Logo
image

খালী পেটত দৈ খোৱা উচিতনে?

বহুতৰে ধাৰণা, দৈ খোৱাৰ উপযুক্ত সময় হৈছে দুপৰীয়া৷ বিশেষকৈ দুপৰীয়াৰ আহাৰৰ পাছতে দৈ খালে উপকাৰ পোৱা যায়৷ কিন্তু জানি আচৰিত হ’ব যে পুৱাই দৈ খালে বেছি উপকাৰ পোৱা যায়৷ পুষ্টিবিদসকলৰ মতে, শৰীৰ শীতল কৰি ৰাখিবলৈ দিনটোৰ আৰম্ভণিতেই অৰ্থাৎ পুৱাই টেঙা দৈ খাব লাগে৷ দৈয়ে কোষ্ঠকাঠিন্য সমস্যাৰ পৰা সকাহ দিয়ে৷ পুৱাৰ আহাৰৰ সৈতে যদি টেঙা দৈ খাব পৰা যায় তেন্তে হজম শক্তি বাঢ়ে৷ উল্লেখ কৰা হ’ল পুৱাই দৈ খালে কি কি উপকাৰ পোৱা যায়– 

১) টেঙা দৈয়ে প্ৰ-বায়’টিকৰ কাম কৰে৷ হজম প্ৰক্ৰিয়া আৰু অন্ত্ৰ সুস্থ ৰখাৰ ক্ষেত্ৰত প্ৰ-বায়’টিক কাৰ্যকৰী৷ পেটফুলা, বদহজম আৰু ডায়েৰিয়াৰ সমস্যাৰ পৰা দৈয়ে সকাহ দিয়াত সহায় কৰে৷ 


২) বিভিন্ন ৰোগৰ জীৱাণুৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত টেঙা দৈৰ উপাদান অতি কাৰ্যকৰী৷ ইয়াত থকা মেগনেচিয়াম, জিংক আৰু ছেলেনিয়ামৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে৷ 

৩) ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত টেঙা দৈয়ে বিশেষভাৱে সহায় কৰে৷ দৈত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে বাবে বহু সময়ধৰি ভোক নালাগে৷ ফলত ওজন নিয়ন্ত্ৰণ কৰাটো সহজ হয়৷ 

৪) দৈত থকা পটাছিয়াম, ভিটামিন বি-১২ আৰু মেগনেছিয়ামে  উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ 

৫) হাড় মজবুত কৰাতো দৈয়ে সহায় কৰে৷