Logo
image

পৰীক্ষাৰ্থীক পৰীক্ষা কৰিবলৈ স্কেনাৰ, জোতাৰ সলনি চেণ্ডেল পিন্ধাৰ পৰামৰ্শ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্ৰ্টাৰ, ২৬ ছেপ্টেম্বৰ : এডিআৰই পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীয়ে নিজৰ নিজৰ অ’এমআৰ ছিট চাব পাৰিব৷ পৰ্টেলত ৫০ টকা মাছুল দি আবেদন কৰিলে চাব পাৰিব নিজৰ অ’ এম আৰ ছিট৷ ১৫ ছেপ্টেম্বৰৰ পৰীক্ষাত যিসকলে অৱতীৰ্ণ হৈছিল তেওঁ আৰু নিজৰ অ’এমআৰ ছিটখন ল’ব পাৰিব৷ ২৭ ছেপ্টেম্বৰ পৰা আবেদন গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ আবেদনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি অ’এমআৰ ছিট নিৰ্দিষ্ট ইমেইলত পঠিয়াই দিয়া হ’ব৷ ১৫ ছেপ্টেম্বৰৰ পৰীক্ষাৰ এনছাৰ কী ২৮ ছেপ্টেম্বৰত ছেবাৰ ৱেব ছাইটত আপলোড কৰা হ’ব৷ এনছাৰ কীক লৈ কাৰোবাৰ আপত্তি থাকিলে সেয়াও ছেবাক যদি জনোৱা যায় ছেবাই বিচাৰ-বিবেচনা কৰিব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদ মেলযোগে এই কথা সদৰি কৰে৷ সেই সন্দৰ্ভত চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ নিযুক্তি আয়োগে জাননী জাৰি কৰিছে৷ ২৯ ছেপ্টেম্বৰ দেওবাৰে অনুষ্ঠিত হ’ব এডিআৰইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা৷


দেওবাৰে অনুষ্ঠিত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাক লৈয়ো নীতি-নিৰ্দেশনা জাৰি কৰিছে আয়োগে৷ সেইমতে পৰীক্ষাৰ ডেৰঘণ্টা পূৰ্বে পৰীক্ষাকেন্দ্ৰত উপস্থিত হ’ব লাগিব পৰীক্ষাৰ্থী৷ প্ৰৱেশদ্বাৰ বন্ধ হোৱাৰ পাছত কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষাৰ্থী৷ এডমিট কাৰ্ড অবিহনে পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷ পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ডৰ উপৰি দেখুৱাব লাগিব পৰিচয় পত্ৰ৷ মেটেল ডিটেক্টৰৰ জৰিয়তে প্ৰতিজন পৰীক্ষাৰ্থীক স্কেন কৰা হ’ব অথবা মেনুৱেলীও হ’ব পৰীক্ষাৰ্থীৰ তালাচী৷ খৰটকীয়া তালাচীৰ সুবিধাৰ বাবে জোতাৰ সলনি চেণ্ডেল হাতছুটি পোছাক পিন্ধি অহাৰ পৰামৰ্শ দিয়া হৈছে৷ পৰীক্ষাৰ্থীয়ে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, সামান্য নগদ ধন, পানীৰ বটল নিব পাৰিব৷ খোৱাপানীৰ বটলত থাকিব নালাগিব কোনোধৰণৰ লেবেল৷ পৰীক্ষাৰ পাছত ঘৰলৈ লৈ যাব পাৰিব প্ৰশ্নকাকত৷