Logo
image

এডিআৰ পৰীক্ষাৰ এছঅ’পি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ছেপ্টেম্বৰঃ দেওবাৰ, ২৯ ছেপ্টেম্বৰত পুনৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি ব’ৰ্ড চমুকৈ এছএলআৰচিৰ স্নাতক পৰ্যায়ৰ এডিআৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব৷ ইয়াৰ লগতে পাছবেলা ড্ৰাইভাৰ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব৷ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গত ৫২৯৯৮ গৰাকী আৰু ড্ৰাইভাৰ পদত ২০৪০৯১ গৰাকী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব৷ এই পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এছ এল আৰ চিয়ে প্ৰকাশ কৰিছে ২.০ এছঅ’পি৷ 



এই এছঅ’পি অনুসৰি পৰীক্ষাৰ ডেৰ ঘণ্টাৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব৷ পৰীক্ষাৰ্থীৰ পুংখানুপুংখ পৰীক্ষণ অবিহনে পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷ প্ৰৱেশদ্বাৰ বন্ধ হোৱাৰ পাছত কোনো পৰীক্ষাৰ্থীয়ে প্ৰৱেশ কৰিব নোৱাৰিব৷ লগত এডমিট কাৰ্ড আৰু পৰিচয় পত্ৰ নিয়াটো বাধ্যতামূলক৷ পইচা আৰু লেবেল নথকা পানীৰ বটল পৰীক্ষাকেন্দ্ৰৰ ভিতৰলৈ নিব পাৰিব৷ আৰক্ষী আৰু অনুমোদিত লোকৰ দ্বাৰা আৰু মেটেল ডিটেক্টৰৰ জৰিয়তে পৰীক্ষাৰ্থীক পৰীক্ষণ কৰা হ’ব৷ প্ৰাৰ্থীসকলক হাত চুটি পোছাক আৰু চেণ্ডেল পিন্ধি আহিবলৈ আহ্বান জনোৱা হৈছে৷ পৰীক্ষাৰ পাছতহে প্ৰাৰ্থীসকলে প্ৰশ্নকাকত লৈ যাব পাৰিব৷ পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই বিশেষ ট্ৰেইনৰ বৱ্যস্থা কৰা বুলিও এছঅ’পিত উল্লেখ কৰা হৈছে৷