Logo
image

শংকৰজ্যোতিক এমাহলৈ সকাহ দিলে উচ্ছ ন্যায়ালয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ছেপ্টেম্বৰ : প্ৰেমত প্ৰতাৰণা কৰা গোচৰত অভিযুক্ত ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক পুনৰ আগতীয়া জামিন মঞ্জুৰ কৰিলে ন্যায়ালয়ে৷ সোমবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে বৰুৱাক অগ্ৰিম জামিন মঞ্জুৰ কৰে৷ ২২ অক্টোবৰ পৰ্যন্ত বৰুৱাক আগতীয়া জামিন মঞ্জুৰ কৰে উচ্ছ ন্যায়ালয়ে৷ উক্ত গোচৰ সন্দৰ্ভত ২২ অক্টোবৰত কেচ ডায়েৰী দাখিলৰো নিৰ্দেশ দিছে ন্যায়ালয়ে৷ উচ্ছ ন্যায়ালয়ৰ এই নিৰ্দেশৰ ফলত এমাহলৈ সকাহ পালে শংকৰজ্যোতি বৰুৱাই৷ উল্লেখ্য, ২১ ছেপ্টেম্বৰ শনিবাৰে কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে বৰুৱাৰ জামিন আবেদন নাকচ কৰিছিল৷ ইয়াৰ পাছতে জামিন বিচাৰি শংকৰজ্যোতি বৰুৱা গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ উল্লেখ্য, শংকৰজ্যোতি বৰুৱাই প্ৰেমত প্ৰতাৰণা কৰা বুলি অভিযোগ কৰি এগৰাকী আছুকৰ্মী যুৱতীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত ৰুজু কৰা হৈছিল ৬৫৩/২০২৪ নম্বৰৰ গোচৰ৷ যুৱতীগৰাকীয়ে ৬ ছেপ্টেম্বৰত এজাহাৰ দাখিল কৰিছিল৷ ৭ ছেপ্টেম্বৰত আগতীয়া জামিন বিচাৰি কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ দ্বাৰস্থ হৈছিল শংকৰজ্যোতি বৰুৱা৷


সত্ৰ ন্যায়াধীশৰ আদালতে সিদিনাই শংকৰজ্যোতি বৰুৱাক ২১ ছেপ্টেম্বৰপৰ্যন্ত আগতীয়া জামিন দিয়ে৷ উক্ত জামিনৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে তেওঁ জামিন বিচাৰি কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত দাখিল কৰে আবেদন৷ উক্ত আবেদনৰ ভিত্তিত ৰুজু কৰা ৬৬/২০২৪ নম্বৰৰ গোচৰৰ শুনানিত চৰকাৰী পক্ষৰ অধিবক্তা মাখন ফুকনে যুক্তি দৰ্শাই কয় যে এগৰাকী যুৱতীক প্ৰেমৰ নামত প্ৰতাৰণা কৰাৰ গোচৰত অভিযুক্ত শংকৰজ্যোতি বৰুৱা এতিয়াও প্ৰভাৱশালী৷ শংকৰজ্যোতি বৰুৱাই প্ৰভাৱ খুটুৱাই তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ তথ্য-প্ৰমাণ নষ্ট কৰিব পাৰে৷ গতিকে তেওঁক জামিন মঞ্জুৰ কৰিব পৰা নাযায়৷ চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তিত পতিয়ন গৈ আদালতে শংকৰজ্যোতি বৰুৱাৰ জামিন আবেদন নাকচ কৰে৷ উল্লেখ্য, ছাত্ৰ সন্থাৰ সদস্যগৰাকীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেমত প্ৰতাৰণা কৰাৰ উপৰি প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল৷ এনে অভিযোগৰ পাছত আছুৰ মুখ্য উপদেষ্টা ড॰ সমজ্জ্ব³ল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ পৰামৰ্শ অনুসৰি ১২ ছেপ্টেম্বৰত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লয় শংকৰজ্যোতিয়ে৷ ১৫ ছেপ্টেম্বৰত তেওঁ ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লয়৷ শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত ৰাজহুৱা অভিযোগ আৰু তাৰ পৰৱৰ্তী ঘটনাপ্ৰৱাহৰ বিতং অনুসন্ধানৰ বাবে ইতিমধ্যে এখন দহজনীয়া তদন্ত কমিটী গঠন কৰি দিছে সদৌ অসম ছাত্ৰ সন্থাই৷