Logo
image

মোদী-বাইডেনৰ বৈঠকৰ পাছতেই বংগত বৃহৎ ছেমিকণ্ডাক্টৰ প্ৰকল্প ঘোষণা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ মাজত হোৱা এক গুৰুত্বপূৰ্ণ চুক্তি অনুসৰি ভাৰতত আমেৰিকাই প্ৰথমটো ‘নেচনেল ছিকিউৰিটী ছেমিকণ্ডাক্টৰ ফেব্ৰিকেচন প্লেণ্ট’ স্থাপন কৰিব৷ পশ্চিমবংগৰ কলকাতাত স্থাপন হ’বলগীয়া এই ছেমিকণ্ডাক্টৰ প্ৰকল্পত উৎপাদিত চিপছ ভাৰত-মাৰ্কিন উভয় দেশৰ সামৰিক বিভাগ আৰু দূৰ সংযোগ বিভাগত, ঘাইকৈ টেলিকমিউনিকেছনছ আৰু ইলেক্ট’নিকছ ক্ষেত্ৰত ব্যৱহাৰ হ’ব৷ কলকাতাত স্থাপন হ’বলগীয়া এই ছেমিকণ্ডাক্টৰ প্ৰকল্প বিশালতা আৰু ৰণকৌশলগত গুৰুত্বৰ দিশৰ পৰা দেশৰ ভিতৰতে প্ৰথম আৰু বিশ্বৰ ভিতৰত অন্যতম আগশাৰীৰ প্ৰকল্প হ’ব৷ এই প্ৰকল্পই সমগ্ৰ দেশৰে, বিশেষকৈ পূব ভাৰতৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক মানচিত্ৰ সলনি কৰি পেলাব বুলি বিশ্বৰ আগশাৰীৰ উদ্যোগপতি আৰু অৰ্থনীতিবিদে মত প্ৰকাশ কৰিছে৷ মুলতঃ আমেৰিকাৰ বিশ্বৰ ভিতৰতে শক্তিশালী সামৰিক বাহিনীত এই প্ৰকল্পত উৎপাদিত চিপছ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ ফলতে কলকাতাত স্থাপন হ’বলগীয়া প্ৰকল্পটোক ‘নেচনেল ছিকিউৰিটী ছেমিকণ্ডাক্টৰ ফেব্ৰিকেচন প্লেণ্ট’ হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছে৷


এই ক্ষেত্ৰত মাৰ্কিন দূৰ সংযোগ ব্যৱস্থাত আৰু ভাৰতৰ শক্তিশালী সামৰিক বাহিনীতো এই প্ৰকল্পৰ চিপছ ব্যৱহাৰৰ বাবে উভয় দেশে ‘ষ্ট্ৰেটেজিক’ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবেই প্ৰকল্পটোৱে অসামান্য গুৰুত্ব লাভ কৰিছে৷ বিশ্বৰ আগশাৰীৰ সমৰ বিশাৰদে এই ভাৰত-মাৰ্কিন চুক্তিক প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙৰ দিনত সম্পাদিত হোৱা অসামৰিক পাৰমাণবিক চুক্তিৰ পাছতে স্থান দিছে৷ মোদী চৰকাৰে আৰম্ভ কৰা ছেমিকণ্ডাক্টৰ অভিযানে এই প্ৰকল্প সামৰি ল’ব৷ বিশ্বৰ সকলো ৰাষ্ট্ৰৰ ভিতৰতে ভাৰতৰই ধৰণৰ প্ৰথম প্ৰকল্পটোক ‘অন্যতম অগ্ৰণী মাল্টি মেটেৰিয়েল ফেব্ৰিকেচন’ বুলি মোদী-বাইডেনৰ যুটীয়া বিবৃতিত উল্লেখ কৰা হৈছে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, নিজৰ দেশৰ বাহিৰত উৎপাদন হ’বলগীয়া প্ৰযুক্তিগত সামগ্ৰী এইবাৰেই প্ৰথমবাৰৰ বাবে মাৰ্কিন সামৰিক বাহিনীয়ে ব্যৱহাৰ কৰিবলৈ সন্মত হৈছে৷ সেয়ে কলকাতাৰ এই প্ৰকল্পক ‘ৰাষ্ট্ৰীয় সুৰক্ষা’ৰ অন্তৰ্গত কৰি লোৱা হৈছে৷