Logo
image

পূজাত চান্দা, শব্দদূষণ নিষিদ্ধ কৰিলে প্ৰশাসনে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ ছেপ্টেম্বৰঃ চাওঁতে চাওঁতে ধৰালৈ নামি আহিল শৰৎ! শৰৎ মানেই শাৰদীয় দুৰ্গা পূজা৷ হিন্দু ধৰ্মীয় পৰম্পৰাৰে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো দুৰ্গোৎসৱ উদ্‌যাপনৰ বাবে সাজু হৈছে পূজা কমিটীসমূহৰ লগতে চৰকাৰ-প্ৰশাসনো৷ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ সৰু-বৰ পাঁচ শতাধিক দুৰ্গা পূজা আয়োজনৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ বাধা- নিষেধাজ্ঞা আৰোপ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ 



লক্ষণীয়ভাৱে বিগত বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে পুৰণি পূজা কমিটীসমূহত বিত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ পূজাত চান্দা-বৰঙণি সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে মহানগৰ জিলা-প্ৰশাসনে৷ বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কাৰ্য বে-আইনী বুলিও সকীয়াই দিছে প্ৰশাসনে৷ চান্দাৰ লগতে পূজাৰ নামত শব্দ প্ৰদূষণো নিষিদ্ধ ঘোষণা কৰিছে৷ অনুভাষ যন্ত্ৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণ সম্পৰ্কীয় নীতি-নিয়ম মানি চলাৰ বাবে আয়োজক সমিতিসমূহক আহ্বান জনাইছে৷ নিশা ১০ বজাৰ পাছত অনুভাষ যন্ত্ৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূজা সমিতিসমূহলৈ মানি চলিব লগীয়া কেতবোৰ নীতি নিৰ্দেশনাৰ জাৰি কৰি অস্থায়ীভাৱে নিৰ্মাণ  কৰা পূজা মণ্ডপ, বৈদ্যুতিক সা-সৰঞ্জাম আদিৰ পৰা সকলো দৰ্শনাৰ্থীৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে৷ দুৰ্গা পূজা শান্তিপূৰ্ণভাৱে পালন হোৱাটো নিশ্চিত কৰিব লাগিব আয়োজক সমিতিয়ে৷ 

তদুপৰি দুৰ্গা পূজাৰ উৎসৱস্থলীক সকলো ধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা মুক্ত আৰু পৰিষ্কাৰকৈ ৰখাৰ বাবেও পৰামৰ্শ দিছে৷ জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ এক সুকীয়া স্থান নিৰ্দিষ্ট কৰি ৰাখিব লাগিব৷ যিকোনো জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰাৰ বাবে চিকিৎসককে ধৰি এটা চিকিৎসা গোটকো সষ্টম কৰি ৰাখিব লাগিব৷ পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰি সকলো স্বেচ্ছাসেৱককে সহজে চিনাক্ত কৰিব পৰা পৰিচয় পত্ৰ প্ৰদান কৰিব লাগিব৷ কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমন ঘটিলে আৰু পূজাস্থলীৰ সকলো কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ স্থানীয় আৰক্ষী থানাক অৱগত কৰিব লাগিব৷ পূজাস্থলীত মাদকদ্ৰব্য আৰু নিচাজাতীয় দ্ৰব্য নিষিদ্ধ কৰিব লাগিব৷ পূজাৰ পূৰ্বে পূজা সমিতিৰ সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ নাম সমীপৱৰ্তী আৰক্ষী থানাত দাখিল কৰিব লাগিব৷ স্থানীয় আৰক্ষীৰ লগত আলোচনা কৰি পূজাস্থলীৰ গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত চি চি টিভি কেমেৰাৰ ব্যৱস্থা কৰিব লাগিব৷ ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে প্ৰতিখন পূজা সমিতিয়ে একোটা ২৪*৭ সহায়ক কক্ষ স্থাপন কৰিব লাগিব৷ প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাৰ সময়ত কোনো ধৰণৰ ফটকা আদি ফুটোৱা কাৰ্যৰ পৰা বিৰতি থাকিব লাগিব৷ পূজা সমিতি? সমূহক সম্পৰ্কীয় সকলো বেনাৰ, হৰ্ডিং, পোষ্টাৰ, তোৰণ আদিত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈকো আহ্বান জনাইছে প্ৰশাসনে৷ তদুপৰি ৰাজহুৱা পথৰ ওপৰত পূজা পেণ্ডেল সাজিব নোৱাৰিব৷ পূজা মণ্ডপ, তোৰণ আদি বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত হ’ব নালাগিব৷ জনসাধাৰণে সুৰক্ষিত আৰু নিৰাপদে উৎসৱ উদ্‌যাপন কৰাটো নিশ্চিত কৰিবলৈ প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ ফোন নম্বৰো মুকলি কৰিছে৷ জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষঃ ০৩৬১-২৭৩৩০৫২, মাচুল বিহীন ফোন নম্বৰঃ ১০৭৭, আৰক্ষী নিয়ন্ত্ৰক কক্ষঃ ০৩৬১-২৪৬৪৫৫৭, ২৪৬১৫৫৬ আৰু ১০০, অগ্নি আৰু জৰুৰীকালীনসেৱা নিয়ন্ত্ৰণ কক্ষঃ ০৩৬১-২৭৩৬৮০, ২৭৩৫৯৩৩, ২৭৩৫৯৩৫, ৯৪৩৫৯-৬০৬১৮, গুৱাহাটী পৌৰ নিগম নিয়ন্ত্ৰণ কক্ষঃ ৮৮১১০০৭০০০, ৭৩৯৯০০৩০০১, ৭৩৯৯০০৩০০২, অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডঃ ৭০৮৬০৭৭৩৭৪, ৯৯৫৪১৯২১০৪, ৯৯৫৪১৯২১০৫ ৷ এন ডি আৰ এফ নিয়ন্ত্ৰণ কক্ষঃ ৯৪৩৫১১৭২৪৬ নম্বৰত যিকোনো সহায়ৰ বাবে যোগাযোগ কৰিব পাৰিব৷