Logo
image

মোদীয়ে কেতিয়া অৱসৰ ল’ব

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ ছেপ্টেম্বৰ : কেইদিনমান পূৰ্বে যন্তৰ-মন্তৰৰ ৰাজহুৱা সভাৰ পৰা আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক কৰা প্ৰশ্ন এইবাৰ অৰিবন্দ কেজৰিৱালে পোনপটীয়াকৈ কৰিছে সংঘ-প্ৰধানক৷ কেজৰিৱালে এইবাৰ মোহন ভাগৱতলৈ এখন পত্ৰ লিখি সেই ৫টা প্ৰশ্ন কৰিছে৷ য’ত অগ্ৰাধিকাৰ লাভ কৰিছে নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক অৱসৰ প্ৰসংগই৷ এতিয়া ৭৩ বছৰীয়া মোদীয়ে ৭৫ বছৰ বয়সত ৰাজনীতিৰ পৰা অৱসৰ ল’বনে নলয়, সেইক্ষেত্ৰত ভাগৱতৰ স্থিতি কি আৰু বিজেপিৰ সভাপতি জেপি নড্ডাই এতিয়া বিজেপিক আৰ এছ এছৰ সহায়-সমৰ্থনৰ প্ৰয়োজন নাই বুলি কোৱা প্ৰসংগ উত্থাপন কৰি কেজৰিৱালে সেই সংঘাত ৰাজহুৱা কৰাত গুৰুত্ব দিয়েই এই পত্ৰ প্ৰেৰণ কৰা বুলি ধাৰণা কৰা হৈছে৷ মোহন ভাগৱতৰ পৰা তেওঁক উত্তৰ লাগিবই বুলিও কেজৰিৱালে পত্ৰত দাবী কৰিছে৷  মোহন ভাগৱতলৈ কেজৰিৱালৰ ৫টা প্ৰশ্ন–১) বিজেপিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰি অবিজেপি চৰকাৰ ভঙাটো আৰ এছ এছে সমৰ্থন কৰেনে? ২) বিজেপিয়ে দলৰ নেতাৰ অৱসৰৰ বয়স ৭৫ বছৰ কৰাৰ পাছতো সেই নীতি আদৱানি, মুৰলী মনোহৰ যোশী, কালৰাজ মিশ্ৰৰ দৰে নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য নোহোৱাটো মোহন ভাগৱতে সমৰ্থন কৰেনে? ৩) আন দলৰ নেতাক প্ৰথমে দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰি পাছত বিজেপিয়ে সেই নেতাক দলত স্থান দিয়াটো আৰ এছ এছে সমৰ্থন কৰেনে? ৪) বিজেপিৰ সভাপতি জে পি নড্ডাই এতিয়া বিজেপিক আৰ এছ এছৰ প্ৰয়োজন নথকা বুলি কোৱা বক্তব্য আৰ এছ এছে সমৰ্থন কৰেনে? ৫) বিজেপিৰ সাম্প্ৰতিক ৰাজনৈতিক কৌশল আৰু কৰ্মপন্থা আৰ এছ এছে সমৰ্থন কৰেনে?


মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি লৈয়েই অৰবিন্দ কেজৰিৱালে যোৱা দেওবাৰে  বিজেপিৰ বিৰুদ্ধে শাণিত আক্ৰমণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ সাম্প্ৰতিক কাৰ্যকলাপক লক্ষ্য কৰি লৈছিল৷ আৰ এছ এছৰ গৰ্ভতে জন্ম হৈ এতিয়া বিজেপিয়ে তেওঁলোকৰ আদৰ্শগত সংগঠনটোক কিয় তুচ্ছ-তাচ্ছিল্য কৰে বুলি কেজৰিৱালে প্ৰশ্ন কৰাৰ লগতে বিজেপিত ৭৫ বছৰত অৱসৰ লোৱাৰ নীতি নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত কিয় কাৰ্যকৰী নহয় বুলি প্ৰশ্ন উত্থাপন কৰিছিল৷ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত যন্তৰ মন্তৰত আয়োজিত ‘জনতা কি আদালত’ শীৰ্ষক ৰাজহুৱা সভাত কৰা অৰবিন্দ কেজৰিৱালৰ এই আক্ৰমণে বিজেপিৰ অভ্যন্তৰত জোকাৰণিৰ সৃষ্টি কৰিছিল৷ তেওঁ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতলৈ বিজেপিৰ কাৰ্যকলাপক লৈ পাঁচটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এৰি দিছিল৷ ৭৫ বছৰ হোৱাৰ বাবে লালকৃষ্ণ আদৱানীৰ দৰে নেতাক অৱসৰ দিলেও সেই একেই নীতি নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি অমিত শ্বাহে কিয় ৰাজহুৱা ঘোষণা কৰিলে, সেই লৈ অৰবিন্দ কেজৰিৱালে প্ৰশ্ন কৰিছিল৷ তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কিছুদিন পূৰ্বে এতিয়া বিজেপিক আৰ এছ এছৰ ছত্ৰছাঁয়াৰ প্ৰয়োজন নথকা বুলি কৰা মন্তব্য কৰি এয়া মাতৃৰ প্ৰতি পুত্ৰৰ অহংকাৰ প্ৰদৰ্শনৰ দৰে ঘটনা বুলি দাবী কৰে৷ কেজৰিৱালে কৈছিল, বিজেপি আৰু মোদীয়ে তেওঁক দুৰ্নীতিগ্ৰস্ত বুলি প্ৰমাণ কৰাৰ চেষ্টা চলাই আছে৷ এই দিশত মোদী সফল নহ’ব বুলি তেওঁ দাবী কৰিছিল৷ মোদীৰ অৱসৰক লৈ কৰা প্ৰশ্ন বিজেপিৰ বাবে স্পৰ্শকাতৰ হৈ পৰাৰ বাবেই কেজৰিৱালে বাৰে বাৰে এই প্ৰশ্নৰে দলটোৰ দুৰ্বলতাত আঘাত হানিছে৷ আনহাতে বিজেপিৰ আদৰ্শগত নেতৃস্থানীয় সংগঠন আৰ এছ এছৰ সৈতে সংঘাত সৃষ্টি কৰাটো ৰাজনৈতিক লাভালাভ বাবেই তেওঁ আৰ এছ এছৰ মুৰব্বীলৈ ৫টা প্ৰশ্ন এৰি দিছে৷