Logo
image

উচ্ছ শিক্ষাত ৰাজনৈতিক হস্তক্ষেপ গ্ৰহণযোগ্যনে

অসমত উচ্ছ শিক্ষা বুলিলে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটোকে বুজোৱা হয়৷ বৰ্তমান অসমত থকা প্ৰাদেশিক মহাবিদ্যালয়ৰ সংখ্যা ৩৫১খন আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সংখ্যা ১৪খন৷ সেইদৰে ব্যক্তিগত আৰু চৰকাৰী দুয়োটা ব্যৱস্থাত থকা মহাবিদ্যালয়ৰ সংখ্যা প্ৰায় ৭৩১খন আৰু বিশ্ববিদ্যালয়ৰ সংখ্যা ২৬খন৷  অসমত উচ্ছ শিক্ষাৰ ভেটিস্বৰূপ প্ৰাদেশিকীকৃত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পূৰ্ণ নিয়ন্ত্ৰণৰ দায়িত্বত আছে ৰাজ্য চৰকাৰ৷ এই মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ একালত আছিল স্বকীয় অস্তিত্ব, কিন্তু ৰাজ্যত হোৱা ৰাজনৈতিক পট পৰিৱৰ্তনে যেন সলনি কৰিলে কৰ্মপদ্ধতি৷ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা প্ৰদানৰ বাবদ বৰ্তমান চৰকাৰে প্ৰতিটো খোজতে হস্তক্ষেপ কৰে এই শিক্ষানুষ্ঠানসমূহক৷ জুলাই মাহৰ পৰা মহাবিদ্যালয়সমূহত আৰম্ভ হোৱা স্নাতক প্ৰথম বৰ্ষৰ নামভৰ্তিত উচ্ছ শিক্ষা বিভাগৰ আছিল পূৰ্ণাংগ নিয়ন্ত্ৰণ৷ নামভৰ্তিৰ বাবে দিন নিৰ্ধাৰণ, মাচুল নিৰ্ধাৰণ ইত্যাদি সকলো কৰ্মত মহাবিদ্যালয়সমূহে আখৰে আখৰে পালন কৰিব লাগিছিল চৰকাৰী নিৰ্দেশনা৷ চৰকাৰী নিৰ্দেশনা পালনত সামান্যতম পলম কৰিলেই অনুশাসনমূলক ব্যৱস্থাৰ মাজলৈ লৈ অহা হৈছিল মহাবিদ্যালয়ৰ অধ্যক্ষসকলক৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বৰ্তমান চৰকাৰে অসমৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহৰ পৰিচালনাৰ ক্ষেত্ৰত কৰা অহেতুক হস্তক্ষেপে ৰাজনৈতিক হাতোৰা মৰাৰ দৰে হৈছে৷অসমৰ মহাবিদ্যালয়সমূহৰ পৰিচালনাৰ দায়িত্বত থকা অধ্যক্ষৰ পদটোত নিযুক্তিৰ নামত বৰ্তমান চৰকাৰে চলাই অহা কিছু কৰ্মকাণ্ডই হতাশ কৰিছে অসমৰ বৌদ্ধিক মহলক৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশাৱলী মতে, বৰ্তমান ভাৰতৰ প্ৰতিখন মহাবিদ্যালয়ত অধ্যক্ষৰ নিযুক্তি হয় পাঁচ বছৰৰ বাবে৷ ২০১৮ চনৰ পৰা অসমতো প্ৰৱৰ্তন কৰা হয় পাঁচ বছৰীয়া কাৰ্যকালৰ অধ্যক্ষৰ নিযুক্তি৷ পৰিতাপৰ কথা যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে নিজৰ খেয়াল-খুচি মতে একাংশ অধ্যক্ষক কাৰ্যকাল শেষ হোৱাৰ বাবে ঘূৰাই পঠাইছে নিজ নিজ সহযোগী অধ্যাপক পদলৈ আৰু আন একাংশক নীতিবহিৰ্ভূতভাৱে অনুমতি প্ৰদান কৰিছে অধ্যক্ষৰ পদটোত কাৰ্যনিৰ্বাহ কৰিবলৈ৷ প্ৰকৃততে বৰ্তমান অসমৰ উচ্ছ শিক্ষা বিভাগটোত প্ৰতিটো দিনতেই বাহিৰ হয় অধ্যক্ষ নিযুক্তিৰ নতুন নতুন নিয়মাৱলী৷ চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ লগত সু-সম্পৰ্ক থকা অধ্যক্ষক বিনা সাক্ষাৎকাৰত দ্বিতীয়টো কাৰ্যকালৰ বাবে নিযুক্তি দিয়াৰ উদাহৰণ আহি পৰিছে৷ প্ৰথমটো কাৰ্যকাল সমাপ্তিৰ পাছত দ্বিতীয় কাৰ্যকাল পাবলৈ অধ্যক্ষজনৰ চাকৰিৰ ম্যাদ পাঁচ বছৰ থকাটো নিয়ম আছিল যদিও কোনোবাজন অধ্যক্ষক ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰে সলনি কৰিছে নিজৰ নিৰ্দেশাৱলী

২০২১ চনৰ পৰা অসমৰ উচ্ছ শিক্ষা বিভাগৰ দায়িত্বত থকা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অধ্যক্ষৰ নিযুক্তিৰ ক্ষেত্ৰত কিয় চৰকাৰী আইন-কানুনবোৰ নিশাটোৰ ভিতৰতে সলনি কৰে তাক লৈও সৰৱ আলোচনা অসমৰ মহাবিদ্যালয়সমূহত৷ মহাবিদ্যালয়ৰ শিক্ষকক নিয়মিত শ্ৰেণীকোঠাত উপস্থিত থাকিবলৈ বাধ্য কৰোৱা উচ্ছ শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ এজন সহকাৰী অধ্যাপকক বিশেষ কৰ্তব্যৰত বিষয়াৰ পদত নিযুক্তি দি থকা কথাটো কিমান গ্ৰহণযোগ্য? মহাবিদ্যালয় এখনৰ এনে সহকাৰী অধ্যাপকে বিভিন্ন সময়ত মহাবিদ্যালয়বোৰলৈ প্ৰেৰণ কৰা নিৰ্দেশৰ পত্ৰবোৰে বুজাই দিছে অধ্যক্ষৰ স্থানৰ কথা৷ পৰিতাপৰ কথা যে এইজন সহকাৰী অধ্যাপকৰ ওচৰত ন্যস্ত মহাবিদ্যালয়সমূহত নামভৰ্তিৰ সমুদায় দায়-দায়িত্ব৷ প্ৰশ্নটো হৈছে, অসম চৰকাৰৰ হাতত দক্ষ প্ৰশাসনিক বিষয়াৰ অভাৱ নেকি যে এখন মহাবিদ্যালয়ৰ এজন সহকাৰী অধ্যাপকৰ ওপৰত ন্যস্ত কৰা হৈছে প্ৰশাসনৰ দায়িত্ব? এখন চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি অধ্যাপকক চৰকাৰী কাৰ্যালয়ত সংস্থাপন কৰা কাৰ্যৰ গ্ৰহণযোগ্যতা কিমান তাৰ উত্তৰ হয়তো বিচাৰি নাপাব অসমৰ ৰাইজে৷অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ সংকল্প ৰাজহুৱাকৈ ঘোষণা কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যদিহে এনেবোৰ কৰ্মকাণ্ডক গোপনে সঁহাৰি জনাইছে, তেনেহ’লে ই হ’ব অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে দুৰ্ভাগ্যৰ কথা৷ অসমত ছাত্ৰ-ছাত্ৰীৰ উচ্ছ শিক্ষালৈ যোৱাৰ প্ৰৱণতা অতিকৈ পিছপৰা৷ চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয়বোৰত মুৰব্বীৰ নিযুক্তিত চলি থকা এনেবোৰ অনিয়মৰ বাবে নিশ্চিতভাৱে জবাবদিহি হ’ব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ অতীতৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত (২০০১-২০১৪) চলা ৰাজনৈতিক হস্তক্ষেপবোৰৰ পদাংক অনুসৰণ কৰি চলোৱা প্ৰশাসনে নিশ্চিতভাৱে প্ৰভাৱ পেলাব অনাগত দিনত৷ এখন চৰকাৰৰ ভেটি লৰোৱা একমাত্ৰ শক্তিশালী পক্ষটো হৈছে শিক্ষক সমাজ৷ শিক্ষক, শিক্ষানুষ্ঠান আদিৰ অতীতৰ গৰিমা ৰক্ষা কৰাৰ সুবিধা চৰকাৰেই প্ৰদান কৰিব লাগিব৷ কলেজ শিক্ষকৰ পদোন্নতিৰ নামত চলা অন্যায়, অধ্যক্ষৰ নিযুক্তিৰ নামত চলা নীতিবহিৰ্ভূত কামবোৰে চৰকাৰক কিমান সহায় কৰিব, সেয়া সময়তহে দেখা যাব৷