Logo
image

লক্ষীপুৰত উচ্ছেদ, বুলড’জাৰে ভাঙিলে চৰকাৰী পানী প্ৰকল্প

‘আমাৰ অসম’ৰ সোণাপুৰৰ প্ৰতিবেদক, ২৫ ছেপ্টেম্বৰ :  আজিৰেপৰা পুনৰ সোণাপুৰৰ কচুতলীত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলোৱা হয়৷ পুৱাৰেপৰা এক যুদ্ধংদেহি পৰিৱেশৰ সৃষ্টি হয় সোণাপুৰৰ কচুতলীত৷ উচ্ছেদস্থলীত ১২ছেপ্টেম্বৰৰ দৰে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে তাৰ বাবে প্ৰায় এহাজাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় অঞ্চলটোত৷ আজি এক নং কচুতলীৰ ৬টা স্থানত ২৫০টা বাসগৃহত ১০খন এস্কেভেটৰেৰে চলোৱা হয় এই উচ্ছেদ অভিযান৷ ১৫০বিঘা ম্যাদী আৰু একচনীয়া ভূমিত থকা অবৈধ লোকৰ বাসগৃহৰ লগতে বিশাল কৃষিভূমিত চলোৱা হয় এই উচ্ছেদ অভিযান৷ হাজাৰ হাজাৰ চৰকাৰী ভূমিৰ লগতে জনজাতীয় বেষ্টনীৰ ভূমিত অবৈধভাৱে বাস কৰা লোকক উচ্ছেদ কৰাৰ লগে লগে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় কচুতলীত৷ একাংশই ম্যাদী প¸ট্ৰাৰ ভূমিত থকাৰ বাবে তেওঁলোকক কোনো কাৰণতে উচ্ছেদিত কৰিব নোৱাৰিব বুলি নিঃচিন্ত হৈ আছিল৷  পূৰ্বে সেইসকলক প্ৰশাসনে ঘৰ খালী কৰিবলৈ জাননী দিয়া হৈছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল৷ বহুবছৰ ধৰি বাস কৰিছিল তেওঁলোকে সেই অঞ্চলটোত৷ কিন্তু তেওঁলোকে জনা নাছিল সেই ভূমি জনজাতীয় বেষ্টনীৰ তেওঁলোকে কিনাৰ যোগ্যতা নাই৷ তদুপৰি, বছৰ বছৰ ধৰি সংৰক্ষিত চৰণীয়া পথাৰত কৰি আহিছিল কৃষিকাৰ্যও৷ আজি সেই সকলো ভূমিতে চলোৱা হয় উচ্ছেদকাৰ্য৷ উল্লেখ্য, প্ৰায় এহাজাৰটা পৰিয়াল থকা কচুতলী গাঁওখনত কিছুদিনপূৰ্বে শতাধিক পৰিয়ালক উচ্ছেদ কৰা হয়৷ তাৰ পাছতে জনজাতীয় বেষ্টনীৰ ম্যাদী ভূমিত বাস কৰা পৰিয়ালসমূহক উচ্ছেদ কৰাৰ বাবে গৃহসমূহত ৰঙা ৰঙেৰে ষ্টিকাৰ লগাই দিয়া হয়৷ আৰু ঘৰসমূহ খালী কৰি সেই ঠাই ত্যাগ কৰিবলৈও কোৱা হৈছিল৷ প্ৰশাসনে সময়সীমা বান্ধি দিছিল এসপ্তাহ৷  কিন্তু প্ৰশাসনৰ সেই কথাৰ কোনো গুৰুত্ব দিয়া নাছিল৷ তাৰ মাজতে গাঁওখনৰ ৫১টা পৰিয়ালে জনজাতীয় বেষ্টনীৰ ম্যাদী ভূমিত বাস কৰাৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে৷ আৰু তেওঁলোকক ৩০ ছেপ্টেম্বৰলৈকে উচ্ছেদত স্থগিতাদেশ জাৰি কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ আৰু তেওঁলোকৰ নথি-পত্ৰসমূহ জিলা আয়ুক্তই পৰীক্ষা-নিৰীক্ষা কৰিব৷ তাৰে অচিলা লৈ বহুলোকে ভাবিছিল যে কচুতলীত আৰু উচ্ছেদকাৰ্য চলাব নোৱাৰিব৷ নিঃচিন্ত মনে আছিল তেওঁলোক৷ লোককেইজনে গুৱাহাটী উচ্ছ ন্যায়ালত কাষ চপাৰ পাছতে তাৰে বহু পৰিয়ালক ইন্ধন যোগাইছিল৷



যাৰ বাবে তাত থকা লোকসকলৰ ঘৰসমূহত ৰঙা ষ্টিকাৰ মাৰি দিয়াৰ পাছতো খালী কৰা নাছিল৷ আনহাতে, পূৰ্বে উচ্ছেদিত একাংশ লোকেও ওচৰে-পাজৰে আত্মগোপন কৰি থকাই নহয় পূৰ্বৰ স্থানত বসতি স্থাপনৰ বাবে চেষ্টা চলোৱা বুলি জানিবপৰা গৈছে৷ এনে ঘটনাই অঞ্চলটোৰ দল-সংগঠনৰ লগতে প্ৰশাসনক চিন্তিত কৰি তুলিছিল৷ ইপিনে বৃহওৰ অঞ্চলটোত গৰু, ছাগলী, মহ আদি জীৱ-জন্তুৰ বাবে সংৰক্ষিত কৰি ৰখা হাজাৰ হাজাৰ বিঘা চৰণীয়া পথাৰো বেদখলৰ কৱলত পৰিছিল৷ একাংশ সন্দেহজনক লোকে বেদখল কৰি বসতি কৰাই নহয় খেতি-বাতিও কৰি আহিছিল সেই চৰণীয়া পথাৰত৷ এইক্ষেত্ৰত একাংশ দালালৰ সহযোগত সেইসমূহ ভূমি অতি কম মূল্যতে লাভ কৰিছিল এইসকল অবৈধ লোকে৷ জনজাতীয় বেষ্টনীৰ ভূমিসমূহো দালালে যোগ্যতা নথকা লোকক বিক্ৰী কৰি দিছিল৷ মাটি বিক্ৰী কৰি দিয়াৰ নামত কিনোতাক দিয়া হৈছিল কেঁচা দলিল৷ তেওঁলোকক কোৱা হোৱা নাছিল যে সেইসমূহ মাটি জনজাতীয় বেষ্টনীৰ ভূমি৷ যাৰ বাবে আজি সেইসকল লোকে ভেটি-মাটিৰ লগতে মাটি ক্ৰয় কৰা টকাও হেৰুৱালে৷ কচুতলীৰ এইসমূহ ভূমিত দালাল চক্ৰৰ লগতে চকু পৰিছিল বহু অবৈধ প্ৰৱজনকাৰীৰ৷ বছৰ বছৰ ধৰি বহু অবৈধ লোকে ভৰি পৰিছিল অঞ্চলটোত৷ যাৰ বাবে শংকিত হৈ পৰিছিল অঞ্চলবাসী৷ উল্লেখ্য, ১৯৫০ চনৰ ২৭ ফেব্ৰুৱাৰীত গঠন কৰা হৈছিল ট্ৰাইবেল বেল্ট ব্লক৷  কিন্তু এই বেল্ট ব্লকৰ জৰিয়তে জনজাতীয় বেষ্টনীৰ ভূমি সুৰক্ষিত হোৱা নাছিল৷ যাৰ বাবে আজি কচুতলীৰ হাজাৰ হাজাৰ বিঘা জনজাতীয় বেষ্টনীৰ ভূমি বেদখলৰ কৱলত পৰিছে৷ উল্লেখ্য, আজি কচুতলীত উচ্ছেদ কৰাৰ পাছতে একাংশ পৰিয়ালে ঘৰ খালী কৰি সেই ঠাই ত্যাগ কৰা পৰিলক্ষিত হৈছে৷ ইপিনে কেৱল কচুতলীতে নহয় ডিমৰীয়াৰ ১২খন পঞ্চায়তৰে ৬খন গাঁও পঞ্চায়ততো হাজাৰ হাজাৰ বিঘা সংৰক্ষিত চৰণীয়া পথাৰ আৰু জনজাতীয় বেষ্টনীৰ ভূমি অবৈধ বেদখলৰ কৱলতপৰা বুলি অভিযোগ কৰিছে স্থানীয় দল-সংগঠনে৷ সেইকেইখন গাঁও পঞ্চায়ত হ’ল— সোণাপুৰ গাঁও পঞ্চায়ত, বৰুৱাবাৰী গাঁও পঞ্চায়ত, টোপাতলী গাঁও পঞ্চায়ত, হঁহৰা গাঁও পঞ্চায়ত, তেতেলীয়া গাঁও পঞ্চায়ত আৰু কমাৰকুচি গাঁও পঞ্চায়ত৷ এইকেইখন গাঁও পঞ্চায়তটো অবাধ হাৰত চলিছে জনজাতীয় বেষ্টনীৰ লগতে সংৰক্ষিত চৰণীয়া পথাৰত বেদখল৷ বহু সন্দেহজনক লোকে বসতি কৰাৰ লগতে গঢ়ি তুলিছে বৃহৎ বৃহৎ কল-কাৰখানা৷ এইসমূহতো শীঘ্ৰে উচ্ছেদকাৰ্য চলাবলৈ প্ৰশাসনক দাবী কৰিছে স্থানীয় দল-সংগঠনে৷

লক্ষীপুৰত বান্দৰমাথা বনাঞ্চলত উচ্ছেদ

‘আমাৰ অসম’ৰ লক্ষীপুৰৰ প্ৰতিবেদক : গোৱালপাৰাৰ জিলাৰ লক্ষীপুৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চৰকাৰে আজিৰেপৰা আৰম্ভ কৰে বৃহৎ উচ্ছেদ অভিযান৷ এই উচ্ছেদ অভিযানত চৰকাৰে বৃহৎ বন ৰক্ষক, আৰক্ষী বাহিনী আৰু অৰ্ধ সামৰিক বাহিনীক নিয়োজিত কৰি কেইবাখনো এক্সকেভেটৰেৰে বান্দৰমাথা গাঁৱত উচ্ছেদ অভিযান আৰম্ভ কৰে৷ জানিবপৰা মতে, ১১৮হেক্টৰ ভূমিৰ ৫৫হেক্টৰ ভূমিত চলিব উচ্ছেদ৷ আজি উচ্ছদ অভিযান চলোৱা স্থলীত উচ্ছস্তৰৰ বন আৰু প্ৰশাসনিক বিষয়ববী¸য়াসকল উপস্থিত আছিল৷ আজি উচ্ছেদস্থলীত নিমাওমাও পৰিৱেশ আছিল৷ উচ্ছেদৰ পূৰ্বেই অঞ্চলটোত কেইবাবাৰো মাইকযোগে উচ্ছেদৰ জাননী আৰু ফ্লেগ মাৰ্চ কৰা হৈছিল৷ যাৰ বাবেই অঞ্চলটোৰ কেইবাশ ৰাইজে বিগত এসপ্তাহৰপৰা নিজ নিজ ঘৰসমূহ ভাঙি লৈ গৈছিল৷ কিছুসংখ্যক ৰাইজে ঘৰসমূহ ভাঙি ওচৰতে দ’ম বান্ধি থৈ দিছে৷ উচ্ছেদিত লোকসকলে মুক্ত আকাশৰ তলতেই ল’ৰা-ছোৱালীৰ সৈতে নিশা উজাগৰে কটাবলগীয়া হৈছে৷ শ শ লোকে ভাত ৰান্ধিবপৰা নাই বাবে ভোকে-পিয়াহে দিনটো কটাবলগীয়া হৈছে৷ কিছুসংখ্যক লোকে খৰধৰকৈ ঘৰৰ বয়-বস্তুসমূহ ভাঙি লৈ যাবলৈ সক্ষম হৈছে যদিও বহুসংখ্যক লোকে একো ল’বপৰা নাই৷ লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা পকী ঘৰসমূহৰ অকল ঘৰৰ চালিখনহে খুলি লৈ যাবলৈ সক্ষম হৈছে৷ কিন্তু ঘৰৰ চাৰিবেৰ [দেৱাল]সমূহ আজি এক্সকেভেটৰে ভাঙি চূৰমাৰ কৰে৷ আজি এক্সকেভেটৰৰ হাতোৰাত প্ৰায় পাঁচশ পৰিয়ালৰ ঘৰ-বাৰী ভাঙি ধবংসস্তুপত পৰিণত কৰে৷ বুলড’জাৰেৰে চলোৱা উচ্ছেদ অভিযানে সামৰি ল’লে চৰকাৰী পানী যোগান প্ৰকল্পও৷ অৱশ্যে উচ্ছেদ অভিযানৰ সময়ত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই৷ সাbLনা দিবৰ বাবে উচ্ছেদিতৰ কাষত কোনো কোনো নেতা-কৰ্মীও দেখা নগ’ল৷ ২৫ছেপ্টেম্বৰত জিলা প্ৰশাসনৰ ফালৰপৰা উচ্ছেদ অভিযান চলোৱা হ’ব বুলি জনা গৈছে৷

মৰিগাঁৱৰ জনজাতীয় বেষ্টনীত হাজাৰ হাজাৰ বিঘা মাটি বেদখল

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি : মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অবাধ হাৰত হৈ থকা অধৈধ ভূমি বেদখলৰ ঘটনাই বিভিন্ন মহলক চিন্তিত কৰি তুলিছে৷ মূলতঃ জিলাখনৰ জনজাতি খণ্ড আৰু বেষ্টনী অঞ্চলত অবাধ হাৰত হৈ আছে এনে বেদখল৷ ঐতিহাসিক সাতোৰজা পাঁচোৰজাৰ অঞ্চল মধ্য অসমৰ মৰিগাওঁ জিলাত বৰ্তমানে এনেদৰে অবাধ হাৰত জনজাতি খণ্ড আৰু বেষ্টনীৰ ১৮,০২২বিঘাকৈ ভূমি বেদখলকাৰীৰ কৱলতপৰা বুলি তথ্য পোৱা গৈছে৷ প্ৰাপ্ত তথ্য মতে, জিলাখনৰ তেতেলীয়া জনজাতি খণ্ডৰ ১,৬৭২বিঘা, পলাহগুৰি জনজাতি বেষ্টনী-খণ্ডৰ ২২১বিঘা, গোভা জনজাতি খণ্ডৰ ৪,২২৩বিঘা, ঘগুৱা জনজাতি খণ্ডৰ ২,৫৬২বিঘা, ভলুকাজাৰী জনজাতি খণ্ডত ১,৩৭৫বিঘা, জামাদাৰী জনজাতি খণ্ডত ২,৭৪২বিঘা আৰু বৰঙণী পথাৰ জনজাতি খণ্ডত ৫,২২৭বিঘা ভূমিত ইতিমধ্যে বেদখলকাৰীয়ে খোপনি পুতিছে৷ এইসমূহ তথ্য প্ৰকাশ কৰি ট্ৰাইবেল সংঘ, তিৱা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে এইসমূহ তথ্য প্ৰকাশ কৰি চৰকাৰক বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’বলৈ দাবী জনাইছে৷ আন এক অভিযোগ অনুসৰি মৰিগাঁও জিলাৰ অন্তৰ্গত গোভা, পলাহগুৰি, তেতেলীয়া, ঘণ্ডৱা, জামাদাৰী, বৰঙণি, ভলুকাজাৰি এই আটাইকেইটা সংৰক্ষিত জনজাতীয় খণ্ডতে বেদখল, অবৈধ নামজাৰী, ভুৱা নামজাৰী, অবৈধ মাটি হস্তান্তৰ আৰু নামজাৰী হৈ থকাৰ আঁৰত একাংশ মধ্যভোগী দালাল আৰু চৰকাৰী আমোলা-বিষয়াও জড়িত হৈ আছে৷ ভূমিৰ লগত সম্পৰ্ক থকা আটাইকেইটা কাৰ্যালয়তে দুই নম্বৰী কাৰ্য সংঘটিত হৈ আহিছে বুলি জিলাখনৰ প্ৰশাসনৰ দায়িত্বত থকা মুৰব্বীসকলে জানিও নজনা আৰু দেখিও নেদেখাৰ ভাও জুৰি এনেধৰণৰ জালিয়াতি কামবোৰ সংঘটিত হৈ অহাত সহযোগিতা আগবঢ়াই আহিছে বুলিও একাংশ জনজাতীয় সংগঠনে অভিযোগৰ আঙুলি উঠাইছে৷ প্ৰধানকৈ জিলাখনৰ সংৰক্ষিত জনজাতীয় খণ্ড আৰু বেষ্টনীৰ এলেকাত থকা PGR, VGR, Proposed Reserve Forest (PRF), Afforestation and Deforestation আৰু NC ভূমিত বহিৰাগত, সন্দেহযুক্ত নাগৰিক, প্ৰৱজিত নাগৰিক তথা অনা অসমীয়া লোকে এনেদৰে চলোৱা অবৈধ বেদখলে স্বাভাৱিকতে জিলাখনৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি সংশয় নমাই আনিছে৷ এই সম্পৰ্কে বিভিন্ন দল-সংগঠনে জনমত গঠন কৰি থকাৰ লগতে উক্ত অঞ্চলতসমূহত ব্যাপক হাৰত হৈ থকা ভূমিৰ এনে অবৈধ বেদখল শীঘ্ৰে মুক্ত কৰাৰ দাবীত সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ মৰিগাঁও জিলা সমিতিয়ে মৰিগাঁৱৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ আজুৰ মৰিগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদু কলিতা আৰু সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম গৌতমৰ যুটীয়া স্বাক্ষৰত প্ৰেৰণ কৰা এই স্মাৰক-পত্ৰত বিষয়টোৰ সন্দৰ্ভত শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ৩ান জনাইছে৷

ডিজিপিৰ কাষত ‘মুছা’, স্মাৰক-পত্ৰ প্ৰদান

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ : মুছলিম ছাত্ৰ সন্থা, অসম ‘মুছা’ এটি সজাতি দলে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক মঙলবাৰে সাক্ষ্যৎ কৰে৷ এই সম্পৰ্কে মুছলিম ছাত্ৰ সন্থা, অসম চমুকৈ মুছাৰ সভাপতি আশ্বিক ৰাব্বাণীয়ে কয় যে অসমৰ সংখ্যালঘু লোকসকল বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ লোকসকল পূৰ্বৰে পৰাই বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত আৰু জৰ্জৰিত লোক৷ বিগত সময়ছোৱাত কোনো এখন চৰকাৰেও এই সংখ্যালঘু মুছলিম সম্প্ৰদায়ৰ লোকসকলৰ শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক তথা সৰ্ব্বাংগীন উন্নয়নৰ ক্ষেত্ৰত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বৰঞ্চ এই পিছপৰা সংখ্যালঘু মুছলিম সম্প্ৰদায়টোক লৈ প্ৰতিটো ৰাজনৈতিক দলেই মাথোঁ নিজ স্বাৰ্থ সিদ্ধি লাভৰ বাবদ ভয়-শংকা দেখুৱাই কেৱল বিভাজনমুখী ৰাজনীতি কৰি আহিছে৷ শেহতীয়াকৈ এই পিছপৰা সম্প্ৰদায়টোৰ বৰ্তমাান ৰাজ্য চৰকাৰখনৰ জৰিয়তে অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে সৰ্ব্বাংগীন উন্নয়ন হ’ব বুলি আমি আন্তৰিকভাবে আশাঁ কৰিছিলোঁ৷ কিন্ত দূৰ্ভাগ্যজনক বিষয় এই যে, উন্নয়নৰ পৰিৱৰ্তে একাংশ সংখ্যালঘু লোকক বৰ্তমান শোষণ, বঞ্চনা আৰু দুদিন পিছে পিছে বিশেষ সম্প্ৰদায় বুলি কৈ মানসিক, শাৰীৰিকভাবে অকথ্য নিৰ্যাতন আৰু অত্যাচাৰ কৰা হৈছে৷ সেই হেতুকে মুছলিম ছাত্ৰ সন্থা অসমৰ তৰফৰ পৰা ৬ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক৷ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা কৰ্মসূত্ৰে পেটৰ তাড়নাত কাম কৰিবলৈ যোৱা লোকসকলৰ জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰা, উজনি অসমৰ পৰা মিঞা খেদাৰ নামত যিসকলে আইন হাতত তুলি লৈছে তেওঁলোকক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্ষণ কাণ্ড সংগঠিত কৰা ধৰ্ষণকাৰীক আইনী প্ৰক্ৰিয়াৰ জৰিয়তে শাস্তি প্ৰদান কৰা, ৰাজ্যৰ মুছলিম অধ্যূষিত অঞ্চলসমূহত ড্ৰাগছ, মদৰ ব্যৱসায় কৰা ব্যক্তিসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা, সীমান্ত আৰক্ষীৰ জৰিয়তে যিসকল ব্যক্তিক সন্দেহযুক্ত নাগৰিক হিচাপে জাননী প্ৰেৰণ কৰিছে তেওঁলোকৰ নথি পত্ৰসমূহত সামান্য বানান ভুলৰ বাবে নথিসমূহ বাতিল নকৰি গ্ৰহণৰ ব্যৱস্থা কৰিব লাগে লগতে অপৰাধীৰ কোনো জাতি নাই ধৰ্ম নাই৷ অপৰাধীক ধৰ্মৰ বিত্তিত চিনাক্ত নকৰি অপৰাধী হিচাপে গ্ৰহণ কৰি আইনী ব্যৱস্থা গ্ৰহণ বুলি আমি দাবী জনালোঁ৷ আলোচনাৰ অন্তত আৰক্ষী সঞ্চালক প্ৰধানে গোটেই বিষয়বস্তু গুৰুত্ব সহকাৰে লয় অসমৰ শান্তি শৃংখলা বজাই ৰাখি অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত লোকসকলক নিৰাপত্তা প্ৰদানৰ আশ্বাস দিয়ে মুছাৰ প্ৰতিনিধি দলটোক৷ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষ্যৎ কৰাৰ সময়ত সংগ দিয়ে মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, শিক্ষা সম্পাদক ছাইফুদ্দিন আহমেদে৷