Logo
image

ভাৰতীয় অলিম্পিক সন্থাত সংঘাত

ভাৰতীয় ক্ৰীড়াৰ সৰ্বোচ্ছ সংস্থা ভাৰতীয় অলিম্পিক সন্থাৰ ভিতৰচ’ৰাত চলিছে সংঘাত৷ ২০২২ চনৰ ডিচেম্বৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে অলিম্পিক সন্থাৰ সভাপতি নিৰ্বাচিত হৈছিল প্ৰাক্তন এথলীট পি টি ঊষা৷ এই দায়িত্ব পোৱা ঊষা হৈছে প্ৰথমগৰাকী মহিলা আৰু অলিম্পিয়ান৷ ঊষাই সভাপতিৰ দায়িত্ব লোৱাৰ পাছত ভাৰতীয় অলিম্পিক সন্থাক কেন্দ্ৰ কৰি একাধিক বিতৰ্কৰ সৃষ্টি হৈছিল যদিও শেহতীয়াভাৱে সৃষ্টি হোৱা এক বিতৰ্কই সন্থাৰ বহু সদস্যক অস্বস্তিত পেলাইছে৷ বিগত ১০ ছেপ্টেম্বৰত ঊষাই অলিম্পিক সন্থাৰ পাঁচজন সদস্যলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল৷ সংবিধানৰ লগতে ক্ৰীড়া বিধি উলংঘা কৰি পদ দখল কৰি থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল তেওঁলোকৰ বিৰুদ্ধে৷ নিয়ম অনুসৰি ক্ৰমাগতভাৱে ১২ বছৰ কোনো এটা পদত থকাৰ পাছত সেই পদৰ পৰা আঁতৰি থাকিব লাগে৷ তাৎপৰ্যপূৰ্ণ যে যিকেইজন সদস্যলৈ অলিম্পিক সন্থাৰ সভাপতিগৰাকীয়ে জাননী প্ৰেৰণ কৰিছিল, তেওঁলোকৰ মাজৰ ৰাজলক্ষ্মী সিং দেৱে ওলোটাই ঊষাৰ নিৰ্বাচন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে৷ পাঁচজন সদস্যৰ হৈ ৰাজলক্ষ্মী সিং দেৱে অলিম্পিক সন্থালৈ পত্ৰও প্ৰেৰণ কৰিছে৷ তেওঁলোকৰ অভিযোগ আছিল যে নীতিবিৰুদ্ধভাৱে পি টি ঊষাই ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতিৰ পদ দখল কৰি আছে৷ ঊষালৈ লিখা পত্ৰত ৰাজলক্ষ্মী সিং দেৱে উল্লেখ কৰিছে যে সভাপতি পদটোৰ বাবে প্ৰস্তাৱ আৰু সমৰ্থন কৰা ব্যক্তি দুজন অলিম্পিক সন্থাৰ সাধাৰণ সভাৰ দ্বাৰা স্বীকৃত নহয়৷ সেইবাবে তেওঁ অলিম্পিক সন্থাৰ সভাপতি হৈ থকাৰ যোগ্য নহয়৷ এই সন্দৰ্ভত অলিম্পিক সন্থাৰ সংবিধানৰ বিষয়েও উল্লেখ কৰিছে সিং দেৱে৷ তেওঁ ঊষাৰ লগতে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডবীয়লৈও পত্ৰ প্ৰেৰণ কৰাৰ লগতে এই সন্দৰ্ভত ঊষাৰ পৰা উত্তৰ দাবী কৰিছে৷উল্লেখ্য, ৰাজলক্ষ্মী সিং দেৱৰ লগতে ঊষাই পত্ৰ প্ৰেৰণ কৰা আন সদস্যকেইজন হৈছে অজয় পেটেল, সহদেৱ যাদৱ, ভূপিন্দৰ সিং বাজৱা আৰু অলকানন্দা অশোক৷ ৰাষ্ট˜ীয় ক্ৰীড়া বিধি উলংঘা কৰি নিজ নিজ পদত থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল তেওঁলোকৰ বিৰুদ্ধে৷ তাৰ লগতে বয়সৰ বিষয়েও উল্লেখ কৰা হৈছিল৷ পি টি ঊষাই ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰ পৰাই সন্থাত বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈছিল৷ চলিত বছৰৰ জানুৱাৰীত ৰঘুৰাম ৰায়ক সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া নিৰ্বাচিত কৰাৰ পাছতো একাংশ সদস্য সেই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছিল৷ পেৰিছ অলিম্পিক চলি থকা সময়তো অলিম্পিক সন্থাৰ একাংশ সদস্যৰ মাজত বিবাদ চলিছিল৷ এগৰাকী খেলুৱৈ হোৱাৰ বাবে ক্ৰীড়া প্ৰশাসক হিচাপে ঊষা সফল হ’ব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু ভাৰতীয় ক্ৰীড়াক্ষেত্ৰখনত  ৰাজনীতিয়ে এনেদৰে প্ৰভাৱ পেলায় যে ক্ৰীড়াৰ উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ বাবে আগবাঢ়ি অহা লোকো বহু সময়ত থমকি ৰ’বলগীয়া হয়৷ অলিম্পিক সন্থাত সৃষ্টি হোৱা শেহতীয়া এই বিতৰ্ক শাম কটোৱাৰ ক্ষেত্ৰত পি টি ঊষাৰ লগতে সন্থাৰ আন শীৰ্ষ বিষয়ববীয়াসকলে কি পদক্ষেপ লয়, সেয়া হ’ব লক্ষণীয়৷