Logo
image

এলন মাস্ক-জৰ্জিয়া মেল’নিৰ প্ৰেমৰ গুঞ্জনত তোলপাৰ বিশ্ব

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,২৬ ছেপ্টেম্বৰ : ইটালিৰ ৰূপৱতী প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি আৰু মাৰ্কিন ধনকুবেৰ এলন মাস্কে ডেটিং কৰা বুলি প্ৰকাশিত খবৰে হঠাতে ইণ্টাৰনেট ‘অভাৰড্ৰাইভ’ কৰি তুলিছে৷ দুয়ো একেলগে চকুত চকু থৈ ৰোমাণ্টিক ভংগীত ‘কেণ্ডেল লাইট ডিনাৰ’ত মিলিত হোৱা আৰু ধনাঢ্য সুপুৰুষ এলন মাস্কৰ সৈতে সুন্দৰী প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি বাহুলগ্লা হৈ থকা ফটো প্ৰকাশ হোৱাৰ লগে লগে ‘অভাৰড্ৰাইভ’ হৈ পৰিছে এণ্টাৰনেট৷ এলন মাস্ক আৰু জৰ্জিয়া মেল’নিৰ প্ৰেমৰ গুঞ্জনে স্বাভাৱিকতে বিশ্ব তোলপাৰ কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই ৰোমাণ্টিক মুহূৰ্তৰ ফটোসমূহ এক্স হেণ্ডলত আপলোড কৰিছে টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কৰ অন্য এটা কোম্পানীয়ে, য’ৰ কেপচনত নেটিজেনলৈ এৰি দিয়া হৈছে প্ৰশ্ন– ডু ইউ থিংক ডে আৰ ডেটিং? তোমালোকে ভাৱানে, দুয়ো ডেটিঙত মিলিত হোৱা বুলি? সুন্দৰী নাৰী আৰু চেলেব্ৰিটী মহিলা বছৰ বছৰ ধৰি এলন মাস্কৰ ‘চিকাৰ’ হৈ আহিছে৷ হলীউডৰ যৌনতাৰ প্ৰতীক এম্বাৰ হাৰ্ডৰ সৈতে এসময়ত নিবিড় সম্পৰ্কত জড়িত হৈ পৰা এলন মাস্কে অলপতে হলীউডৰ উদ্ভিন্ন যৌৱনা অভিনেত্ৰী টেইলৰ ছুইফটক এটা সন্তান লাগে নেকি বুলি কৈ তীব্ৰ বিতৰ্কৰ সূচনা কৰিছিল৷


নাৰীৰ ক্ষেত্ৰত এলন মাস্কৰ অলপো সুনাম নাই, কেৱল দুৰ্নাম৷ ১২টা সন্তানৰ পিতৃ এলন মাস্কৰ বিবাহিতা পত্নীয়েই আছিল ৫ গৰাকী৷ বিখ্যাত লেখিকা জাষ্টিন উইল্‌ছন, অভিনেত্ৰী টলুৱা ৰিলে, গায়িকা গ্ৰিমেছ, ছিভ’ন জিল আৰু নিক’ল ছানাহান আছিল এলন মাস্কৰ বিবাহিতা পত্নী৷ তাৰ উপৰি অন্যান্য নৰ্মসখীৰ পৰাও আছে তেওঁৰ সন্তান৷তেনে এক পুৰুষৰ সৈতে এগৰাকী ৰাষ্ট˜প্ৰধানৰ ডেটিঙৰ খবৰে স্বাভাৱিকতেই ইণ্টাৰনেটত বিদ্যুৎ সঞ্চাৰ কৰিছে৷ তাতে ইটালিৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নি অসামান্য ৰূপৱতী৷ জৰ্জিয়া মেল’নিৰো একাধিক পুৰুষৰ সৈতে সম্পৰ্ক আছে৷ এলন মাস্ক আৰু জৰ্জিয়া মেল’নি মঙলবাৰে মিলিত হৈছিল ‘আটলাণ্টিক কাউন্সিল গ্ল’ৱেল চিটিজেন এৱাৰ্ড’ অনুষ্ঠানত৷ সেই অনুষ্ঠানৰ শেষত ডিনাৰত দুয়ো এখন টেবুল ‘শ্বেয়াৰ’ কৰিছিল৷ নৈশাহাৰৰ মুহূৰ্তত যিদৰে জৰ্জিয়া মেল’নিয়ে এলন মাস্কলৈ তৃষ্ণাতুৰ হৰিণীৰ দৰে দৃষ্টি নিক্ষেপ কৰিছিল, সেই ফটোৱেই দুয়ো সম্পৰ্কত জড়িত হৈ পৰাৰ ইংগিত বহন কৰা বুলি বিশদ বিশে¡ষণ আৰম্ভ হৈছে৷ অনুষ্ঠানৰ অৱসৰত মেল’নি মাস্কৰ বাহুলগ্না হৈ থকাৰ ফটো কেৱল আকৰ্ষণীয়ই নহয়, ৰোমাণ্টিকভাৱে উত্তেজকো৷ নিজৰে মালিকানাধীন এক্স হেণ্ডলত ধুমুহাৰ গতিত প্ৰচাৰ হোৱা পোষ্টত এলন মাস্কে জৰ্জিয়া মেল’নিৰ সৈতে ডেটিং কৰাৰ কথা অস্বীকাৰ কৰিছে৷ কিন্তু তেওঁ জৰ্জিয়া মেল’নিক বৰ্ণনা কৰিছে– ‘তেওঁ এনে এগৰাকী নাৰী, যি বাহ্যিকভাৱে যিমান সুন্দৰী, তাতকৈ আন্তৰিকভাৱে অধিক সুন্দৰ৷ তেওঁ সৎ, বিশ্বাসী, যিটো সাধাৰণতে এই পৰ্যায়ৰ ৰাজনীতিকৰ ক্ষেত্ৰত দুষ্প্ৰাপ্য৷’