Logo
image

কৃষক আইন পুনৰ বলৱৎ কৰাৰ দাবী কংগনাৰ, দেশজুৰি বিতৰ্ক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ ছেপ্টেম্বৰ: এবছৰজোৰা আন্দোলনৰ অন্তত মোদী চৰকাৰে ২০২১ চনৰ ১ ডিচেম্বৰত প্ৰত্যাহাৰ কৰা তিনিখন বিতৰ্কিত কৃষি আইন পুনৰ বলবৎ কৰা উচিত বুলি কৈ মাণ্ডিৰ বিজেপিৰ সাংসদ কংগনা ৰাণাৱতে চৰম বিতৰ্কৰ সৃষ্টি কৰিছে৷ বিজেপিয়ে দলৰ সাংসদগৰাকীৰ মন্তব্যৰ পৰা নিজকে নিলগাই নিয়াৰ চেষ্টা চলালেও বিতৰ্কই ক্ৰমাত আগ্ৰাসী ৰূপ লৈছে৷ মোদী চৰকাৰে এনেদৰে দলীয় সাংসদৰ দ্বাৰা কৃষি আইন তিনিখনৰ সমৰ্থনত মন্তব্য কৰাই ৰাজহুৱা প্ৰতিক্ৰিয়া অনুভৱ কৰি প্ৰত্যাহাৰ কৰা আইন তিনিখন পুনৰ বলবৎ কৰাৰ ফন্দি পতা বুলিও সন্দেহৰ উদ্ৰেক ঘটিছে৷ লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বিজেপি সাংসদ কংগনা ৰাণাৱতৰ বক্তব্যৰ বিৰোধিতা কৰি সেই ক’লা আইন পুনৰ প্ৰণয়ন নকৰিবৰ বাবে বিজেপি চৰকাৰক সকিয়াই দিছে৷ যদিহে বিজেপি চৰকাৰে প্ৰত্যাহাৰ কৰা বিতৰ্কিত কৃষি আইন তিনিখন পুনৰ প্ৰণয়ন কৰে তেন্তে বিৰোধী জোঁট ‘ইণ্ডিয়া’ই দেশজুৰি আন্দোলন কৰিব বুলি মোদী চৰকাৰক সকিয়াই দিছে৷ ৰাহুল গান্ধীয়ে কয়– ‘বিজেপিৰ এনেদৰে পৰীক্ষা কৰাৰ অভ্যাস আছে৷ তেওঁলোকে দলৰ কাৰোবাক এনেধৰণৰ বক্তব্য ৰাজহুৱাকৈ ক’বলৈ দায়িত্ব দিয়ে৷


তাৰ পাছত তেওঁলোকে ৰাইজৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰে৷ এতিয়া দলৰ এগৰাকী সাংসদে একেখন চৰকাৰেই প্ৰত্যাহাৰ কৰা কৃষি আইন তিনিখন পুনৰ বলবৎ কৰিব লাগে বুলি কৰা মন্তব্যৰ অন্তৰ্নিৰ্হিত উদ্দেশ্য আছে আৰু এই বক্তব্যৰ গুৰুত্ব আছে৷ সেয়ে মই প্ৰধানমন্ত্ৰী মোদীজীক প্ৰকৃত সত্য কি সেয়া পৰিস্কাৰ কৰিবলৈ আহ৩ান জনাইছোঁ৷’ তেওঁ পুনৰ কয়– ‘চৰকাৰী নীতি কোনে নিৰ্ধাৰণ কৰে? চৰকাৰী দলৰ এগৰাকী সাংসদে শীৰ্ষ নেতৃত্বৰ পৰা প্ৰশ্ৰয় নাপালে প্ৰত্যাহাৰ কৰা ক’লা আইন এনেদৰে পুনৰ বলবৎ কৰিব লাগে বুলি ক’ব পাৰেনে? পঞ্জাব-হাৰিয়ানাৰ ৭০০ কৃষক আন্দোলনত শ্বহীদ হোৱাৰ পাছতো বিজেপি সন্তুষ্ট নহয়৷’মাণ্ডিৰ এক অনুষ্ঠানত মঙলবাৰে কংগনা ৰাণাৱতে কৈছিল– ‘কৃষকসকল দেশৰ উন্নতিৰ শক্তিৰ স্তম্ভ৷ কেইখনমান ৰাজ্যইহে মোদী চৰকাৰে প্ৰণয়ন কৰা কৃষি আইনৰ বিৰোধিতা কৰিছিল৷ তেওঁলোকৰ বিশেষ উদ্দেশ্য নাছিল৷ মই কৰযোৰে অনুৰোধ জনাওঁ, এই আইন তিনিখন কৃষকৰ স্বাৰ্থত পুনৰ প্ৰণয়ন কৰক৷’ প্ৰসংগতঃ, কিছুদিন পূৰ্বে কংগনা ৰাণাৱতে কৃষক আন্দোলনত যেনি তেনি ধৰ্ষণ হোৱা আৰু মৃতদেহ ওলমি থকা বুলি মন্তব্য কৰি বাংলাদেশৰ শেহতীয়া গণ আন্দোলনৰ সৈতে কৃষক আন্দোলনৰ তুলনা কৰিছিল৷ তেওঁ কৃষক আন্দোলনক তেতিয়া আৰু এতিয়াও খালিস্তানী আন্দোলন বুলি অভিহিত কৰি আহিছে৷