Logo
image

ঘামচিৰ পৰা পৰিত্ৰাণ পাবলৈ খাওক নেমু-ডাবৰ পানী

গৰমত ঘাম ওলোৱাটো স্বাভাৱিক৷ কিন্তু ঘামৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে শৰীৰত বিভিন্নধৰণৰ ৰোগৰ জীৱাণু আৰু বেক্টেৰিয়াৰ আক্ৰমণ আৰম্ভ হয়৷ ইয়াৰ ফলত ঘামচি, খজুৱতি আদিৰ দৰে ছালৰ সমস্যাই দেখা দিয়ে৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে অত্যধিক গৰমত বা শাৰীৰিক পৰিশ্ৰমৰ ফলত দেহটোক শীতল কৰি ৰাখিবলৈ ছালত থকা ঘৰ্মগ্ৰন্থীসমূহৰ পৰা ঘাম ওলোৱা আৰম্ভ কৰে৷ ঘামে শৰীৰৰ পৰা দূষিত পদাৰ্থসমূহ উলিয়াই পঠিয়ায়৷ কিন্তু ঘামত থকা নিমখজাতীয় উপাদানসমূহ যদি কোনো কাৰণত ঘৰ্মগ্ৰন্থীত লাগি থাকে তেন্তে শৰীৰৰ পৰা ঘাম ওলোৱাটো বন্ধ হয়৷ ইয়াৰ ফলত খজুৱতি আৰু ঘামচিৰ দৰে ছালৰ সমস্যাই দেখা দিয়ে৷ কিন্তু কেইটামান উপায়েৰে ঘামচি বা খজুৱতিৰ দৰে সমস্যাৰ পৰা সকাহ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়– 

১) দৈনিক অন্ততঃ দুবাৰ গাধোৱা অভ্যাস কৰক৷ গা ধোৱাৰ সময়ত কম ক্ষাৰযুক্ত আৰু এণ্টিবেক্টেৰিয়েল সমৃদ্ধ চাবোন ব্যৱহাৰ কৰিব৷ তদুপৰি গাধোৱা পানীত আগতীয়াকৈ নিমপাত তিয়াই ৰাখিব পাৰে৷

২) অত্যধিক গৰমত ঢিলা আৰু কপাহী কাপোৰ পৰিধান কৰক৷

৩) নেমুপানী বা ডাবৰ পানীৰ দৰে তৰল পানীয় খোৱাৰ অভ্যাস কৰক৷ 


৪) দিনত অন্ততঃ দুবাৰ পোছাক সলাওক৷ পৰাপক্ষত নতুন বা পৰিচ্ছন্ন পোছাক পৰিধান কৰক৷

৫) ঘামচি বা খজুৱতিৰ পৰা পৰিত্ৰাণ পাবলৈ আক্ৰান্ত স্থানত কোনোধৰণৰ পাউদাৰ ব্যৱহাৰ নকৰিব৷ পাউদাৰৰ ব্যৱহাৰে ঘৰ্মগ্ৰন্থীসমূহ বন্ধ কৰি পেলায়৷ ফলত হিতে বিপৰীত হয়৷ পাউদাৰৰ সলনি আক্ৰান্ত স্থানত বৰফ ঘহিব পাৰে৷ তদুপৰি ছালৰ সুৰক্ষাৰ বাবে এন্ট্রি ছেপ্টিক ক্ৰীম ব্যৱহাৰ কৰিব পাৰে৷

৬) ঘামত শৰীৰ তিতিলে লগে লগে পৰিষ্কাৰ টাৱেল বা  গামোচাৰে মচি লওঁক৷ কেতিয়াও ছালৰ ভাজ বা ঘামত তিতি থকা স্থানত খজুৱতিৰ পৰা পৰিত্ৰাণ পাবলৈ নখজুৱাব৷