Logo
image

জনতা ভৱনৰ কনফাৰেঞ্চ ৰূমত বহি ‘ৱৰ্ক অৰ্ডাৰ’ত চহী বিৰিঞ্চিৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৫ ছেপ্টেম্বৰ : বিজেপি আৰু দুৰ্নীতি এতিয়া যেন এটা মূদ্ৰাৰ ইপিঠি সিপিঠিত পৰিণত হৈছে৷ বিজেপি নেতা-নেত্ৰীৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিয়ে যেন চৰম পৰ্যায় পাইছে গৈ ! বিজেপি নেতাৰ প্ৰৱঞ্চনাই এনে পৰ্যায় পাইছে গৈ যে খোদ দিছপুৰৰ মন্ত্ৰীৰ চৰকাৰী বাসভৱন আৰু সচিবালয়ৰ মন্ত্ৰীৰ কনফাৰেন্স ৰূমত বহি ৰাজ্যৰ বাহিৰে-ভিতৰে প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ দৰে জালিয়াতি সংঘটিত কৰিবলৈকো কুণ্ঠাবোধ কৰা নাই৷ বিজেপি নেতাই  আদিবাসী উন্নয়ন পৰিষদ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰে বহিঃৰাজ্যৰ ব্যৱসায়ীক লুণ্ঠন চলোৱা ঘটনাৰ আৰক্ষীৰ তদন্তত প্ৰৱঞ্চক চক্ৰটোৰে কি দৰে জনতা ভৱনত মন্ত্ৰীৰ কনফাৰেন্স হ’লত মিটিং কৰি ভুৱা ৱৰ্ক অৰ্ডাৰ অনুমোদন দিছিল, তাৰ চাঞ্চল্যকৰ কাহিনীও পোহৰলৈ আহিছে৷ বিজেপি নেতা অসীম দাসে এই প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ লগতে উক্ত চক্ৰটোত বিজেপিৰ কিষাণ মৰ্চাৰ বাগ্‌সা জিলাৰ সভাপতি দেৱ প্ৰকাশ ভাগৱতী, বিৰিঞ্চি বৰকটকীৰ নাম এজন অসম অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, জাকিৰ হুছেইন নামৰ এজন অধিবক্তা লগত বহু কেইজন ব্যক্তিজড়িত আছিল৷ চক্ৰটোৰ হাতত প্ৰৱঞ্চনাৰ বহি হৈ ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰা নয়দাৰ ছানী ব্ৰেজা নামৰ ব্যৱসায়ীজনে বৰ্ণনা কৰা প্ৰৱঞ্চনাৰ চিত্ৰনাট্য শুনিলে আপোনাৰো চকু কঁপালত উঠিব৷ বহিঃ ৰাজ্যৰ ব্যৱসায়ীজনৰ পৰা ধন সৰকোৱাৰ বাবে বিশ্বাস জন্মাবলৈ কোনো যেন হীন-দেড়ী কৰা নাছিল চক্ৰটোৱে৷ মন্ত্ৰীৰ বাসগৃহত মিটিং কৰাৰ পৰা মন্ত্ৰীৰ চৰকাৰী কাৰ্যালয় কনফাৰেন্স হ’লত ভুৱা ৱৰ্ক অৰ্ডাৰত চহী কৰোৱালৈকে সকলোতে সুন্দৰভাৱে অভিনয় আৰু মেনেজ কৰিছিল চক্ৰটোৱে৷ নয়দাৰ ব্যৱসায়ী ছানী ব্ৰেজাক প্ৰথমে বিজেপি নেতা অসীম দাসে সকলো মেনেজ কৰি দিছপুৰ স্থিত শ্ৰম মন্ত্ৰীৰ চৰকাৰী বাসভৱনলৈ লৈ গৈছিল৷ ব্যৱসায়ীক মন্ত্ৰীৰ বাসভলনলৈ নিয়াৰ সকলো কাম কৰিছিল জাকিৰ হুছেইন গুৱাহাটীৰ এজন অধিবক্তাই৷



মন্ত্ৰীৰ বাসভৱনত ব্যৱসায়ীজনক পৰিচয় কৰি দিয়া হৈছিল বিৰিঞ্চি বৰকটকী নামৰ ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰে৷ অৱশ্যে বিৰিঞ্চি বৰকটকীয়ে ব্যৱসায়ীজনৰ আগত নিজকে অসম চৰকাৰৰ যুটিয়া সচিব বুলি পৰিচয় দিয়াৰ লগতে নিজৰ নাম বি কে শৰ্মা বুলি অৱগত কৰিছিল৷ প্ৰৱঞ্চক চক্ৰটোৱে শ্ৰম মন্ত্ৰীজনে চৰকাৰী আৱাসত নথকাৰ দিনটোত ব্যৱসায়ীজনক আৱাসলৈ আনি বৈঠকত মিলিত হৈছিল৷ সেই সময়ত মন্ত্ৰীৰ আৱাসত উপস্থিত আছিল বিজেপি নেতা অসীম দাস৷ ইয়াৰ পাছতেই প্ৰৱঞ্চক চক্ৰটোৱে ব্যৱসায়ীজনৰ পৰা ৮০লাখ টকা কমিচন লৈ জনতা ভৱনত মিটিং পাতি ২০০ কোটি টকাৰ সামগ্ৰী যোগানৰ ভুৱা ৱৰ্ক অৰ্ডাৰ হাতত তুলি দিছিল৷ সেই অনুসৰি জুন মাহৰ এটা দিনত নিৰঞ্জন দাস নামৰ এটা দালালে জনতা ভৱনত প্ৰৱেশৰ পাছ উলিয়াই দিছিল ব্যৱসায়ীজনক৷ ইয়াৰ পাছতেই ব্যৱসায়ীজনক জনতা ভৱনস্থিত ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ কাৰ্যালয়লৈ লৈ গৈছিল চক্ৰটোৱে৷ মন্ত্ৰীৰ কোঠাৰ গাতে লাগি থকা কনফাৰেন্স ৰূমত বহিবলৈ দিয়া হৈছিল নয়দাৰ ব্যৱসায়ীজনক৷ কিছু সময়ৰ পাছতেই কনফাৰেন্স ৰূমটোত নিজকে সচিব বুলি পৰিচয় দিয়া বিৰিঞ্চি বৰকটকী ওৰফে বিএন শৰ্মা উপস্থিত হৈছিল৷ ইয়াৰ পাছতেই ২০০ কোটি টকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰত আদিবাসী উন্নয়ন পৰিষদৰ প্ৰধান সচিবৰ হৈ স্বাক্ষৰ কৰিছিল বিৰিঞ্চি বৰকটকীয়ে৷ এই স্বাক্ষৰ কৰাৰ পাছত ব্যৱসায়ীজনৰ লগতে তেওঁ লগত যোৱা সহযোগীসকল কনফাৰেঞ্চ ৰূমতে চাহ- মিঠাইৰে আপ্যায়ন কৰা হৈছিল৷ ইমান নিখুঁতভাৱে মন্ত্ৰীৰ চৰকাৰী আৱাসৰ পৰা জনতা ভৱনৰ মন্ত্ৰী কনফাৰেন্স ৰূমলৈ এখনৰ পাছত এখন প্ৰৱঞ্চক চক্ৰটোৱে মিটিং পতাৰ পাছতো কোনো কৰ্মচাৰী নিৰাপত্তাৰক্ষীয়ে ভূ-নোপোৱা বিষয়টোৱে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে৷ প্ৰশ্ন উঠিছে এই নিখুঁত অভিনয় তথা প্ৰৱঞ্চনাৰ আঁৰত কোনোবা মন্ত্ৰী-আমোলা জড়িত আছে নেকি? অৱশ্যে প্ৰৱঞ্চকৰ চক্ৰটোৰ মাষ্টাৰ মাইণ্ড বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি অসীম দাস গ্ৰেপ্তাৰ হোৱাত লাজ-মান ৰক্ষা কৰিব বাজপেয়ী ভৱনে তাৎক্ষণিকভাৱে অসীম দাসক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিবলৈ বাধ্য হয়৷