Logo
image

কাজিৰঙাত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যটন সন্মিলন

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২৫ ছেপ্টেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬১ পৰা ২৮ নৱেম্বৰলৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত   হ’ব আন্তৰ্জাতিক পৰ্যটন সন্মিলন৷ এই তিনিদিনীয়া সন্মিলনত ভাগ ল’ব দেশ-বিদেশৰ প্ৰায় চাৰিশ পৰ্যটন ব্যৱসায়ী, ট্যুৰিষ্ট গাইড, টু্যৰ অপাৰেটৰে৷ কেন্দ্ৰীয় পৰ্যটনমন্ত্ৰীও এই সন্মিলনত উপস্থিত থাকিব৷ – এই ঘোষণা ৰাজ্যৰ পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ সৈতে এজন সুনিপুণ পৰ্যটনকৰ্মী হিচাপে নিজকে পৰিচয় দিয়াৰ লগতে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ক উন্নয়নৰ দিশলৈ আগুৱাই নিয়াৰ লক্ষৰে পৰ্যায়ক্ৰমে কাজিৰঙাৰ জীপছী ড্ৰাইভাৰ, হাতী মাউত, টুৰিষ্ট গাইডকে আদি কৰি প্ৰায় সাতশ পৰ্যটনকৰ্মীক প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ কৰা হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষৰ উদ্যোগত আৰু অসম চৰকাৰৰ দক্ষতা বিকাশ বিভাগৰ সহযোগত এই সাতশ পৰ্যটনকৰ্মীক আগন্তুক পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰশিক্ষণ দি অধিক কৰ্মপটু কৰি তোলা হ’ব৷ ইতিমধ্যে তিনিশ পৰ্যটনকৰ্মীক প্ৰশিক্ষণ দিয়া হৈছে৷ এই প্ৰশিক্ষণে বন্যপ্ৰাণীৰ ব্যাখ্যা আৰু দৰ্শনাৰ্থীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ ফলত পৰ্যটকৰ মাজত সংৰক্ষণ প্ৰচেষ্টাৰ বিষয়ে ভালদৰে বুজিবপৰা হৈছে৷


ইফালে আজি বনকৰ্মী গীতাঞ্জলি কলিতাই আঁত ধৰা অনুষ্ঠানত ৰাজ্যখনৰ পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত উপস্থিত হৈ আনুষ্ঠানিকভাৱে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ-পত্ৰ, বেজ, ইউনিফৰ্ম আৰু আই-কাৰ্ড প্ৰদান কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষ, বন সংমণ্ডল বিষয়া অৰুণ বিগণেশ, অসম গৌৰৱ ধৰণীধৰ বড়ো, সুদীৰ্ঘ বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্য কৰাৰ অভিজ্ঞতা থকা বন বিষয়া মুকুল তামুলী, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি স্বপন নাথ, পৰ্যটন বিভাগৰ উপ-সঞ্চালক বাথৌ কুংৰু বড়ো, পৰ্যটন বিষয়া বাসৱ বৰা,  বনাঞ্চলিক বিষয়া, পৰ্যটনকৰ্মী আদিৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহনক্ষম ব্যৱস্থাপনা আৰু প্ৰসাৰৰ সৈতে জড়িত মূল অংশীদাৰসকলৰ বাবে প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতি সম্পৰ্কে এক বাধ্যতামূলক বক্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ তেওঁ ভাষণত কয়– জীৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু দৰ্শনাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত স্থানীয় জনগোষ্ঠীসমূহে, বিশেষকৈ বন্যপ্ৰাণী পৰ্যটনৰ সৈতে জড়িতসকলে গ্ৰহণ কৰা জটিল ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ এনে নিৰ্দিষ্ট প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ছাফাৰী চালক, বন কৰ্মচাৰী আৰু টু্যৰ গাইডৰ দক্ষতা আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে৷ কাজিৰঙালৈ আৰু অধিক পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’বলৈ দিব নালাগে৷ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহনক্ষমতাৰ কথা আছে৷ এতিয়া উন্নতমানৰ পৰ্যটন ব্যৱসায়ৰে পৰ্যটকৰ সংখ্যা নিয়ন্ত্ৰণ কৰি অধিক আয় কৰাৰ চিন্তা কৰাৰ কথাও পৰ্যটন মন্ত্ৰীজনে মত প্ৰকাশ কৰে৷ কাজিৰঙাৰ যিবোৰ ঠাইত জাবৰ-জোথৰ পেলাই অপৰিষ্কাৰ কৰি ৰখা হৈছে সেই ঠাইবোৰ নিৰ্বাচন কৰি পৰিষ্কাৰ কৰি চেলফি পইণ্ট নিৰ্মাণ কৰা হ’ব৷