Logo
image

বিভিন্ন পেৰাচিটামলসহ ৫৩বিধ ঔষধ নিৰাপদ নহয়

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ ছেপ্টেম্বৰ : কেইবাবিধো পেৰাচিটামল, কেলচিয়াম, ভিটামিন-ডি, ডায়েবেটিছ প্ৰতিৰোধী টেবলেট, উচ্ছ ৰক্তচাপৰ ঔষধকে ধৰি সম্প্ৰতি প্ৰচলিত থকা মুঠ ৫৩বিধ ঔষধ দেশৰ ঔষধৰ নিয়ামক সংগঠন ‘চেণ্ট্ৰেল ড্ৰাগ্‌ছ ষ্টেণ্ডাৰ্ডছ কণ্ট্ৰ’ল অৰ্গেনাইজেশ্বন’ৰ মান নিৰ্ধাৰণ পৰীক্ষাত অসফল হৈছে৷ চিডিএছচিঅ নামৰ দেশৰ ঔষধৰ নিয়ামক সংগঠনটোৱে এই ৫৩বিধ ঔষধ ৰোগীৰ  ব্যৱহাৰৰ অযোগ্য বুলি নিষিদ্ধ কৰিছে৷ ৰোগীৰ শৰীৰৰ বাবে হানিকাৰক এই ৫৩বিধ ঔষধ দীৰ্ঘদিন ধৰি দেশত প্ৰচলন হৈ আছিল, অৰ্থাৎ ৰোগীয়ে সেৱন কৰি আছিল৷ চিডিএছচিঅৰ নিয়মীয়া পৰীক্ষাত এই ৫৩বিধ ঔষধে যোগ্যতা ধৰি ৰখাত ব্যৰ্থ হোৱা প্ৰমাণিত হৈছে৷ ঔষধৰ নিয়ামক সংস্থাটোৰ এই ঘোষণাত চিকিৎসক, হাস্পতাল আৰু ঘাইকৈ এনে ঔষধ নিয়মিত সেৱন কৰি থকা ৰোগী তথা পৰিয়ালৰ মাজত প্ৰৱল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷


কিয়নো মানবিশিষ্ট নহয় বুলি নজনাৰ বাবে চিকিৎসকে দীৰ্ঘদিন ধৰি এই ঔষধ ৰোগীক দি আছে, হাস্পতালেও খুৱাই আছে আৰু ৰোগীয়েও খাই আছে৷ ফলত ৰোগী সুস্থ হোৱাৰ বিপৰীতে কিছুমান লোভী, দায়িত্বজ্ঞানহীন ঔষধ কোম্পানীৰ বাবে  ক্ষতি হৈ আছে৷ এই ৫৩বিধ ঔষধৰ ভিতৰত ভিটামিন-চি আৰু ডি-৩ টেবলেট ‘শ্বেলকেল’ ‘ভিটামিন বি কমপ্লেক্স আৰু চি ‘ছফ্‌টজেল্‌ছ’, এণ্টাচিড ‘পেন ডি’, পেৰাচিটামল ‘আই পি ৫০০ এম জি’, ডায়েবেটিছ প্ৰতিৰোধী ‘গ্লিমেপাইৰাইড’, উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰক ‘টেলমিচাৰটেন’ ইত্যাদি আছে৷ সৰ্বাধিক অযোগ্য ঔষধ আছে জ্বৰত ব্যৱহাৰ হোৱা পেৰাচিটামলজাতীয়৷ ঘাইকৈ হেটেৰ’ ড্ৰাগ্‌ছ, এলকেম লেৱৰেটৰীজ, হিন্দুস্তান এণ্টিবাৰ্য়টিক্‌ছ লিমিটেড, কৰ্ণাটক এণ্টিবাৰ্য়টিক্‌ছ এণ্ড ফাৰ্মাচিউটিকেল্‌ছ, মেগা লাইফছায়েন্সেচ, কিঅ’ৰ হেল্‌থ কেয়াৰ কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধেই যোগ্যতা পৰীক্ষা ব্যৰ্থ হৈছে৷