Logo
image

অসীম-বিৰিঞ্চিক আমি চিনি নাপাওঁ ! হাত ধুই দিলে মন্ত্ৰী-সভাপতিয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : ৰাজ্য প্ৰশাসনৰ হূদপিণ্ড দিছপুৰৰ জনতা ভৱনৰ কনফাৰেন্স ৰূমত বহি মটক, দেউৰী আৰু আদিবাসী উন্নয়ন পৰিষদৰ নামত কোটি কোটি টকাৰ ৱৰ্ক অৰ্ডাৰ উলিয়াই গ্ৰেপ্তাৰ হৈছে বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অসীম দাস আৰু ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত সচিব বিৰিঞ্চি বৰকটকী৷ এই দুই প্ৰৱঞ্চকে নিৰঞ্জন দাস নামৰ আন এজন প্ৰৱঞ্চকেৰে মিলি ক্ৰমে বেংগালুৰুৰ এটা প্ৰতিষ্ঠানৰ পৰা ৯০ লাখ আৰু নয়দাৰ এটা প্ৰতিষ্ঠানৰ পৰা ৰ কোটি টকাৰ আঁঠুৱা, কম্বল বিতৰণৰ ঠিকাৰ কমিচন লোৱাৰ অভিযোগ উঠিছে৷ প্ৰৱঞ্চিত দুই ঠিকাদাৰী প্ৰতিষ্ঠানে তৰা গোচৰৰ ভিত্তিত অপৰাধ শাখাই অসীম দাস আৰু বিৰিঞ্চি বৰকটকীক গ্ৰেপ্তাৰ কৰি ৪ দিনৰ জিম্মাত ৰাখিছে৷


দিছপুৰৰ জনতা ভৱনৰ কনফাৰেন্স হলত বহি বহিঃৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানক ভুৱা ৱৰ্ক অৰ্ডাৰ উলিওৱা নাটকৰ পিছত এই দুই প্ৰৱঞ্চকে মন্ত্ৰী আৱাসৰ  ৯ নম্বৰ কোৱাৰ্টাৰৰ সঞ্জয় খৈতান নামৰ এজন মন্ত্ৰীক সাক্ষাৎ কৰাই দিয়া বুলিও এজাহাৰত উল্লেখ আছে৷ সন্দেহৰ আঙুলি মন্ত্ৰী সঞ্জয় কিষাণ লৈ উঠাত এই সন্দৰ্ভত আজি মন্ত্ৰী সঞ্জয় কিষাণে সাংবাদিকৰ আগত কয় যে তেওঁ অসীম, বিৰিঞ্চিক চিনি নাপায়৷ এজাহাৰত ৯ নম্বৰ কোৱাৰ্টাৰৰ নাম আছে৷ কিন্তু তেওঁ কোৱাৰ্টাৰ ১৫হে৷ ইফালে, বিজেপিৰ কিষাণ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হোৱা বুলি ভুল তথ্য দি বাজপেয়ী ভৱনকো টুপী পিন্ধোৱা অসীম দাসৰ বিৰুদ্ধে খোদ ৰাজ্যিক বিজেপিয়ে তৰিছিল গোচৰ৷ কিন্তু তেনে এজন দাগী প্ৰৱঞ্চকে পুনৰ কেনেকৈ ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদকৰ পদ লাভ কৰিছিল বাজপেয়ী ভৱনত কোঠা লাভ কৰিছিল ইয়াক লৈ নিমাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ এছ চি মৰ্চাৰ ৰাজ্যিক সভাপতি মুন স্বৰ্ণকাৰ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অসীম দাসক বিজেপিৰ পৰা বহিষ্কাৰ কৰা বুলি কৈয়ে আজি হাত ধুলে৷