়াধীশৰ আদালতে চাৰ্টাৰ্ড একাউণ্টেণ্টজনক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ আৰক্ষীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্টক সাত দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তিনি দিনৰহে জিম্মালৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীতে বিগত প্ৰায় পাঁচ বছৰে ষ্টক ট্ৰেডিঙৰ নামত শ শ লোকৰ পৰা প্ৰৱঞ্চনাৰে বিশাল ধনৰাশি সংগ্ৰহ কৰিছিল দীপাংকৰে৷ তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থপিত হোৱাৰ পিছতেই মহানগৰ আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা দীপাংকৰৰ এমাহৰ পিছতো কোনো সন্ধান ওলোৱা নাই৷ মহানগৰীৰ উলুবাৰীত কাৰ্যালয় স্থাপন কৰি ২০১৮ চনৰ পৰা অবৈধ ষ্টক ট্ৰেডিঙৰ জাল মেলা ডি বি ষ্টক ব্ৰকিঙৰ মুৰব্বী দীপাংকৰ বৰ্মন যোৱা ১৯ আগষ্টৰ পৰা পলাতক হৈ আছে৷ ইয়াৰ পিছত দীপাংকৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা শতাধিক লোকে পŒI×ন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷ দীপাংকৰ বৰ্মনে পলায়ন কৰাৰ প্ৰায় ৩০ দিন পাছত মহানগৰ আৰক্ষীয়ে অভিযুক্তজনৰ এখন বিলাসী গাড়ী আৰু এখন বিলাসী বাইক জব্দ কৰে৷ আনহাতে, ২২ আগষ্টত পŒI×ন বজাৰ থানাৰ ২৮৮য২০২৪ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দীপাংকৰৰ প্ৰেমিকা মনালিছা দাস৷ পলাতক দীপাংকৰ বৰ্মন শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীয়ে দাবী কৰিছে৷