Logo
image

মহৰ কামোৰৰ হাত সাৰিবলৈ ঘৰুৱা উপায়

আমাৰ অসম, ২৮ ছেপ্টেম্বৰঃ গ্ৰীষ্ম আৰু বাৰিষা কালত সন্মুখীন হোৱা এটা দৈনন্দিন সমস্যা হৈছে মহৰ উপদ্ৰৱ৷ পিছে মহৰ কামোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আছে কেইটামান সহজ তথা ঘৰুৱা উপায়৷ সাধাৰণতে মহৰ উপদ্ৰৱৰ ৰক্ষা পৰিবলৈ মানুহে বজাৰৰ পৰা কিনি অনা দৰৱ, ধূপ আদি ব্যৱহাৰ কৰে৷ কিন্তু ইয়াৰ পিছতো মহৰ আমনিৰ পৰা নিজকে ৰক্ষা পৰাটো সহজ হৈ নাথাকে৷ সেয়ে এই শিতানত মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ আগবঢ়োৱা হ’ল কেইটামান ঘৰুৱা তথা সহজ উপায়৷ নিমৰ তেল, কপূৰ্ৰ আৰু তেজপাতৰ সহায়ত মহ খেদিব পৰা যায়৷ নিমৰ তেলৰ সৈতে কপূৰ্ৰ মিহলাই এটা স্প্ৰে বটলত ভৰাই লওক৷ তাৰ পিছত কপূৰ্ৰ আৰু নিমতেল তেজপাতৰ ওপৰত স্প্ৰে কৰক৷ ইয়াৰ পিছতে সেই তেজপাত আপুনি জ্বলাই দিয়ক৷ তেজপাতৰ   জুইৰ পৰা নিৰ্গত হোৱা ধোঁৱাই মুহূৰ্ততে ঘৰৰ পৰা খেদি পঠিয়াব মহক৷ সেইদৰে নিমৰ তেলেৰে জ্বলাই লোৱা চাকিৰ সহায়তো আপুনি মহ খেদিব পাৰে৷  বিছনাৰ কিছু নিলগত নিমৰ তেলেৰে জ্বলোৱা চাকিত কপূৰ্ৰ মিহলালেও  নিশাটো আপুনি মহৰ কামোৰৰ পৰা হাত সাৰি থাকিব পাৰে৷ নাৰিকলৰ তেল, নিমতেল, লঙৰ তেল, আৰু নীলগিৰি তেল সমমাত্ৰাত মিহলাই শোৱাৰ আগে আগে গাত সানিলেও আপুনি মহৰ কামোৰৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে৷